• Talk To Astrologers
  • Brihat Horoscope
  • Ask A Question
  • Child Report 2022
  • Raj Yoga Report
  • Career Counseling
Personalized
Horoscope

কন্যা 2024 ৰাশিফল: এষ্ট্ৰোকেম্পৰ কন্যা ৰাশিফল পঢ়ক!

Author: Vijay Pathak | Last Updated: Thu 21 Sep 2023 11:49:00 AM

এষ্ট্ৰোকেম্পৰদ্বাৰা প্ৰস্তুত কৰা এই কন্যা 2024 ৰাশিফলপ্ৰৱন্ধটোত 2024 বৰ্ষত কন্যা ৰাশিৰ জাতকসকলৰ জীৱনলৈ আহিবলগীয়া পৰিৱৰ্তনসমূহৰ বিষয়ে সঠিক ভৱিষ্যতবাণী পঢ়িবলৈ পাব। এই প্ৰৱন্ধটো সম্পূৰ্ণৰূপে বৈদিক জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত যিটো আমাৰ বিদ্বান তথা অভিজ্ঞ জ্যোতিষীসকলে গ্ৰহ-নক্ষত্ৰৰ স্থিতি, গতি-বিধি আৰু দশাৰ গণনা কৰি প্ৰস্তুত কৰি উলিয়াইছে। সেয়েহে আগবাঢ়ি যাওঁ আৰু 2024 বৰ্ষটোত কন্যা ৰাশিৰ জাতকসকলে জীৱনৰ বিভিন্ন ক্ষেত্ৰসমূহত কেনেধৰণৰ ফল লাভ কৰিব সেই বিষয়ে জানো আহক।

हिंदी मैं पढ़ने के लिए यहाँ क्लिक करें: कन्या 2024 राशिफल

2024 বৰ্ষত কন্যা ৰাশিৰ জাতকসকলে মিশ্ৰিত ফলাফল প্ৰাপ্ত কৰিব বুলি কন্যা 2024 ৰাশিফল (Kanya 2024 Rashifal) য়ে জনাইছে। আপোনাৰ লগ্নত কেতুৰ উপস্থিতিৰ ফলস্বৰূপে আপোনাৰ স্বভাৱ আক্ৰমণাত্মক আৰু ৰক্ষণশীল ধৰণৰ হ’ব পাৰে। ইয়াৰ বাহিৰে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো উত্থান-পতন দেখা যাব পাৰে যাৰ ফলস্বৰূপে আপুনি নিজৰ শৰীৰত শুষ্কতা (ড্ৰাইনেচ) বা অন্য স্বাস্থ্যজনিত সমস্যাৰ সম্মুখীন হ’ব পাৰে। এই বৰ্ষত আপুনি নিজকে উপেক্ষা কৰিব পাৰে আৰু আনক অগ্ৰাধিকাৰ দিব পাৰে তথা নিজৰ সক্ষমতাৰ ওপৰত সন্দেহ কৰিব পাৰে।

সপ্তম গৃহত ৰাহুৰ উপস্থিতিৰ বাবে আপোনাৰ নিজৰ জীৱনসঙ্গীৰ প্ৰতি অত্যাধিক ঘনিষ্ঠতা বৃদ্ধি হ’ব পাৰে যাৰ ফলত আপোনাৰ সঙ্গীয়ে অসহজ বোধ কৰিব পাৰে। কন্যা ৰাশিৰ যিসকল জাতকৰ জন্ম পত্ৰিকাৰ সপ্তম গৃহত অশুভ প্ৰভাৱ আছে তেওঁলোকৰ বাবে ৰাহুৰ পৰিবহনে অধিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। কেৱল এয়াই নহয়, ৰাহুৰ পৰিবহনৰ ফলস্বৰূপে আপুনি এনে এক সম্পৰ্কত সোমাই পৰিব পাৰে য’ত আপুনি প্ৰৱঞ্চনা লাভ কৰাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত, আপুনি এই বৰ্ষটোত অনৈতিক কাৰ্য্যৰপৰা নিজকে আতৰাই ৰখা উচিত কিয়নো ইয়াৰদ্বাৰা আপুনি সমস্যাত পৰিব পাৰে।

যোৱাটো বৰ্ষ অৰ্থাৎ 2023 ৰপৰা 1 মে’2024 পৰ্য্যন্ত আপোনাৰ অষ্টম গৃহত বৃহস্পতিৰ উপস্থিতিয়ে আপোনাৰ জীৱনলৈ আকস্মিকভাৱে অহা সমস্য়াসমূহৰ বৃদ্ধি কৰিব পাৰে। স্বাস্থ্য়ৰ দিশৰপৰাও এই সময়ছোৱা অনুকূল নহ’ব। অৱশ্যে 1 মে’ৰ পিছত বৃহস্পতিয়ে বৃষ ৰাশি আৰু আপোনাৰ নৱম গৃহত পৰিবহন কৰাৰ বাবে আপুনি এই সকলোবোৰ সমস্যাৰপৰা সকাহ লাভ কৰিব। নৱম গৃহত বৃহস্পতিৰ পৰিবহনৰ ফলস্বৰূপে আপুনি আধ্যাত্মিক দিশৰ প্ৰতি আগ্ৰহী হৈ উঠিব আৰু এই ক্ষেত্ৰত আপুনি ধৰ্মীয় যাত্ৰা বা তীৰ্থ যাত্ৰাত যাব পাৰে। বৃহস্পতি হৈছে সপ্তম গৃহৰ অধিপতি আৰু ইয়াৰ ফলস্বৰূপে আপুনি নিজৰ জীৱনসঙ্গীৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব আৰু ধৰ্মীয় যাত্ৰাৰ প্ৰতি আপুনি আগ্ৰহী হৈ উঠিব।

কন্যা ৰাশিৰ যিসকল জাতকৰ বিবাহ হ’বলগীয়া হৈ আছে অথবা যিসকল নৱবিবাহিত লোক তেওঁলোকৰ বাবে জীৱনসঙ্গীয়ে সৌভাগ্য কঢ়িয়াই আনিব বুলি কন্যা 2024 ৰাশিফল (kanya 2024 Rashifal) য়ে প্ৰকাশ কৰিছে। বৃহস্পতি আপোনাৰ চতুৰ্থ গৃহৰ অধিপতি। এনে পৰিস্থিতিত, যিসকল লোক অবিবাহিত তেওঁলোকে এই সময়ছোৱাত মাতৃৰপৰা ধৰ্মীয় অনুপ্ৰেৰণা প্ৰাপ্ত কৰিব আৰু আপোনাৰ মাতৃয়ে আপোনাৰ ধৰ্মগুৰু হৈ আপোনাক গ্ৰন্থ তথা ৰীতি-নীতিৰ শিক্ষা প্ৰদান কৰিব পাৰে। যিসকল লোক বিবাহৰ প্ৰতি আগ্ৰহী তেওঁলোকে নিজৰ পৰিয়ালৰ সহায়ত জীৱনসঙ্গী লাভ কৰাৰ যোগ আছে। শণি আপোনাৰ পঞ্চম আৰু ষষ্ঠ গৃহৰ অধিপতি হিচাপে ষষ্ঠ গৃহত স্থিত হ’ব আৰু ইয়াৰ ফলস্বৰূপে এই সময়ছোৱা সেইসকল শিক্ষাৰ্থীৰ বাবে অধিক ভাল প্ৰমাণিত হ’ব যিসকলে চৰকাৰী চাকৰি বা উচ্চ শিক্ষাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে। ইয়াৰ উপৰিও এই সময়ছোৱাত আপুনি নিজৰ শত্ৰু তথা বিৰোধীসকলৰ বিপক্ষে শক্তিশালী হৈ থাকিব পাৰিব আৰু তেওঁলোকে আপোনাৰ একো অনিষ্ট কৰিব নোৱাৰিব। 

যোৱাটো বৰ্ষৰ দৰে এই বৰ্ষটোতো আপোনাৰ অষ্টম গৃহ (মেষ ৰাশি) আৰু দ্বাদশ গৃহ (সিংহ ৰাশি) সক্ৰিয় হৈ থাকিব, যি আপোনাৰ বাবে সিমান অনুকূল স্থিতি নহয়। আপুনি জীৱনৰ বিভিন্ন ক্ষেত্ৰসমূহ বহুতো সমস্যাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। কিন্তু, 1 মে’2024 ৰ পিছত যেতিয়া বৃহস্পতি আপোনাৰ নৱম গৃহ (বৃষ ৰাশি) ত প্ৰৱেশ কৰিব তেতিয়া আপুনি এই সকলোবোৰ সমস্যাৰপৰা উপশম পাব। ইয়াৰ লগতে, আপোনাৰ তৃতীয় গৃহ (বৃশ্চিক ৰাশি) সক্ৰিয় হ’ব যি আপোনাক সাহস আৰু নতুন উদ্যম প্ৰদান কৰিব যাৰদ্বাৰা আপুনি জীৱনৰ প্ৰত্যাহ্বানসমূহৰ সম্মুখীন হ’বলৈ সাজু হ’ব পাৰিব।

Click here to read in English: Virgo 2024 Horoscope

তৃতীয় গৃহ সক্ৰিয় হোৱাৰ বাবে আপোনাৰ কথা-বাৰ্ত্তা আৰু আপোনাৰ যোগাযোগ দক্ষতা প্ৰভাৱশালী হ’ব, যাৰ ফলত আপোনাৰ কনিষ্ঠ সহোদৰসকলৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ’ব আৰু তেওঁলোকৰ জীৱনতো বহুতো ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। বুধ আপোনাৰ লগ্ন আৰু দশম গৃহৰ অধিপতি যি আপোনাৰ স্বাস্থ্য আৰু কেৰিয়াৰক নিয়ন্ত্ৰণ কৰে। সেয়েহে বুধৰ পশ্চাদগামী অৱস্থাত আপুনি নিজৰ স্বাস্ত্য আৰু বৃত্তিগত জীৱনৰ প্ৰতি সতৰ্কৱান হৈ থকাৰ আৱশ্যকতা আছে। 

বুধৰ এই বৰ্ষত কেইবাবাৰো পশ্চাদগমন হ’ব। সকলোতকৈ পূৰ্বে 2 এপ্ৰিলৰপৰা 25 এপ্ৰিল পৰ্য্যন্ত, তাৰপিছত 5 আগষ্টৰপৰা 29 আগষ্ট পৰ্য্যন্ত আৰু তাৰপিছত 26 নৱেম্বৰৰপৰা 16 ডিচেম্বৰ পৰ্য্যন্ত বুধৰ পশ্চাদগমন হ’ব আৰু এনে পৰিস্থিতিত, আপুনি কোনোধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰাটো ভাল হ’ব, বিশেষকৈ মাৰ্চ আৰু এপ্ৰিল মাহত কিয়নো এই সময়ছোৱাত বুধৰ অস্ত হ’ব। অৱশ্যে 23 ছেপ্তেম্বৰৰপৰা 10 অক্টোবৰৰ ভিতৰৰ সময়ছোৱাত আপোনাৰ স্বাস্থ্য আৰু বৃত্তিগত জীৱনৰ বাবে উত্তম হ’ব কিয়নো এই সময়খিনিত বুধ উচ্চ স্থানত থাকিব।

পৃথিৱীৰ বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনযোগে কথা পাতক আৰু জানক কেৰিয়াৰ সম্পৰ্কীয় সকলো তথ্য

কন্যা ৰাশি: আৰ্থিক জীৱন

আৰ্থিক দিশৰ ক্ষেত্ৰত দেখা যায়, কন্যা 2024 ৰাশিফল (kanya 2024 Rashifal) অনুসৰি 1 মে’2024 পৰ্য্যন্ত বৃহস্পতি আৰু শণিৰ দ্বৈত পৰিবহনৰ ফলস্বৰূপে আপোনাৰ অষ্টম গৃহ আৰু দ্বাদশ গৃহ সক্ৰিয় হৈ উঠিব আৰু এনে পৰিস্থিতিত, এই সময়খিনি বিনিয়োগৰ বাবে অনুকূল নহ’ব। যদিহে আপোনাৰ সোঁৱৰণিত আপোনাৰ দশা প্ৰতিকূল হয় তেনেহ’লে আপুনি এইখিনি সময়ত আৰ্থিক জীৱনত উত্থান-পতনৰ সম্মুখীন হ’ব আৰু লোকচানো হ’ব পাৰে। এনে পৰিস্থিতিত, আপুনি কিছু সতৰ্কৱান হৈ থকা উচিত। কোনো ধৰণৰ ডাঙৰ বিত্তীয় সিদ্ধান্ত নোলোৱাটো ভাল আৰু যথেষ্ট ভাবি-চিন্তিহে সিদ্ধান্ত লওক অন্যথা আপোনাৰ ক্ষতি হ’ব পাৰে। অৱশ্যে, বৃহস্পতি হৈছে এক শুভ গৃহ আৰু ইয়াৰ পৰিবহনে আপোনাৰ বাবে শুভ ফল লৈ আহিব। এই সময়খিনি জীৱনসঙ্গীৰ সৈতে মিলি যুটীয়াভাৱে সম্পত্তি আহৰণৰ বাবে অনুকূল সময়। দ্বিতীয় গৃহত বৃহস্পতিৰ সপ্তম দৃষ্টিৰ ফলস্বৰূপে আপোনাৰ বেংক বেলেঞ্চ বৃদ্ধি হ’ব।

1 মে’2024 ৰ পিছত বৃহস্পতি আপোনাৰ নৱম গৃহত পৰিবহন কৰিব আৰু ইয়াৰ ফলত আৰ্থিক জীৱনৰ বাধাসমূহ দূৰ হ’ব। কন্যা 2024 ৰাশিফল (kanya 2024 Rashifal) অনুসৰি 25 আগষ্টৰপৰা 12 অক্টোবৰৰ মাজৰ সময়ছোৱা আপোনাৰ বাবে আটাইতকৈ অধিক অনুকূল সময় হ’ব কিন্তু 20 অক্টোবৰৰপৰা বছৰটোৰ শেষলৈকে মঙ্গল আপোনাৰ একাদশ গৃহত পৰিবহন কৰিব। সেয়েহে এই সময়খিনি ৰিয়েল ইষ্টেট বা আন ক’ৰবাত বিনিয়োগ কৰাৰ বাবে অনুকূল নহয়।

ভৱিষ্যতৰ সকলোবোৰ মূল্যৱান অন্তৰ্দৃষ্টিৰ বাবেএষ্ট্ৰোচেজ বৃহ ৰাশিফল

কন্যা ৰাশি: স্বাস্থ্য

এই বৰ্ষটো স্বাস্থ্য দিশৰপৰা আপোনাৰ বাবে অনুকূল নহ’ব। আপোনাৰ লগ্নত কেতুৰ উপস্থিতিৰ বাবে আপুনি স্বাস্থ্যৰ প্ৰতি গুৰুত্বহীন হৈ পৰিব পাৰে, যাৰ ফলস্বৰূপে আপুনি স্বাস্থ্যজনিত সমস্য়াৰ সম্মুখীন হোৱাৰ সম্ভাৱনা আছে। কন্যা 2024 ৰাশিফল (kanya 2024 Rashifal) অনুসৰি এই সময়খিনিত আপুনি শৰীৰত ড্ৰাইনেচ আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ মুখামুখি হ’ব।

এই বৰ্ষত আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণৰূপে গুৰুত্বহীন হ’ব পাৰে, যি আপোনাৰ বাবে ক্ষতিকাৰক প্ৰমাণিত হ’ব পাৰে। ইয়াৰ উপৰিও 1 মে’, 2024 পৰ্য্যন্ত বৃহস্পতি আৰু শণিৰ দ্বৈত পৰিবহনৰ বাবে আপনাৰ অষ্টম গৃহ আৰু দ্বাদশ গৃহ সক্ৰিয় হৈ থাকিব, যি স্বাস্থ্যৰ বাবে শুভ নহয়। আপুনি আকস্মিকভাৱে স্বাস্থ্যজনিত সমস্যাৰ সম্মুখীন হ’ব পাৰে। যদিহে আপোনাৰ দশা অনুকূল নহয় আৰু আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্বহীন হৈ থাকে, তেনেহ’লে এই সময়ছোৱাত আপুনি চিকিৎসালয়ত ভৰ্ত্তি হ’বলগীয়া হোৱাৰো সম্ভাৱনা আছে।

1 মে’ৰ পিছত বৃহস্পতি বৃষ ৰাশিত পৰিবহন কৰিব যাৰ ফলস্বৰূপে আপুনি যিবোৰ স্বাস্থ্যজনিত সমস্যাত ভূগি আছিল, সেইবোৰৰপৰা এই সময়ছোৱাত সকাহ লাভ কৰিব। বুধ আপোনাৰ লগ্ন আৰু দশম গৃহৰ অধিপতি আৰু ই আপোনাৰ স্বাস্থ্য আৰু বৃত্তিগত জীৱনক নিয়ন্ত্ৰণ কৰে। সেয়েহে বুধৰ পশ্চাদগামী অৱস্থাত আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা উচিত।

2024 বৰ্ষত বুধৰ কেইবাবাৰো পশ্চাদগমন হ’ব। একেবাৰে প্ৰথমে 2 এপ্ৰিলৰপৰা 25 এপ্ৰিল পৰ্য্যন্ত, তাৰপিছত 5 আগষ্টৰপৰা 29 আগষ্ট পৰ্য্যন্ত, তাৰপিছত 26 নৱেম্বৰৰপৰা 16 ডিচেম্বৰ পৰ্য্যন্ত ই নিজৰ পশ্চাদগামী অৱস্থাত থাকিব। এনে পৰিস্থিতিত, আপুনি মাৰ্চ আৰু এপ্ৰিল মাহত কিছু সাৱধানতা অৱলম্বন কৰা উচিত কিয়নো এই সময়ছোৱাত বুধৰ অস্তও হ’ব। আনহাতে 23 ছেপ্তেম্বৰৰপৰা 10 অক্টোবৰৰ মাজৰ সময়ছোৱা আপোনাৰ স্বাস্থ্যৰ বাবে যথেষ্ট ভাল হ’ব কাৰণ এই সময়ত বুধ নিজৰ উচ্চ ৰাশিত বিৰাজমান হ’ব।

আপোনাৰ সোঁৱৰণি শুভ যোগ আছে নে বাৰু? জানিবৰ বাবে এতিয়াই ক্ৰয় কৰক বৃহকুণ্ডলী

কন্যা ৰাশি: কেৰিয়াৰ

এই বৰ্ষটো বৃত্তিগত দিশৰপৰা আপোনাৰ বাবে মধ্যমীয়া হ’ব কিয়নো আপোনাৰ দশম গৃহ যিটো হৈছে বৃত্তিৰ গৃহ তাত কোনো গ্ৰহৰ অনুকূল বা প্ৰতিকূল প্ৰভাৱ নাই পৰা। অৱশ্যে, যোৱাটো বৰ্ষৰ দৰেই এই বৰ্ষতো বৃহস্পতি আৰু শণিৰ দ্বৈত পৰিবহনৰ বাবে আপোনাৰ দ্বাদশ গৃহ (সিংহ ৰাশি)1 মে’, 2024 পৰ্য্যন্ত সক্ৰিয় হৈ থাকিব আৰু ইয়াৰ ফলস্বৰূপে আপুনি আন দেশত নতুন সুযোগ লাভ কৰিব পাৰে, এইদৰে প্ৰকাশ কৰে কন্যা 2024 ৰাশিফল (Kanya 2024 Rashifal) য়ে।

বুধ হৈছে আপোনাৰ লগ্ন গৃহৰ অধিপতি, যি আপোনাৰ বৃত্তিগত জীৱনৰ নিয়ন্ত্ৰণ কৰে সেয়েহে বুধৰ পশ্চাদগামী অৱস্থাৰ সময়ত আপুনি বৃত্তিগত জীৱনত উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে। উল্লেখযোগ্য যে বুধৰ এই বৰ্ষত কেইবাবাৰো পশ্চাদগমন হ’ব। একেবাৰে প্ৰথমে 2 এপ্ৰিলৰপৰা 25 এপ্ৰিল পৰ্য্যন্ত, তাৰপিছত 5 আগষ্টৰপৰা 29 আগষ্ট পৰ্য্যন্ত আৰু তাৰপিছত 26 নৱেম্বৰৰপৰা 16 ডিচেম্বৰ পৰ্য্যন্ত বুধ পশ্চাদগামী অৱস্থাত থাকিব। সেয়েহে এই সময়খিনিত ভাবি-চিন্তি সিদ্ধান্ত গ্ৰহণ কৰক আৰু কোনো ধৰণৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ নকৰাটো ভাল, বিশেষকৈ মাৰ্চ আৰু এপ্ৰিল মাহত কিয়নো বুধৰ এই সময়ত অস্তও হ’ব।

23 ছেপ্তেম্বৰৰপৰা 10 অক্টোবৰৰ মাজৰ সময়ছোৱা আপোনাৰ বৃত্তিগত জীৱনৰ বাবে যথেষ্ট শুভ হ’ব কাৰণ এই সময়ত বুধ উচ্চ ৰাশিত স্থিত হ’ব। কন্যা ৰাশিৰ যিসকল জাতকে অংশীদাৰী ব্যৱসায় কৰি আছে আৰু কোনো ধৰণৰ সমস্যা বা ভুল বুজাবুজিৰ সম্মুখীন হৈছে তেওঁলোকে 1 মে’ৰ পিছত সকলো সমস্যাৰপৰা সকাহ লাব কৰিব আৰু এই অংশীদাৰিত্ব আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ’ব কিয়নো বৃহস্পতি আপোনাৰ নৱম গৃহত প্ৰৱেশ কৰিব, যি আপোনাক শুভ ফল প্ৰদান কৰিব।

ৰাজ যোগৰ সময় জানিবৰ বাবে-এতিয়াই অৰ্ডাৰ কৰক: ৰাজ যোগ প্ৰতিৱেদন

কন্যা ৰাশি: শিক্ষা

শিক্ষাৰ দিশৰপৰা যদিহে চোৱা যায়, তেনেহ’লে কন্যা 2024 ৰাশিফল (Kanya 2024 Rashifal) অনুসৰি ক’ব পৰা যায় যে এই বছৰ 5 ফেব্ৰুৱাৰীৰপৰা 15 মাৰ্চ পৰ্য্যন্ত সময়ছোৱা আপোনাৰ বাবে যথেষ্ট অনুকূল হ’ব আৰু আপুনি এই সময়ছোৱাত ভাল ফল প্ৰাপ্ত কৰিব কাৰণ উচ্চৰ মঙ্গল আপোনাৰ পঞ্চম গৃহত পৰিবহন কৰিব। এই পৰিবহনৰ ফলস্বৰূপে আপুনি উদ্যমেৰে পৰিপূৰ্ণ যেন অনুভৱ কৰিব আৰু পঢ়া-শুনাত অধিক মন বহুৱাব। লগতে, আপুনি নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰ হৈ থাকিব আৰু কঠোৰ পৰিশ্ৰমৰদ্বাৰা নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হ’ব। 

পঞ্চম গৃহৰ অধিপতি শণি আপোনাৰ ষষ্ঠ গৃহ(কুম্ভ ৰাশি)ত পৰিবহন কৰিব, এনেস্থলত এই সময় সেইসকল শিক্ষাৰ্থীৰ বাবে ভাল হ’ব যিসকলে উচ্চ শিক্ষা বা চৰকাৰী চাকৰি লাভৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে। এই সময়ছোৱাত আপুনি পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষন হ’ব। অৱশ্যে, ষষ্ঠ গৃহত শণিৰ পৰিবহনৰ বাবে আপুনি শিক্ষাৰ ক্ষেত্ৰত বা লিখিত কাম-কাজত কোনো ডাঙৰ সমস্যাৰ সম্মুখীন হ’ব পাৰে। কিন্তু অত্যাধিক চিন্তা কৰাৰ প্ৰয়োজন নাই। কাৰণ 1 মে’ৰ পিছত বৃহস্পতি আপোনাৰ নৱম গৃহত পৰিবহন কৰিব যাৰ ফলত উচ্চ শিক্ষাৰ বাবে এই সময়ছোৱা যথেষ্ট অনুকূল প্ৰমাণিত হ’ব, বিশেষকৈ পিএইচডি বা স্নাতকোত্তৰ সমাপ্ত কৰা শিক্ষাৰ্থীসকলৰ বাবে। আপুনি নিজৰ গুৰু, মেণ্টৰ আৰু শিক্ষকৰ সম্পূৰ্ণ সমৰ্তন প্ৰাপ্ত কৰিব।

বিনামূলীয়া অনলাইন জন্ম ৰাশিফল

কন্যা ৰাশি: পাৰিবাৰিক জীৱন

বছৰটোৰ প্ৰথম ছমাহত আপুনি পাৰিবাৰিক জীৱনত মধ্যমীয়া ফল লাভ কৰিব। কন্যা 2024 ৰাশিফল (Kanya 2024 Rashifal) অনুসৰি, 1 মে’ 2024পৰ্য্যন্ত আপোনাৰ দ্বাদশ গৃহ (সিংহ ৰাশি) আৰু অষ্টম গৃহ (মেষ ৰাশি) সক্ৰিয় হৈ উঠিব আৰু চতুৰ্থ গৃহৰ অধিপতি বৃহস্পতিয়ে আপোনাৰ অষ্টম গৃহত পৰিবহন কৰিব যি পাৰিবাৰিক জীৱনৰ বাবে প্ৰতিকূল হ’ব পাৰে। এই সময়খিনিত আপুনি বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখীন হ’ব পাৰে আৰু ধন হানিৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও, আপোনাৰ মাতৃ আৰু জীৱনসঙ্গীৰ স্বাস্থ্যও প্ৰভাৱিত হ’ব পাৰে।

অৱশ্যে 1 মে’ 2024 ৰ পিছত বৃহস্পতিয়ে আপোনাৰ নৱম গৃহত পৰিবহন কৰিব যাৰ ফলস্বৰূপে আপুনি পাৰিবাৰিক জীৱনত বহুতো ইতিবাচক পৰিৱৰ্তন প্ৰত্যক্ষ কৰিব। আপুনি নিজৰ ধৰ্মীয় অনুভূতিৰ বাবে ঘৰত কোনো শুভ তথা মাংগলিক কাৰ্য্য যেনে সত্যানাৰায়ণ কথা, হোৰা, কোনো পাঠ বা অন্য আধ্যাত্মিক কাৰ্য্যক্ৰমৰ আয়োজন কৰিব পাৰে, যাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ ধৰ্মীয় হৈ থাকিব। কন্যা 2024 ৰাশিফল (Kanya 2024 Rashifal) য়ে ভৱিষ্যতবাণী কৰিছে যে এই বৰ্ষটোৱে আপোনাৰ বাবে বহুতো প্ৰত্যাহ্বান লৈ অহাৰ সম্ভাৱনা আছে। বৰ্ষটোৰ প্ৰথম ভাগত আপোনাৰ ঘৰৰ পৰিৱেশ বিশৃংখল হৈ পৰিব পাৰে কিন্তু বছৰটোৰ দ্বিতীয়াৰ্দ্ধত সকলো ঠিক হৈ যাব আৰু আপুনি শুভ ফল লাভ কৰিব। কেৱল এয়াই নহয়, আপুনি পৰিয়ালৰ সদস্যসকল তথা প্ৰিয়জনৰ সমৰ্থন লাভ কৰিব। আপুনি জটিল সময়ত নিজকে শান্ত কৰি ৰাখিবৰ বাবে চেষ্টা কৰক আৰু ভাল সময়ৰ আনন্দ লওক।

এতিয়া আপোনাৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ লাভ কৰক:এগৰাকী বিদ্বান জ্যোতিষীক প্ৰশ্ন সোধক

কন্যা ৰাশি: বৈবাহিক জীৱন

আপোনাৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত দেখা যায়, সপ্তম গৃহত ৰাহুৰ স্থিতিৰ বাবে আপুনি নিজৰ সঙ্গীৰ প্ৰতি অত্যাধিক অনুৰক্ত হৈ পৰিব পাৰে যাৰ বাবে তেওঁ অহসজবোধ কৰিব পাৰে। কন্যা 2024 ৰাশিফল (Kanya 2024 Rashifal) অনুসৰি কন্যা ৰাশিৰ যিসকল জাতকৰ জন্ম পত্ৰিকাত সপ্তম গৃহত কোনো গ্ৰহৰ অশুভ প্ৰভাৱ আছে তেওঁলোকৰ বাবে ৰাহুৰ এই পৰিবহনে আৰু অধিক সমস্যাৰ সৃষ্টি কৰিব। আপুনি এই সময়ছোৱাত এনে কোনো সম্পৰ্কত সোমাব পাৰে য’ত আপুনি প্ৰৱঞ্চনা লাভ কৰাৰ সম্ভাৱনা আছে অথবা আপুনি নিজৰ সঙ্গীক বিশ্বাসঘাটকতা কৰিব পাৰে।

আপুনি এই বৰ্ষত অনৈতিক কাৰ্য্য-কলাপৰপৰা আতৰি থকা উচিক কিয়নো ইয়াৰ ফলত আপুনি সমস্যাত পৰিব পাৰে। 1 মে’, 2024 পৰ্য্যন্ত সপ্তম গৃহৰ অধিপতি বৃহস্পতি আপোনাৰ অষ্টম গৃহত স্থিত হ’ব আৰু ইয়াৰ ফলস্বৰূপে আপুনি নিজৰ বৈবাহিক জীৱনত বহুতো সমস্যাৰদ্বাৰা ভাৰাক্ৰান্ত হ’বলগীয়া হ’ব পাৰে। অৱশ্যে পিছলৈ বৃহস্পতি আপোনাৰ নৱম গৃহত পৰিবহন কৰিব আৰু ইয়াৰ ফলস্বৰূপে আপুনি বৈবাহিক জীৱনৰ সকলো সমস্যাৰপৰা সকাহ লাভ কৰিব। বৃহস্পতি সপ্তম গৃহৰ অধিপতি হোৱাটোৱে সূচিত কৰে যে জীৱনৰ সকলো ক্ষেত্ৰতে আপুনি নিজৰ জীৱনসঙ্গীৰ সহযোগিতা লাভ কৰিব আৰু ধৰ্মীয় যাত্ৰাৰ প্ৰিত আপোনাৰ আগ্ৰহ বৃদ্ধি হ’ব।

এই সময়ছোৱাত নিৱবিবাহিত লোকসকলে আৰু বিবাহ-পাশত আৱদ্ধ হ’বলগীয়াসকলে ভাগ্যৰ সমৰ্থন লাভ কৰিব। বছৰটোৰ প্ৰথমভাগত আপুনি নিজৰ বৈবাহিক জীৱনক লৈ সচেতন হৈ থকা উচিত। লগতে, নিজৰ সঙ্গীৰ ওপৰত অত্যাধিক অধিকাৰ নেদেখুৱাব, জীৱনসঙ্গীক নিজৰ ব্যক্তিগত স্পে’চ প্ৰদান কৰক আৰু নিজৰ ধৰ্মীয় যাত্ৰাৰ পূৰ্ণ আনন্দ লওক।

পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শণি প্ৰতিৱেদন

কন্যা ৰাশি: প্ৰেম জীৱন

প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় কন্যা 2024 ৰাশিফল (Kanya 2024 Rashifal) অনুসৰি পঞ্চম গৃহৰ অধিপতি শণিৰ ষষ্ঠ গৃহত পৰিবহন আপোনাৰ বাবে অনুকূল স্থিতি নহয়। এই সময়ছোৱাত আপুনি প্ৰেম জীৱনত উত্থান-পতনৰ সম্মুখীন হ’বলগীয়া হ’ব। সংক্ষিপ্তকৈ ক’ব পৰা যায় যে এই সময়ছোৱা আপোনাৰ বাবে কোনো পৰীক্ষাতকৈ কম নহয়। কন্যা ৰাশিৰ যিসকল জাতক নিজৰ সম্পৰ্কৰ ক্ষেত্ৰত গম্ভীৰ, তেওঁলোকে এইখিনি সময়ত সকলোবোৰ সমস্যা আৰু প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰিব আৰু নিজৰ সম্পৰ্কক আৰু এখোজ আগুৱাই লৈ গৈ বিবাহৰ ৰূপ দিব পাৰিব। কিন্তু, যিসকল লোক নিজৰ সম্পৰ্কৰ ক্ষেত্ৰত গম্ভীৰ নহয় তেওঁলোকে এইখিনি সময়ত শণিৰ দুঃপ্ৰভাৱৰ সম্মুখীন হ’ব লাগিব।

20 অক্টোবৰৰপৰা বছৰটোৰ শেষলৈকে আপোনাৰ পঞ্চম গৃহৰ লগতে পঞ্চম গগৃহৰ অধিপতিৰ ওপৰত মঙ্গলৰ দুৰ্বল দৃষ্টিৰ ফলস্বৰূপে এই সময়ছোৱাত আপুনি বহুতো প্ৰত্যাহ্বানৰ সম্মুখীন হোৱাৰ সম্ভাৱনা আছে। কিন্তু, এইবোৰৰ উপৰিও ইতিবাচক কথাটো হ’ল যে শুক্ৰৰ পৰিবহনৰ আৰম্ভণি আপোনাৰ পঞ্চম গৃহত পৰিবহনৰদ্বাৰা হ’ব, আৰু ইয়াৰ অন্ত পঞ্চম গৃহৰ অধিপতিৰ ওপৰত হ’ব, যাৰ বাবে আপুনি সমস্যাৰপাৰ মুক্তি লাভ কৰিব আৰু আপুনি ভাল সময়ৰ আনন্দ লোৱা দেখা যাব।

কন্যা 2024 ৰাশিফলৰ বিষয়ে অধিক জানিবৰ বাবে- শ্ৰেষ্ঠ জ্যোতিষীসকলৰ সৈতে কথাপাতক

কন্যা 2024 ৰাশিফল: প্ৰতিকাৰসমূহ

  • ভগৱান গণেশৰ পূজা কৰক আৰু দুবৰি বন অৰ্পণ কৰক।
  • দৈনিক গাইক সেউজীয়া পশুখাদ্য খুৱাওক।
  • জ্যোতিষীৰ পৰামৰ্শ লৈ বুধবাৰে সোণৰ অথবা পঞ্চধাতুৰ আঙুঠিত 5-6 কেৰেটৰ পান্না ধাৰণ কৰক। আপুনি ইয়াৰদ্বাৰা শুভ ফল প্ৰাপ্ত কৰিব।
  • তুলসী গছত দৈনিক পানী দিয়ক আৰু নিয়মিতভাৱে এটা পাত সেৱন কৰক।
  • বুধৰ বীজ মন্ত্ৰ জপ কৰক।
  • কিন্নৰসকলৰ সন্মান কৰক আৰু যদিহে সম্ভৱ হয় তেওঁলোককক সেউজীয়া ৰঙৰ পোছাক আৰু খাড়ু দান কৰক।
  • নিজৰ শোৱনিকোঠাত এজোপা ইনড’ৰ গছ ৰাখক।
  • নিজৰ ঘৰ আৰু কৰ্মক্ষেত্ৰত বুধ যন্ত্ৰ স্থাপন কৰক।

সঘনাই সোধা প্ৰশ্ন

প্ৰশ্ন 1. 2024 বৰ্ষত কন্যা ৰাশিৰ জাতকসকলৰ ভাগ্যোদয় কেতিয়া হ’ব?

উত্তৰ : 2024 বৰ্ষৰ দ্বিতীয়াৰ্দ্ধত আপোনাৰ ভাগ্যোদয় হ’ব আৰু 23 ছেপ্তেম্বৰৰপৰা 10 অক্টোবৰৰ মাজৰ সময়ছোৱা আপোনাৰ বাবে যথেষ্ট ভাল প্ৰমাণিত হ’ব।

প্ৰশ্ন 2. 2024 বৰ্ষত কন্যা ৰাশিৰ জাতকসকলৰ সময় কেতিয়ালৈকে বেয়া হৈ থাকিব?

উত্তৰ : বৰ্ষটোৰ প্ৰথমভাগ আপোনাৰ বাবে উত্থান-পতনেৰে ভৰা হ’ব।

প্ৰশ্ন 3. কন্যা ৰাশিৰ জাতকসকলৰ প্ৰতিভা কি?

উত্তৰ : কন্যা ৰাশিৰ জাতকসকল চোকা বুদ্ধিৰ।

প্ৰশ্ন 4. কন্যা ৰাশিৰ জাতকসকলে কি বয়সত সফলতা প্ৰাপ্ত কৰিব পাৰিব?

উত্তৰ : এই ৰাশিৰ জাতকসকলে 20 ৰপৰা 25 বছৰ বয়সত সফলতা প্ৰাপ্ত কৰিব পাৰিব।

প্ৰশ্ন 5. কন্যা ৰাশিৰ জাতকসকল আটাইতকৈ বেছি কি কথাত ক্ৰোধিত হয়?

উত্তৰ : আনৰদ্বাৰা সমালোচনা কৰাটো তেওঁলোকে পছন্দ নকৰে।

প্ৰশ্ন 6. কন্যা ৰাশিৰ জাতকসকল কি ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ?

উত্তৰ : কন্যা ৰাশিৰ জাতকসকল কোনো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সকলোতকৈ ভাল।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক:অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এনেধৰণৰ আৰু অধিক প্ৰৱন্ধ লাভ কৰিবৰ বাবে এষ্ট্ৰোকেম্পৰ সৈতে সংযুক্ত হৈ থাকক। ধন্যবাদ !

More from the section: Horoscope 3752
Buy Today
Gemstones
Get gemstones Best quality gemstones with assurance of AstroCAMP.com More
Yantras
Get yantras Take advantage of Yantra with assurance of AstroCAMP.com More
Navagrah Yantras
Get Navagrah Yantras Yantra to pacify planets and have a happy life .. get from AstroCAMP.com More
Rudraksha
Get rudraksha Best quality Rudraksh with assurance of AstroCAMP.com More
Today's Horoscope

Get your personalised horoscope based on your sign.

Select your Sign
Free Personalized Horoscope 2024
© Copyright 2024 AstroCAMP.com All Rights Reserved