• Talk To Astrologers
  • Brihat Horoscope
  • Ask A Question
  • Child Report 2022
  • Raj Yoga Report
  • Career Counseling
Personalized
Horoscope

কৰ্কট ৰাশিৰ ৰাশিফল 2023: Karkat Rashir Rashifal 2023

Author: Vijay Pathak | Last Updated: Tue 10 Jan 2023 4:08:11 PM

কৰ্কট ৰাশিৰ ৰাশিফল 2023 (Karkat Rashir Rashifal 2023) বিশেষভাৱে এষ্ট্ৰোকেম্পৰ দ্বাৰা আপোনাৰ ওচৰত আগবঢ়োৱা হৈছে আৰু ই আপোনাক ভৱিষ্যতৰ বিষয়ে এক অন্তৰ্দৃষ্টি প্ৰদান কৰিব। আপুনি জানিবলৈ আগ্ৰহী নেকি যে 2023 চনত আপোনাৰ বাবে কি কি আছে? আপুনি জানিব বিচাৰে নেকি যে আপোনাৰ জীৱনৰ বিভিন্ন দিশসমূহ কেনেকুৱা হ'ব? যদি বিচাৰে তেন্তে কৰ্কট 2023 ৰাশিফলে আপোনাক এইক্ষেত্ৰত সহায় কৰিব! সৰ্বাধিক তথ্য সংগ্ৰহ কৰিবলৈ প্ৰবন্ধটো শেষলৈকে পঢ়ক।

কৰ্কট ৰাশিৰ ৰাশিফল 2023 (Karkat Rashir Rashifal 2023) -ৰ পূৰ্বানুমান অনুসৰি এই বছৰটোৱে আপোনাক মিশ্ৰিত ফলাফল প্ৰদান কৰিব। যিহেতু শনি আপোনাৰ অষ্টম গৃহ প্ৰৱেশ কৰিছে সেয়েহে ই আপোনাক সংবেদনশীল আৰু গভীৰ চিন্তিত কৰি তুলিব আৰু জীৱনৰ গভীৰ অৰ্থৰ প্ৰতি আপোনাৰ মনোযোগ আকৰ্ষণ কৰিব। আপুনি নিজকে আধ্যাত্মিকতা, মানৱতা আৰু দৰিদ্র লোকসকলৰ সেৱা কৰাৰ প্ৰতি আগ্ৰহী হোৱা দেখিবলৈ পাব। এপ্ৰিল (22 এপ্ৰিল) মাহত দশম গৃহত শনিৰ দৃষ্টি আৰু বৃহস্পতিৰ প্ৰৱেশৰ লগে লগে আপোনাৰ দশম গৃহ (মেষ ৰাশি) সক্ৰিয় হ'ব আৰু এক উন্নত ভৱিষ্যতৰ বাবে সমাজত আপোনাৰ কেৰিয়াৰ আৰু প্ৰতিচ্ছবি সলনি হ'ব। আপুনি আপোনাৰ লক্ষ্যৰ প্ৰতি অধিক স্পষ্ট আৰু বাস্তৱবাদী হৈ পৰিব।

কৰ্কট ৰাশিৰ ৰাশিফল 2023 (Karkat Rashir Rashifal 2023) -ৰ মতে আগষ্টৰ মাজভাগৰ পৰা নৱেম্বৰৰ মাজভাগলৈ সময়ছোৱা যথেষ্ট সৌভাগ্যশালী হ'ব যেতিয়া আপুনি নিজৰ সুবিধাজনক ক্ষেত্ৰৰপৰা ওলাই আহি বিকাশৰ সুযোগ গ্ৰহণ কৰিবলৈ তথা কৃতিত্ব আৰু স্বীকৃতি প্ৰাপ্ত কৰিবলৈ সমৰ্থ হ'ব।

কৰ্কট ৰাশিৰ জাতকসকলৰ প্ৰেম আৰু বিবাহিত জীৱনৰ ক্ষেত্ৰত কৰ্কট 2023 ৰাশিফলে প্ৰকাশ কৰে যে অক্টোবৰ আৰু নৱেম্বৰ মাহবোৰ সমস্যাজনক হ'ব পাৰে কিয়নো এই সময়ছোৱাত মঙ্গল গ্ৰহে আপোনাৰ চতুৰ্থ আৰু পঞ্চম গৃহত প্ৰৱেশ কৰিব আৰু আপোনাৰ সপ্তম গৃহ আৰু সপ্তম প্ৰভুৰ ওপৰত দৃষ্টি প্ৰদান কৰিব। ইয়াৰ ফলত আপুনি অত্যাধিক অধিকাৰপ্ৰৱণ হৈ পৰিব পাৰে যাৰ ফলত আপোনাৰ জীৱনসঙ্গীৰ সৈতে সংঘৰ্ষ হ'ব পাৰে। গতিকে আপুনি নিজৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত আৰু ভগৱান হনুমানক প্ৰাৰ্থনা কৰাৰ লগতে তেওঁক পাঁপাহ ৰঙা ফুল আগবঢ়োৱা উচিত। এই প্ৰতিকাৰে আপোনাক জীৱনৰ কিছুমান আৱেগিক মুহূৰ্ত ঘূৰাই অনাত সহায় কৰিব।

কিন্তু কৰ্কট ৰাশিৰ প্ৰিয় জাতকসকল, এয়া হৈছে আপোনাৰ ৰাশিৰ বাবে গোটেই বছৰটোৰ গ্ৰহীয় পৰিবহনৰ ওপৰত আধাৰিত সাধাৰণ ভৱিষ্যতবাণী কিন্তু জাতকসকলৰ বাবে নিৰ্দিষ্ট কৰাৰ বাবে আমি জাতকসকলৰ জন্ম পত্ৰিকা, গ্ৰহীয় স্থিতি আৰু দশা চাব লাগিব।

हिंदी मैं पढ़ने के लिए यहाँ क्लिक करें: कर्क 2023 राशिफल

কৰ্কট 2023 ৰাশিফল: আৰ্থিক জীৱন

কৰ্কট ৰাশিৰ ৰাশিফল 2023 (Karkat Rashir Rashifal 2023) অনুসৰি, এই বছৰ আপোনাৰ দ্বিতীয় গৃহটো (সিংহ ৰাশি) শনিৰ সপ্তম দৃষ্টি আৰু বৃহস্পতিৰ পঞ্চম দৃষ্টিৰদ্বাৰা সক্ৰিয় হ'ব, সেয়েহে আপুনি 2023 চনত এক স্থিৰ উপাৰ্জনৰ সুবিধা প্ৰাপ্ত কৰিব। নিৰন্তৰ সম্পদৰ প্ৰবাহ স্বত্বেও, বিভিন্ন কাৰণত সঞ্চয়ৰ আকাংক্ষিত স্তৰ প্ৰাপ্ত কৰিব নোৱাৰিব পাৰে।

কৰ্কট ৰাশিৰ ৰাশিফল 2023 (Karkat Rashir Rashifal 2023) অনুসৰি কিছুমান জাতকে পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা বা যিকোনো ভূমি, অট্টালিকা বা বাহন বিক্ৰী কৰি আৰ্থিক লাভালাভ প্ৰাপ্ত কৰিব পাৰে। এই বছৰ আপুনি বিত্তীয় ক্ষেত্ৰত মন্থৰ আৰু স্থিৰ বিকাশ লাভ কৰিব। আপুনি অৰ্থৰ সৈতে সম্পৰ্কিত যিকোনো বিপদাশংকা লোৱা বা অনলাইন লটাৰী বা জুৱাৰ দৰে বিপদজনক ক্ষেত্ৰত বিনিয়োগ পৰিহাৰ কৰাটো পৰিহাৰ কৰা উচিত। সমস্যাজনক দিনৰ বাবে টকা ৰাহি কৰিবলৈ চেষ্টা কৰক।

ভৱিষ্যতৰ সকলো মূল্যৱান অন্তৰ্দৃষ্টিৰ বাবে এষ্ট্ৰোচেজ বৃহ ৰাশিফল

কৰ্কট 2023 ৰাশিফল: স্বাস্থ্য

কৰ্কট ৰাশিৰ ৰাশিফল 2023 (Karkat Rashir Rashifal 2023) -য়ে কয় যে স্বাস্থ্যৰ ক্ষেত্ৰত এই বছৰটো আপোনাৰ বাবে এক অনুকূল বছৰ কিয়নো পত্ৰিকাত বিশেষ একো গুৰুত্বপূৰ্ণ নাই। কিন্তু আৱেগিক স্তৰৰ তাৰতম্যৰ বাবে আপুনি শক্তিৰ এক গুৰুত্বপূৰ্ণ ক্ষতি অনুভৱ কৰিব পাৰে। সেয়েহে আপুনি নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল। দ্বিতীয় গৃহ সক্ৰিয় হোৱাৰ বাবে (সিংহ ৰাশি) বিশেষকৈ বৃহস্পতিৰ পঞ্চম দৃষ্টিৰ ফলত আপুনি অতি তৈলাক্ত আৰু মিঠা খাদ্য গ্ৰহণ কৰাৰ প্ৰতি আসক্ত হ'ব পাৰে যাৰ বাবে আপোনাৰ ওজন বৃদ্ধি হ'ব পাৰে আৰু কলেষ্টেৰলৰ স্তৰ বা চৰ্বিযুক্ত যকৃতৰ দৰে সমস্যা সৃষ্টি হ'ব পাৰে। গতিকে, আপুনি কি খায় তাৰ প্ৰতি মনোযোগ দিয়ক। সেয়েহে আপুনি নিয়মীয়াকৈ ব্যায়াম কৰা আৰু স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰা উচিত।

কৰ্কট ৰাশিৰ ৰাশিফল 2023 (Karkat Rashir Rashifal 2023) অনুসৰি কেতু অক্টোবৰ মাহ (30 অক্টোবৰ) পৰ্য্যন্ত আপোনাৰ চতুৰ্থ গৃহত উপস্থিত থাকিব। সেয়েহে সেই সময়লৈকে আপুনি মাতৃৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগিব। তেওঁৰ সকলোবোৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাওক, চিকিৎসকৰপৰা সঠিক পৰামৰ্শ গ্ৰহণ কৰক আৰু সকলো সময়তে তেওঁৰ ওচৰত উপস্থিত থাকক।

কৰ্কট 2023 ৰাশিফল: কেৰিয়াৰ

কৰ্কট ৰাশিৰ ৰাশিফল 2023 (Karkat Rashir Rashifal 2023) -য়ে ভৱিষ্যতবাণী কৰিছে যে এই বছৰ আপোনাৰ দশম গৃহ (মেষ ৰাশি) শনিৰ দৃষ্টিৰদ্বাৰা সক্ৰিয় হ'ব আৰু এপ্ৰিল (22 এপ্ৰিল) মাহত দশম গৃহত বৃহস্পতিৰ পৰিবহনৰ ফলত হোৱা আপোনাৰ দশম গৃহৰ সক্ৰিয়কৰণে সমাজত আপোনাৰ কেৰিয়াৰ আৰু প্ৰতিচ্ছবি সলনি কৰিব যাৰ ফলত আপোনাৰ ভৱিষ্যত উন্নীত হ'ব। আপুনি আপোনাৰ লক্ষ্যৰ ক্ষেত্ৰত অধিক স্পষ্ট আৰু বাস্তৱবাদী হ'ব।

কৰ্কট ৰাশিৰ ৰাশিফল 2023 (Karkat Rashir Rashifal 2023) -অনুসৰি আগষ্টৰ মাজভাগৰ পৰা নৱেম্বৰৰ মাজভাগলৈ সময়ছোৱা যথেষ্ট সৌভাগ্যশালী হ'ব যেতিয়া আপুনি বিকাশৰ সুযোগ গ্ৰহণ কৰিবৰ বাবে নিজৰ আৰামদায়ক ক্ষেত্ৰৰপৰা ওলাই আহিবলৈ সক্ষম হ'ব আৰু কৃতিত্ব তথা স্বীকৃতি প্ৰাপ্ত কৰিব। ৰাহু ইতিমধ্যে যোৱা বছৰৰ পৰা আপোনাৰ দশম গৃহত স্থিত হৈছে আৰু ই অক্টোবৰ মাহ (30 অক্টোবৰ) লৈকে থাকিব। ৰাহুৰ শক্তিয়ে আপোনাৰ পেছাদাৰী আকাংক্ষা, পেছাদাৰী জীৱনৰ বিকাশ প্ৰাপ্ত কৰাত আৰু নতুন প্ৰকল্পত কাম কৰাৰ ক্ষেত্ৰত অতি ভাল ফলাফল প্ৰদান কৰিব। বিশেষকৈ এই বছৰ আন সমৰ্থনকাৰী গ্ৰহীয় পৰিবহনৰ বাবে ই নিশ্চিতভাৱে ভাল ফলাফল আনি দিব। আপুনি আনকি বিদেশী ভূমি বা দূৰৱৰ্তী স্থানৰপৰা ভাল কেৰিয়াৰৰ সুযোগ আশা কৰিব পাৰে। যদি আপুনি কৰ্মক্ষেত্ৰৰ পৰিৱৰ্তনৰ বাবে ইচ্ছুক তেন্তে এই বছৰ সেই আশা পূৰণ হ'ব পাৰে। আৰু যদিহে আপুনি ভাগ্যৱান হয় আৰু এই বছৰ পেছাৰ ক্ষেত্ৰত আপোনাৰ দশা ভাল হয় তেনেহ'লে আপুনি আপোনাৰ পেছাদাৰী জীৱনত এক চৎমকাৰী বিকাশ লাভ কৰিব পাৰিব।

ৰাজ-যোগৰ সময় জানিবৰ বাবে- এতিয়াই অৰ্ডাৰ কৰক: ৰাজ যোগ প্ৰতিৱেদন

কৰ্কট 2023 ৰাশিফল: শিক্ষা

কৰ্কট ৰাশিৰ ৰাশিফল 2023 (Karkat Rashir Rashifal 2023) অনুসৰি বছৰটোৰ প্ৰথমাৰ্ধ আপোনাৰ বাবে শৈক্ষিক ফলাফল প্ৰাপ্তিৰ ক্ষেত্ৰত ইমান শুভ নহয়। কম মনোযোগৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। যিসকল শিক্ষাৰ্থীয়ে তেওঁলোকৰ স্নাতকোত্তৰ আৰু পিএইচডি-ৰ দৰে উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰে তেওঁলোকৰ পচন্দ অনুসৰি নামভৰ্তি কৰাত বাধা আৰু অসুবিধাৰ সন্মুখীন হ'ব পাৰে।

বছৰটোৰ দ্বিতীয়াৰ্ধটো আপোনাৰ বাবে শুভ হ'ব যেতিয়া অধিকাংশ অনুকূল গ্ৰহে আপোনাৰ পঞ্চম গৃহত প্ৰৱেশ কৰিব, সেয়েহে আপুনি সন্মুখীন হোৱা বাধা আৰু সমস্যাৰ সমাপ্তি ঘটিব। আপোনাৰ মনোযোগ আৰু আপোনাৰ লক্ষ্যৰ প্ৰতি মনোযোগ বৃদ্ধি পাব। যিসকল শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে আৰু ফলাফল আশা কৰি আছে তেওঁলোক সফল হ'ব, আপুনি আপোনাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ব। আপুনি আপোনাৰ শিক্ষক আৰু পৰামৰ্শদাতাসকলৰপৰাও সমৰ্থন লাভ কৰিব। কিন্তু কৰ্কট ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰাসকলৰ বাবে 2023 চনত অধ্যয়নত সফলতা লাভৰ বাবে কঠোৰ পৰিশ্ৰমেই একমাত্ৰ কাৰক হ'ব পাৰে। এই বছৰটোত মনোযোগ হেৰুৱাব নালাগে বা আপোনাৰ অধ্যয়নত অন্যমনস্ক নহ'ব।

বিনামূলীয়া অনলাইন জন্ম ৰাশিফল

কৰ্কট 2023 ৰাশিফল: পাৰিবাৰিক জীৱন

প্ৰিয় কৰ্কট ৰাশিৰ জাতকসকল, কৰ্কট ৰাশিৰ ৰাশিফল 2023 (Karkat Rashir Rashifal 2023) অনুসৰি আপোনাৰ চতুৰ্থগৃহত কেতুৰ উপস্থিতিৰ বাবে আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে, বিশেষকৈ আপোনাৰ মাতৃৰ সৈতে আপোনাৰ ঘৰুৱা জীৱনত কিছুমান আৱেগিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। আপুনি পৰিয়ালৰ সৈতে আপোনাৰ সম্পৰ্কত অত্যন্ত স্বজ্ঞাত হ'ব কিন্তু প্ৰকাশ কৰাটো কঠিন হ'ব পাৰে, সেয়েহে আপুনি তাৰ প্ৰতিকাৰ হিচাপে বাটৰ কুকুৰক খাদ্য দিব লাগে যি আপোনাক নিজৰ আৱেগিক শক্তি কেন্দ্ৰীভূত কৰাত সহায় কৰিব।

বছৰটোৰ শেষৰ দুটা মাহ, অৰ্থাৎ নৱেম্বৰ আৰু ডিচেম্বৰে আপোনাৰ ঘৰুৱা জীৱনলৈ সকাহৰ অনুভূতি আনি দিব কিয়নো কেতু আপোনাৰ চতুৰ্থ গৃহৰপৰা বাহিৰলৈ যাব আৰু আপোনাৰ চতুৰ্থ প্ৰভূ শুক্ৰ ইয়াৰ গৃহত প্ৰৱেশ কৰিব। ই আপোনাৰ ঘৰখন সুখ-শান্তিৰে ভৰাই তুলিব। এই বছৰ আপোনাৰ দ্বিতীয় গৃহ (সিংহ ৰাশি) শনিৰ সপ্তম দৃষ্টি আৰু বৃহস্পতিৰ পঞ্চম দৃষ্টিৰদ্বাৰা সক্ৰিয় হ'ব গতিকে আপুনি আপোনাৰ পৰিয়াল সম্প্ৰসাৰণ হোৱাৰ আশা কৰিব পাৰে। পৰিয়ালত সন্তান জন্মৰ জৰিয়তে বা পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ জৰিয়তে এনে হ'ব পাৰে।

আপোনাৰ সকলোবোৰ প্ৰশ্নৰ উত্ত লাভ কৰক: এগৰাকী বিদ্বান জ্যোতিষীক প্ৰশ্ন সোধক

কৰ্কট 2023 ৰাশিফল: দাম্পত্য জীৱন

কৰ্কট ৰাশিৰ ৰাশিফল 2023 (Karkat Rashir Rashifal 2023) -য়ে ভৱিষ্যতবাণী কৰিছে যে প্ৰেম জীৱনৰ ক্ষেত্ৰত, কৰ্কট ৰাশিৰ জাতকসকলে তেওঁলোকৰ ব্যক্তিগত আৰু বৃত্তিগত জীৱনত ভাৰসাম্য বজাই ৰাখিব লাগিব। আপোনাৰ পেছাদাৰী জীৱনত আপুনি সন্মুখীন হোৱা আপোনাৰ সমস্যা আৰু চাপৰ বাবে আপুনি আপোনাৰ সঙ্গীক উপেক্ষা বা অসন্মান কৰিব পাৰে, যাৰ ফলত আপোনালোক দুয়োৰে মাজত মনোমালিন্যৰ সৃষ্টি হ'ব পাৰে। সেয়েহে আপুনি এই বছৰ আপোনাৰ সম্পৰ্কক সমানে অগ্ৰাধিকাৰ দিয়াটো প্ৰয়োজনীয়।

কৰ্কট ৰাশিৰ ৰাশিফল 2023 (Karkat Rashir Rashifal 2023) -য়ে প্ৰকাশ কৰে যে আপুনি অহং ভাৱ আৰু তৰ্ক-বিতৰ্ক পৰিহাৰ কৰা উচিত, কিয়নো অপ্ৰয়োজনীয় অহং মনোভাৱৰ বিবাদ আৰু তৰ্কৰ বাবে আপোনাৰ সঙ্গী আৰু আপোনাৰ মাজৰ সম্পৰ্কলৈ উত্থান-পতন আহিব পাৰে আৰু ই আপোনাৰ দাম্পত্য জীৱনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। আপোনাৰ জীৱনসঙ্গীৰ আৱেগিক প্ৰয়োজনীয়তাৰ প্ৰতি সংবেদনশীল হ'বলৈ চেষ্টা কৰক অন্যথা আপোনাৰ শীতল আচৰণৰ বাবে আৰু তেওঁৰ প্ৰয়োজনীয়তাৰ প্ৰতি আপুনি সঁহাৰি নিদিয়াৰ বাবে তেওঁ অসুখী হৈ উঠিব পাৰে ।

কৰ্কট 2023 ৰাশিফলৰ বিষয়ে অধিক জানিবৰ বাবে- শ্ৰেষ্ঠ জ্যোতিষীসকল সৈতে কথা পাতক

কৰ্কট 2023 ৰাশিফল: প্ৰেম জীৱন

কৰ্কট ৰাশিৰ ৰাশিফল 2023 (Karkat Rashir Rashifal 2023) অনুসৰি এই বছটোৰ প্ৰথমাৰ্ধই এক অতি অনুকূল পৰিস্থিতি প্ৰদান নকৰে। এই সময়ছোৱাত আপুনি আপোনাৰ সঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰত যথেষ্ট সচেতন হ'ব লাগিব কিয়নো আপুনি অতি আপত্তিজনক মৌখিক কাজিয়াত লিপ্ত হোৱাৰ আৰু আপোনাৰ সঙ্গীৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰাৰ যথেষ্ট সম্ভাৱনা আছে। গতিকে সংঘৰ্ষ পৰিহাৰ কৰিবলৈ আৰু নিজকে শান্ত কৰি ৰাখিবলৈ আৰু ধ্যান কৰিবলৈ চেষ্টা কৰাটো আপোনাৰ বাবে ভাল। আপুনি কেৱল আৱেগিক ভাৰসাম্য বজাই ৰাখিবৰ বাবে আৰু আপোনাৰ নিৰাপত্তাহীনতা দূৰ কৰিবৰ বাবে আপোনাৰ সঙ্গীৰ পৰা সহায় বিচৰা উচিত কিয়নো এনে কৰাৰ ফলত তেওঁৰ সৈতে আপোনাৰ ভুল বুজাবুজি দূৰ হ'ব আৰু আপোনালোকৰ বন্ধন শক্তিশালী হৈ উঠিব। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত সৎ হ'বলৈ চেষ্টা কৰক যাৰ ফলত পৰিয়ালৰ আশীৰ্বাদৰ সৈতে আপোনালোকৰ সম্পৰ্ক শীঘ্ৰেই বিবাহলৈ ৰূপান্তৰিত হ'ব।

প্ৰতিকাৰসমূহ

  • প্ৰতিদিনে বা প্ৰতি সোমবাৰে শিৱলিংগত গাখীৰ অৰ্পণ কৰক।
  • সদায়ে মাতৃসুলভ ব্যক্তিত্বক সন্মান প্ৰদৰ্শন কৰক আৰু নিয়মীয়াকৈ আপোনাৰ মাতৃৰপৰা আশীৰ্বাদ লওক।
  • পূৰ্ণিমাত চন্দ্ৰলৈ অৰ্ঘ্য আগবঢ়াওক।
  • চন্দ্ৰ বীজ মন্ত্ৰ জপ কৰক: 'ঔম শ্ৰাম শ্ৰীম শ্ৰৌম শ্বাহা চন্দ্ৰমাছে নমঃ!'
  • যদি সম্ভৱ হয় তেনেহ'লে যিকোনো ৰূপৰ অলংকাৰ বা মুক্তা পাথৰ বা চন্দ্ৰ পাথৰ পৰিধান কৰক।

এষ্ট্ৰোকেম্পৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে অশেষ ধন্যবাদ!

More from the section: Horoscope 3525
Buy Today
Gemstones
Get gemstones Best quality gemstones with assurance of AstroCAMP.com More
Yantras
Get yantras Take advantage of Yantra with assurance of AstroCAMP.com More
Navagrah Yantras
Get Navagrah Yantras Yantra to pacify planets and have a happy life .. get from AstroCAMP.com More
Rudraksha
Get rudraksha Best quality Rudraksh with assurance of AstroCAMP.com More
Today's Horoscope

Get your personalised horoscope based on your sign.

Select your Sign
Free Personalized Horoscope 2023
© Copyright 2024 AstroCAMP.com All Rights Reserved