• Talk To Astrologers
  • Brihat Horoscope
  • Ask A Question
  • Child Report 2022
  • Raj Yoga Report
  • Career Counseling
Personalized
Horoscope

মেষ 2024 ৰাশিফল: এষ্ট্ৰোকেম্পৰ মেষ ৰাশিফল পঢ়ক!

Author: Vijay Pathak | Last Updated: Sun 17 Sep 2023 2:19:00 PM

এষ্ট্ৰোকেম্পৰদ্বাৰা প্ৰদান কৰা মেষ 2024 ৰাশিফল (Mesh  2024 Rashifal) -য়ে মেষ ৰাশিৰ অধীনত জন্ম গ্ৰহণ কৰা জাতকসলকলৰ বাবে পূৰ্বানুমানসমূহ আগবঢ়াইছে। আগন্তুক বছৰটোৱে আপোনাৰ বাবে কি লৈ আনিছে সেয়া জানিবৰ বাবে আপুনি ইচ্ছুক নে? আপোনাৰ আৰ্তিক পৰিস্থিতি আৰু কেৰিয়াৰ অৱশেষত সুস্থিৰ হ’ব নে? 2024 বৰ্ষত আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কেনে আশা কৰিব? মেষ 2024 ৰাশিফল (Mesh  2024 Rashifal) য়ে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিব। বিস্তৃত তথ্য জানিবৰ বাবে শেষলৈকে পঢ়ক!

हिंदी मैं पढ़ने के लिए यहाँ क्लिक करें: मेष 2024 राशिफल

প্ৰিয় মেষ ৰাশিৰ জাতকসকল, মেষ 2024 ৰাশিফল (Mesh  2024 Rashifal) অনুসৰি, যোৱা 2023 বৰ্ষটো আপোনাৰ বাবে পৰিৱৰ্তনৰ বৰ্ষ আছিল। বৃহস্পতি আৰু শণিৰ দ্বৈত পৰিবহনৰ বাবে, আপোনাৰ লগ্ন গৃহ (মেষ) আৰু পঞ্চম গৃহ (সিংহ) সক্ৰিয় হৈ আছে। যি কি নহওক, যিসকল লোকে এতিয়াও দ্বৈত পৰিবহনৰ লাভজনক ফল প্ৰাপ্ত কৰা নাই তেওঁলোকে নিশ্চিতভাৱে বছৰটোৰ প্ৰথমাৰ্দ্ধত 1 মে’ পৰ্য্যন্ত ভাল ফল প্ৰাপ্ত কৰিব। 1 মে’, 2024 ৰ পিছত, বৃহস্পতি বৃষ ৰাশি আৰু আপোনাৰ দ্বিতীয় গৃহলৈ যাব। 

শণি গোটেই বৰ্ষটোৰ বাবে কুম্ভ ৰাশিত স্থিত হৈছে আৰু আপোনাৰ একাদশ গৃহত আছে। ৰাহু গোটেই বছৰটোৰ বাবে আপোনাৰ দ্বাদশ গৃহত স্থিত হৈছে আৰু কেতু ষষ্ঠ গৃহত স্থিত হৈছে। দ্বাদশ গৃহত ৰাহুৰ উপস্থিতিয়ে বহুতো অচিন ৰোগৰ সৃষ্টি কৰিব পাৰে। আপুনি বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰাৰ যোগ আছে, কিন্তু ঋণাত্মক কথাটো হ’ল আপোনাৰ ব্যয় বৃদ্ধি হ’ব, স্বাস্থ্যজনিত সমস্যায়ো বৃদ্ধি পাব, আৰু চিকিৎসকৰ ওচৰলৈ অকস্মাত যাবলগীয়া হ’ব পাৰে। সেয়েহে নিজৰ আৰু পৰিয়ালৰ সদস্যৰ সুস্বাস্থ্যৰ বাবে সতৰ্ক হৈ থাকক। ষষ্ঠ গৃহত কেতুৰ উপস্থিতিয়ে আপোনাৰ শত্ৰু আৰু বিৰোধীসকলৰ নাশ কৰিব।

আইন-কানুন আৰু অভিযোগৰ লগত জড়িত হৈ থকাসকলৰ বাবে এই সময়ছোৱা ভাল হ’ব বুলি মেষ 2024 ৰাশিফল (Mesh  2024 Rashifal) য়ে প্ৰকাশ কৰে, অৱশ্যে ইয়াৰ ফলত মোমায়েকৰ সৈতে সম্পৰ্কত বিঘিনি ঘটিব পাৰে অথবা জীৱনত কেতবোৰ সমস্যাই দেখা দিব পাৰে। সেয়েহে মেষ ৰাশিৰ জাতকসকলৰ জীৱনত বিকাশ লাভৰ ক্ষেত্ৰত  মে’ পৰ্য্যন্ত সময়ছোৱা ভাল হ’ব, আপোনাৰ ভাগ্যই আপোনাক লগ দিব আৰু আপুনি বৈদেশিক ভূমিৰ পৰা অসংখ্য সুযোগ প্ৰাপ্ত কৰিব।

লগ্ন গৃহত বৃহস্পতিৰ উপস্থিতিৰ বাবে আপোনাৰ ওজন বৃদ্ধি হ’ব পাৰে যদিহে আপুনি স্বাস্থ্যৰ যত্ন নলয়। মেষ 2024 ৰাশিফল (Mesh  2024 Rashifal) অনুসৰি,1 মে’ ৰ পিছত, বৃহস্পতিৰ সপ্তম প্ৰভাৱ আৰু শণিৰ দশম প্ৰভাৱৰদ্বাৰা আপোনাৰ অষ্টম গৃহ (বৃশ্চিক) সক্ৰিয় হ’ব, যি স্বাস্থ্যৰ ক্ষেত্ৰত বহুতো সমস্যাৰ উদ্ভৱ কৰিব পাৰে। যদিহে কোনো ব্যক্তিৰ দসা অনুকূল নহয়, তেতিয়া এই সময়ছোৱাত যথেষ্ট অনিশ্চয়তা, স্বাস্থ্যজনিত সমস্যা, আৰু অবাঞ্চিত সমস্যাৰ উদ্ভৱ হ’ব পাৰে। গতিকে,  মেষ ৰাশিৰ জাতকসকলে বছৰটোৰ দ্বিতীয়াৰ্দ্ধত সাৱধান হৈ থকা উচিত আৰু বছৰটোৰ প্ৰথমাৰ্দ্ধ জীৱনৰ উন্নতি, সুস্বাস্থ্য আৰু সুখ-আনন্দৰ বাবে ব্যৱহাৰ কৰা উচিত। 

সকলোবোৰ বিস্তৃতভাৱে জানিবৰ বাবে, এষ্ট্ৰোকেম্পৰদ্বাৰা প্ৰদান কৰা মেষ ৰাশিৰ ৰাশিফলত চকু ফুৰাওঁ আৰু 2024 বৰ্ষটোৱে মেষ ৰাশিৰ জাতকসকলক কি দিব সেয়া জানো আহক।

Click here to read in English: Aries 2024 Horoscope  

 

মেষ ৰাশি : আৰ্থিক জীৱন

প্ৰিয় মেষ ৰাশিৰ জাতকসকল, মেষ 2024 ৰাশিফল (Mesh  2024 Rashifal) অনুসৰি বছৰটোৰ আৰম্ভণিতে কিছু আৰ্থিক সংকট বা আকস্মিক লোকচান হ’ব পাৰে সেয়েহে আপুনি সেইক্ষেত্ৰত সতৰ্ক হৈ থাকিব লাগিব। 1 মে’ 2024 ত বৃষ ৰাশি আৰু আপোনাৰ দ্বিতীয় গৃহত বৃহস্পতিৰ পৰিবহনে নিশ্চিতভাৱে আপোনাৰ বেংক বেলেঞ্চ বৃদ্ধি কৰিব। অৱশ্য়ে, যিহেতু বৃহস্পতি আপোনাৰ দ্বাদশ গৃহৰ অধিপতি সেয়েহে সমান্তৰালভাৱে ই আপোনাৰ ব্যয়ো বৃদ্ধি কৰিব। সন্তান জন্ম, সন্তানৰ বিবাহ, অথবা বিদেশ যাত্ৰা, বা তীৰ্থ ভ্ৰমণ আদিৰ বাবে ধন ব্যয়হোৱাৰ সম্ভাৱনা আছে।

অন্যহাতে, মেষ 2024 ৰাশিফল (Mesh  2024 Rashifal) -য়ে প্ৰকাশ কৰে যে একাদশ গৃহৰ অধিপতি হিচাপে একাদশ গৃহত স্থিত শণিয়ে লাহে লাহে আৰু ক্ৰমান্বয়ে আপোনাৰ বিনিয়োগ বৃদ্ধি কৰাত সহায় কৰিব। অৱশ্যে, এই বৰ্ষটোত কোনো চমৎকাৰী পৰিৱৰ্তন বা আকস্মিক বৃদ্ধি আশা নকৰিব। একাদশ গৃহৰ অধিপতি হিচাপে একাদশ গৃহত শণিৰ পৰিবহন এক সাধাৰণ পৰিবহন নহয় আৰু এয়া ত্ৰিশ বছৰৰ পিছত হয়। গতিকে, এয়া বিনিয়োগ, আৰ্থিক লাভ, আকাংক্ষা পূৰণ, আৰু জীৱনৰ বাবে প্ৰভাৱশালী সংযোগৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ সময়। সেয়েহে অধিক চেষ্টা কৰক আৰু উন্নতিৰ বাবে সময়ছোৱাৰ সদব্যৱহাৰ কৰক।

দ্বিতীয় গৃহত বৃহস্পতি আৰু শুক্ৰৰ পৰিবহনৰ বাবে মে’ মাহটো আৰ্থিক লাভৰ ক্ষেত্ৰত অনুকূল হ’ব বুলি মেষ 2024 ৰাশিফল (Mesh  2024 Rashifal) য়ে কয়, কিন্তু তথাপিও এয়া আপোনাৰ আশা কৰা মতে নহ’ব কাৰণ এই সময়ছোৱাত শুক্ৰৰ দহন হ’ব। 18 ছেপ্তেম্বৰৰপৰা 12 অক্টোবৰলৈ সময়খিনি আৰ্থিক দিশৰ কোনো সিদ্ধান্ত গ্ৰহণ, বিনিয়োগ, বা অংশীদাৰিত্বৰ বাবে আটাইতকৈ অনুকূল সময়। 

ভৱিষ্যতৰ সকলোবোৰ মূল্য়বান অন্তৰ্দৃষ্টিৰ বাবেএষ্ট্ৰোচেজ বৃহ ৰাশিফল 

মেষ ৰাশি: স্বাস্থ্য

বছৰটোৰ প্ৰথমছোৱা আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ’ব। মেষ 2024 ৰাশিফল অনুসৰি, যেতিয়া আপোনাৰ লগ্ন গৃহৰ অধিপতি মঙ্গল উচ্চ অৱস্থানত থাকিব সেই সময়ছোৱা 5 ফেব্ৰুৱাৰীৰপৰা 15 মাৰ্চলৈকে, স্বাস্থ্য আৰু শাৰীৰিক কল্যাণৰ ক্ষেত্ৰত উত্তম হ’ব। আপোনাৰ প্ৰতিৰোধ ক্ষমতা, শক্তিৰ স্তৰ, আৰু শক্তি যথেষ্ট ভাল হ’ব আৰু জীৱনৰ সকলো ক্ষেত্ৰতে ইতিবাচক ফল প্ৰদান কৰিব।

প্ৰথম গৃহত বৃহস্পতিৰ উপস্থিতিৰ বাবে আপুনি 2023 বৰ্ষত স্বাস্থ্যক লৈ অসাৱধান হ’ব পাৰে, অস্বাস্থ্যকৰ খাদ্যাভ্য়াস গ্ৰহণ কৰিব পাৰে, আৰু ওজন বৃদ্ধি হ’ব পাৰে বুলি মেষ 2024 ৰাশিফল (Mesh  2024 Rashifal) য়ে প্ৰকাশ কৰিছে।  যদিহে আপুনি এনে কৰাটো অ্যাহত ৰাখে, তেনেহ’লে 1মে’ ৰপৰা, দ্বিতীয় গৃহত বৃহস্পতিৰ পৰিবহনৰ বাবে আৰু বৃহস্পতিৰ সপ্তম আৰু শণিৰ দশম প্ৰভাৱৰ ফলস্বৰূপে অষ্টম গৃহ সক্ৰিয় হোৱাৰ ফলত আপুনি আকস্মিকভাৱে স্বাস্ত্যজনিত সমস্য়াৰ সম্মুখীন হব পাৰে।

আপুনি 23 এপ্ৰিলৰপৰা 1 জুনলৈকে স্বাস্থ্যক লৈ যথেষ্ট সতৰ্কৱান হ’ব লাগিব, বিশেষকৈ মে’ মাহত। ইয়াৰ পিছত, মেষ 2024 ৰাশিফল অনুসৰি আপুনি 20 অক্টোবৰৰপৰা বছৰৰ শেষলৈকে সাৱধানে থাকিব লাগিব কাৰণ আপোনাৰ লগ্ন প্ৰভূ মঙ্গল এই সময়ছোৱাত হ্ৰাস পাব, সেয়েহে ই আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অশুভ প্ৰভাৱ পেলাব পাৰে।

মেষ ৰাশি: কেৰিয়াৰ

প্ৰিয় মেষ ৰাশিৰ জাতকসকল, মেষ 2024 ৰাশিফল (Mesh  2024 Rashifal) অনুসৰি যদি আপোনাৰ বৃত্তিগত জীৱন আৰু কেৰিয়াৰৰ কথা ক’বলৈ যোৱা যায় তেন্তে ক’ব পাৰি যে আপোনাৰ দশম গৃহৰ প্ৰভু হৈছে শনি আৰু ই মুলত্ৰিকোণ চিহ্ন কুম্ভৰাশি, আপোনাৰ একাদশ গৃহত 17 জানুৱাৰী, 2023 ৰ পৰা উপস্থিত আছে। সেয়েহে, আপুনি পূৰ্বে কৰা কঠোৰ পৰিশ্ৰমৰ ফলাফল লাভ কৰিব। অৱশ্যে, মেষ 2024 ৰাশিফল অনুসৰি, একাদশ গৃহত দশম গৃহৰ অধিপতি হিচাপে শণিৰ উপস্থিতি সাধাৰণ পৰিবহন নহয়। ই প্ৰতি ত্ৰিশ বছৰত হয়, সেয়েহে, বৃত্তিগত বিকাশ, আৰ্থিক লাভ, আকাংক্ষা পূৰণ, আৰু জীৱনৰ বাবে এক প্ৰভাৱশালী সংযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত এয়া আপোনাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ সময়, সেয়েহে অধিক প্ৰচেষ্টা কৰক আৰু আপোনাৰ বৃত্তিগত বিকাশৰ বাবে এই সময়ছোৱাৰ সদব্যৱহাৰ কৰক।

1 মে'ৰ পিছত যেতিয়া বৃহস্পতি বৃষ ৰাশি, আপোনাৰ দ্বিতীয় গৃহত প্ৰৱেশ কৰিব আৰু আপোনাৰ দশম গৃহত প্ৰভাৱ পেলাব। মেষ 2024 ৰাশিফল (Mesh  2024 Rashifal) -ৰ মতে, বৃহস্পতিৰ আশীৰ্বাদৰ ফলস্বৰূপে আপুনি বৃত্তিগত জীৱনত পদোন্নতি লাভ কৰিব, কিয়নো ই হৈছে আপোনাৰ নৱম আৰু দ্বাদশ গৃহৰ প্ৰভূ। লগতে, আপুনি পদোন্নতি আৰু আৰ্থিক লাভালাভৰ লগতে আপোনাৰ জীৱনলৈ কিছু পৰিৱৰ্তন অহাৰ আশা কৰিব পাৰে।

মেষ 2024 ৰাশিফলে প্ৰকাশ কৰে যে বছৰটোৰ প্ৰথমাৰ্দ্ধ আপোনাৰ বাবে আটাইতকৈ উৎপাদনশীল আৰু ব্যস্ত হ'ব কিয়নো এই সময়ছোৱাত অধিকাংশ গৰ্হেই আপোনাৰ দশম গৃহত পৰিবহন কৰিহ। নতুনকৈ কেৰিয়াৰ আৰম্ভ কৰিব বিচৰা স্নাতক উত্তীৰ্ণসকলে 15 জানুৱাৰীৰ পৰা 15 মাৰ্চৰ ভিতৰত তেওঁলোকৰ সৰ্বোচ্চ চেষ্টা কৰা উচিত, কিয়নো আপুনি এই সময়ছোৱাত সৰ্বশ্ৰেষ্ঠ সুযোগ আৰু সৌভাগ্য প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে।

আপোনাৰ ৰাজ-যোগৰ সময় জানিবৰ বাবে - এতিয়াই অৰ্ডাৰ কৰক: ৰাজ যোগ প্ৰতিৱেদন

মেষ ৰাশি: শিক্ষা

মেষ ৰাশিৰ জাতকসকলৰ এই মেষ 2024 ৰাশিফল (Mesh  2024 Rashifal) -য়ে কয় যে যোৱা বছৰৰ পৰাই, আপোনাৰ পঞ্চম গৃহটো এই বছৰো সক্ৰিয় হৈ থাকিব আৰু লগতে বৃহস্পতি আৰু শনিৰ দ্বৈত পৰিবহনৰ বাবে 1 মে' পৰ্য্যন্ত সক্ৰিয় হ'ব। তাৰ পিছত, বৃহস্পতিয়ে ইয়াৰ চিহ্ন মেষ ৰাশিৰ পৰা বৃষ ৰাশিলৈ সলনি কৰিব, সেয়েহে পঞ্চম গৃহৰ এই সক্ৰিয়কৰণ মেষ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে সাধাৰণভাৱে অনুকূল হ’ব।

মেষ 2024 ৰাশিফল অনুসৰি, শিক্ষাৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন প্ৰত্যক্ষ কৰিব, লগতে আপুনি আপোনাৰ শিক্ষক, পৰামৰ্শদাতা বা গুৰুৰপৰা সমৰ্থন আৰু আশীৰ্বাদ লাভ কৰিব। উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে পঞ্চম আৰু নৱম গৃহত বৃহস্পতিৰ প্ৰভাৱৰ বাবে 1 মে’ পৰ্য্যন্ত আটাইতকৈ ভাল ফল প্ৰাপ্ত কৰিব। পৰৱৰ্তীভাৱে, 16 আগষ্টৰ পৰা 16 ছেপ্টেম্বৰৰ মাজৰ সময়ছোৱা আপোনাৰ অধ্যয়নৰ বাবে অনুকূল হ'ব কিয়নো আপোনাৰ পঞ্চম প্ৰভু সূৰ্য ইয়াৰ নিজৰ ৰাশি আৰু আপোনাৰ পঞ্চম গৃহত পৰিবহন কৰিব।

ইয়াৰ পিছত, 17 অক্টোবৰৰ পৰা 16 নৱেম্বৰৰ মাজৰ সময়খিনিত সূৰ্য স্তিমিত হোৱাৰ বাবে অধ্যয়নৰ ক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে, অক্টোবৰ আৰু নৱেম্বৰ মাহ হৈছে উৎসৱৰ মাহ সেয়েহে উৎসৱৰ মনোভাৱৰ বাবে আপুনি কিছু অন্যমনস্ক হ'ব পাৰে। সেয়েহে মেষ ৰাশিৰ শিক্ষাৰ্থীসকল, আপুনি উৎসৱ-অনুষ্ঠান উপভোগ কৰাৰ লগতে আপোনাৰ অধ্যয়নত মনোনিৱেশ কৰাটো অতি জৰুৰী। গতিকে সামগ্ৰিকভাৱে, মেষ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে এই বছৰটো এটা অতি ভাল বৰ্ষ। একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু ইতিবাচকতাৰ দ্বাৰা, আপুনি আকাংক্ষিত ফলাফল প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব।

বিনামূলীয়া অনলাইন জন্ম ৰাশিফল

মেষ ৰাশি: পাৰিবাৰিক জীৱন

মেষ ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱন মজলীয়া হ'ব, য’ত অত্যন্ত বেয়া বা অত্যন্ত ভাল একো নহয়। কিন্তু বছৰটোৰ প্ৰথমাৰ্দ্ধত, আপুনি কামৰ বোজাৰ বাবে আপোনাৰ ঘৰুৱা দায়িত্ববোৰ উপেক্ষা কৰাৰ সম্ভাৱনা আছে, কিয়নো আপুনি বৃত্তিগত জীৱনৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰিব, এই দৰে মেষ 2024 ৰাশিফল (Mesh  2024 Rashifal) -য়ে প্ৰকাশ কৰে।

গুৰুত্বহীনতাৰ বাবে, আপুনি আপোনাৰ পৰিয়ালৰ সুখ-আনন্দ হেৰুৱাব পাৰে, সেয়েহে আপুনি এই দুয়োটাকে অগ্ৰাধিকাৰ দি দুয়োটাৰে মাজত ভাৰসাম্য আনিবলৈ চেষ্টা কৰা উচিত। জুলাইৰ মাজভাগৰ পৰা আগষ্টৰ মাজভাগলৈ আপুনি সন্তানৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে, তেওঁলোকৰ স্বাস্থ্য বা আচৰণজনিত সমস্যাই আপোনাক অশান্তি দিব পাৰে। আৰু বছৰৰ দ্বিতীয়াৰ্দ্ধত, আপুনি বিদেশৰ কোনো আত্মীয়ই আপোনাৰ ঘৰলৈ ফুৰিবলৈ আহিব পাৰে।

জুলাই মাহটো বছৰটোৰ আটাইতকৈ সুখী সময় হিচাপে প্ৰমাণিত হ'ব। এই মাহটোত আপোনাৰ ঘৰখন সুখেৰে উপচি পৰিব। আপুনি নিজৰ ঘৰৰ আৰাম আৰু সুখ-সুবিধাৰ বাবে অৰ্থ ব্যয় কৰিব। মেষ 2024 ৰাশিফল (Mesh  2024 Rashifal) অনুসৰি, বছৰটোৰ শেষলৈ 20 অক্টোবৰৰ পৰা, আপোনাৰ লগ্ন প্ৰভু মঙ্গল গ্ৰহ আপোনাৰ চতুৰ্থ গৃহত স্তিমিত হৈ আপোনাৰ বাবে এই সময়ছোৱাত সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু আপোনাৰ ঘৰুৱা সুখ-শান্তিত বাধা প্ৰদান কৰিব পাৰে,  আপোনাৰ বা আপোনাৰ মাতৃৰ অসুস্থতাৰ বাবেও এনে হ'ব পাৰে। পৰিয়ালত কোনো মতানৈক্য আৰু বিবাদ হ’ব পাৰে। ঘৰ আৰু বাহনৰ সুৰক্ষাৰ বাবে অতিৰিক্ত সতৰ্ক হোৱাটো প্ৰয়োজন। এই সময়ছোৱাত পাকঘৰত জুই লগাৰ দৰে কোনো ঘটনা সংঘটিত হ’ব পাৰে যদিহে আপোনাৰ জন্ম পত্ৰিকাত এন যোগ থাকে বা দশা সমস্যাজনক হয়।

 

আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ এতিয়াই লাভ কৰক : এগৰাকী বিদ্বান জ্যোতিষীক কোনো প্ৰশ্ন কৰক

মেষ ৰাশি: বিবাহিত জীৱন

মেষ ৰাশিৰ জাতকসকলে বিবাহিত জীৱনত সন্মুখীন হোৱা নিৰ্লিপ্ততা আৰু অসন্তুষ্টিৰ সমাপ্তি ঘটিব কিয়নো এই বছৰ আপোনাৰ সপ্তম গৃহত কোনো হানিকাৰক প্ৰভাৱ নাই। আৰু নতুন বছৰটো আপোনাৰ বাবে যথেষ্ট সৌভাগ্যশালী হিচাৰে আৰম্ভ হ'ব কিয়নো, 18 জানুৱাৰীত, শুক্ৰ ধনু আৰু আপোনাৰ নৱম গৃহত পৰিবহন কৰিব, সেয়েহে বিয়াত বহিবৰ বাবে ইচ্ছুকসকলৰ এই সময়ছোৱাত বিবাহ ঠিৰাং হ’ব পাৰে। আৰু মেষ 2024 ৰাশিফল (Mesh 2024 Rashifal) -য়ে প্ৰকাশ কৰে যে নতুনকৈ বিবাহিত লোকসকলৰ ক্ষেত্ৰত, তেওঁলোকৰ জীৱনসঙ্গীৰ বাবে আপোনাক ভাগ্যই লগ দিয়াৰ সম্ভাৱনা আছে।

 

বছৰৰ প্ৰথমাৰ্দ্ধত বৃহস্পতিৰ আশীৰ্বাদৰ ফলস্বৰূপে, আপুনি নিজৰ বিবাহিত জীৱনত বিকাশ আৰু সমৃদ্ধি লাভ কৰিব। কিন্তু 28 এপ্ৰিলৰ পৰা 11 জুলাইলৈ সময়খিনিত শুক্ৰই ইয়াৰ দহনৰ বাবে সৰ্বশ্ৰেষ্ঠ ফল প্ৰদান কৰিব নোৱাৰিব। 18 ছেপ্টেম্বৰৰ পৰা 13 অক্টোবৰৰ মাজৰ সময়ছোৱা আপোনাৰ বিবাহিত জীৱনৰ বাবে আটাইতকৈ অনুকূল হ'ব কাৰণ শুক্ৰই আপোনাৰ বিবাহিত জীৱন আৰু জীৱনসঙ্গীৰ সপ্তম গৃহত নিজৰ মূল ক্ৰিকোণ চিহ্ন তুলা ৰাশিত প্ৰৱেশ কৰিব।

অৱশ্যে, মেষ 2024 ৰাশিফল (Mesh  2024 Rashifal) অনুসৰি, 17 অক্টোবৰত তুলা ৰাশিত পৰিবহন কৰা সূৰ্যই আপোনাৰ বিবাহিত জীৱনত স্বাভিমানৰ সংঘাত বৃদ্ধি কৰিব পাৰে আৰু অধিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। চতুৰ্থ গৃহৰপৰা সপ্তম গৃহত পৰা দুৰ্বল মঙ্গল গ্ৰহৰ চতুৰ্থ প্ৰভাৱৰ ফলস্বৰূপে আপোনাক জীৱনসঙ্গী আৰু বিবাহিত জীৱনৰ ক্ষেত্ৰত অত্যাধিক অধিকাৰ-প্ৰৱণ আৰু আধিপত্য বিস্তাৰী কৰি তুলিব পাৰে যি পৰিস্থিতি আৰু অধিক বেয়াৰ ফাললৈহে নিব। সেয়েহে, মেষ ৰাশিৰ জাতকসকলে বছৰৰ দ্বিতীয়াৰ্ধত নিজৰ বিবাহিত জীৱনৰ ক্ষেত্ৰত অধিক সচেতন হৈ থকাটো অধিক আৱশ্যকীয়।

মেষ ৰাশি: প্ৰেম জীৱন

প্ৰিয় মেষ ৰাশিৰ জাতকসকল, মেষ 2024 ৰাশিফল (Mesh  2024 Rashifal) অনুসৰি এই বছৰো যোৱা বছৰৰ দৰে বৃহস্পতি আৰু শনিৰ দ্বৈত পৰিবহনৰ ফলত 1 মে’ লৈকে আপোনাৰ পঞ্চম গৃহ সক্ৰিয় হ'ব আৰু তাৰ পিছত বৃহস্পতিয়ে ইয়াৰ চিহ্ন মেষ ৰাশিৰ পৰা বৃষ ৰাশিলৈ পৰিৱৰ্তন কৰিব। সেয়েহে, যিসকল লোক দীৰ্ঘদিন ধৰি অবিবাহিত হৈ আছে আৰু যোৱা বছৰো কোনো প্ৰেমৰ সুযোগ প্ৰাপ্ত কৰা নাই, তেওঁলোকৰ এই বছৰৰ প্ৰথমাৰ্দ্ধত ৰোমান্টিক সম্পৰ্ক স্থাপন হ'ব পাৰে, আৰু তেওঁলোক বিশেষ কাৰোবাৰ প্ৰতি আকৰ্ষিত হ’ব পাৰে।। ইয়াৰ লগতে, যিসকল লোকৰ কাৰোবাৰ প্ৰতি আকৰ্ষণ আছে কিন্তু অনুভৱ প্ৰকাশ কৰিবলৈ সাহসৰ অভাৱ তেওঁলোকৰো সম্পৰ্ক স্থাপন হ’ব পাৰে।

তাৰ পিছত, মেষ 2024 ৰাশিফলে প্ৰকাশ কৰে যে আগষ্ট 2024 মাহটো আপোনাৰ পঞ্চম গৃহত শুক্ৰৰ পৰিবহনৰ বাবে আটাইতকৈ অনুকূল হ'ব। কিন্তু তাৰ ঠিক পিছতে, 16 আগষ্টত নিজৰ গৃহত সূৰ্যৰ পৰিবহনৰ ফলস্বৰূপে যথেষ্ট ক্ষতি নহয় কিন্তু এক প্ৰভাৱশালী আৰু অহংকাৰী গ্ৰহ হোৱাৰ বাবে আপোনাৰ প্ৰেমাস্পদৰ সৈতে স্বাভিমানৰ সংঘাত সৃষ্টি হ'ব পাৰে যাৰ ফলত আগলৈ অধিক সমস্যা আৰু ভুল বুজাবুজি হ'ব পাৰে। সেয়েহে সৰ্বশেষত ক’ব পাৰি যে, আপুনি ভাবি-চিন্তি আগবঢ়া উচিত কাৰণ আপোনাৰ প্ৰেম জীৱনত কোনো অশুভ প্ৰভাৱ নাই সেয়েহে আপোনাৰ প্ৰেমাস্পদৰ সৈতে এই আনন্দময় সময়ছোৱা উপভোগ কৰক।

মেষ 2024 ৰাশিফলৰ বিষয়ে অধিক জানিবৰ বাবে- শ্ৰেষ্ঠ জ্যোতিষীসকলৰ সৈতে কথা পাতক

মেষ 2024 ৰাশিফল: প্ৰতিকাৰসমূহ

  • মঙ্গল গ্ৰহৰ শুভ ফল প্ৰাপ্ত কৰিবৰ বাবে আপোনাৰ সোঁহাতৰ অনামিকা আঙুলিত সোণত তৈয়াৰ কৰা ভাল মানদণ্ডৰ ৰঙা প্ৰবাল পৰিধান কৰক।
  • যদিহে প্ৰবাল পৰিধান কৰাটো সম্ভৱ নহয় তেন্তে আপোনাৰ সোঁ হাতত তামৰ কাড়া পৰিধান কৰক।
  •  দৈনিক সাতবাৰ হনুমান চালিশা জপ কৰক।
  • প্ৰতি মঙলবাৰে ভগৱান হনুমানক বুন্দি প্ৰসাদ আগবঢ়াওক।
  • প্ৰতি মঙলবাৰে ভগৱান হনুমানক ৰঙা গোলাপৰ মালা আগবঢ়াওক।
  • শণিবাৰে ভগৱান হনুমানক চ’লা আগবঢ়াওক।
  • শণিবাৰে দৰিদ্ৰ লোকক গুড়ৰ মিঠাই দান কৰক।
  • দৈনিক মঙ্গলগ্ৰহৰ বীজ মন্ত্ৰ আবৃত্তি কৰক।
  • সুস্বাস্থ্যৰ বাবে নিয়মীয়াকৈ গুড় সেৱন কৰিব।

সঘনাই সোধা প্ৰশ্ন

প্ৰশ্ন1. 2024 চনত মেষ ৰাশিৰ লোকসকল ভাগ্যৱান হ'বনে?

উত্তৰ. মেষ ৰাশিৰ জাতকসকল 2024 চনত কেৰিয়াৰ, আৰ্থিক দিশ আৰু প্ৰেম জীৱনৰ ক্ষেত্ৰত ভাগ্যৱান হ'ব।

প্ৰশ্ন2. 2024 চনত মেষ ৰাশিৰ লোকসকল কেৰিয়াৰৰ ক্ষেত্ৰত ভাগ্যৱান হ’ব নে?

উত্তৰ. কেৰিয়াৰ আৰু বৃত্তিগত জীৱনৰ ক্ষেত্ৰত মেষ ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষৰ প্ৰথমাৰ্দ্ধটো ভাল হ'ব।

প্ৰশ্ন3. মেষ ৰাশিৰ জাতকসকলে কাক বিয়া কৰোৱা উচিত?

উত্তৰ.মেষ ৰাশিৰ জাতকসকলে সিংহ, মীন, কন্যা ৰাশি আৰু ধনুৰাশিৰ জাতকৰ সৈতে বিবাহ-পাশত আৱদ্ধ হোৱা উচিত।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক:অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এনেধৰণৰ আৰু অধিক প্ৰৱন্ধ লাভ কৰিবৰ বাবে এষ্ট্ৰোকেম্পৰ সৈতে সংযুক্ত হৈ থাকক। ধন্যবাদ !

More from the section: Horoscope 3744
Buy Today
Gemstones
Get gemstones Best quality gemstones with assurance of AstroCAMP.com More
Yantras
Get yantras Take advantage of Yantra with assurance of AstroCAMP.com More
Navagrah Yantras
Get Navagrah Yantras Yantra to pacify planets and have a happy life .. get from AstroCAMP.com More
Rudraksha
Get rudraksha Best quality Rudraksh with assurance of AstroCAMP.com More
Today's Horoscope

Get your personalised horoscope based on your sign.

Select your Sign
Free Personalized Horoscope 2025
© Copyright 2024 AstroCAMP.com All Rights Reserved