• Talk To Astrologers
  • Brihat Horoscope
  • Ask A Question
  • Child Report 2022
  • Raj Yoga Report
  • Career Counseling
Personalized
Horoscope

কৰ্কট 2024 ৰাশিফল: এষ্ট্ৰোকেম্পৰ কৰ্কট ৰাশিফল পঢ়ক!

Author: Vijay Pathak | Last Updated: Sun 17 Sep 2023 2:01:00 PM

বছৰটোৰ আৰম্ভণি আপোনাৰ বাবে অনুকূল হ’ব বুলি কৰ্কট 2024 ৰাশিফল (Karkat 2024 Rashifal) অনুসৰি প্ৰকাশ কৰা হৈছে। এই বৰ্ষটোৰ প্ৰথম ছমাহত বৃহস্পতি 1 মে’ পৰ্য্যন্ত মেষ ৰাশিত আপোনাৰ দশম গৃহত স্থিত হ’ব আৰু ইয়াৰ পিছত বৃষ ৰাশিত আপোনাৰ একাদশ গৃহলৈ যাত্ৰা কৰিব। এনেক্ষেত্ৰত কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে বছৰটোৰ প্ৰথম ছমাহত আপোনাৰ দ্বিতীয় গৃহ (সিংহ ৰাশি) আৰু দশম গৃহ (মেষ ৰাশি) বৃহস্পতি আৰু শণিৰ দ্বৈত পৰিবহনৰ বাবে সক্ৰিয় হৈ উঠিব। সেয়েহে এই দ্বৈত পৰিবহনে সংকেত প্ৰদান কৰে যে এই সময়ছোৱাত আপোনাৰ জীৱনত আৰ্থিক বিকাষ পৰিলক্ষিত হ’ব, লগতে কোনো কোনো জাতকে পদোন্নতি, ধন বৃদ্ধি লাভ কৰাৰ লগতে তেওঁলোকৰ জীৱনত ধনৰ প্ৰৱাহ সুচাৰুৰূপে চলি থাকিব যাৰ ফলত বেংক বেলেঞ্চো বৃদ্ধি হ’ব। 

हिंदी मैं पढ़ने के लिए यहाँ क्लिक करें: कर्क  2024 राशिफल

1 মে’ৰ পিছত বৃহস্পতি বৃষ ৰাশিত আপোনাৰ একাদশ গৃহত প্ৰৱেশ কৰাৰ পিছত বৃহস্পতি আৰু শণিৰ দ্বৈত পৰিবহনৰ বাবে আপোনাৰ পঞ্চম গৃহ (বৃশ্চিক ৰাশি) সক্ৰিয় হ’ব। ই কৰ্কট ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে আৰু সন্তান প্ৰাপ্তিৰ বাবে প্ৰয়াস কৰি থকা জাতকসকলৰ বাবে আৰু তাৰ লগতে অবিবাহিত তথা প্ৰেমৰ সম্পৰ্কত নথকা জাতকসকলৰ বাবে অনুকূল হ’ব। কৰ্কট 2024 ৰাশিফল (Karkat 2024 Rashifal) অনুসৰি, পঞ্চম গৃহৰ সক্ৰিয়তাৰ বাবে আপোনাৰ আৰ্থিক জীৱনত কিছু আকস্মিক পৰিৱৰ্তন দেখা যাব পাৰে, সেয়েহে আপুনি সাৱধানে থকা উচিত। 1 মে’ 2024 ৰ পিছত বৃষ ৰাশি আৰু একাদশ গৃহত বৃহস্পতিৰ উপস্থিতি আপোনাৰ আৰ্থিক পৰিস্থিতিৰ বাবে অত্যন্ত শুভ প্ৰমাণিত হ’ব। আপুনি নিজৰ পিতৃ, গুৰু, বা পিতৃস্থানীয় ব্যক্তিৰ সহায়ত নিজৰ শিক্ষাৰ ক্ষেত্ৰত লাভাম্বিত  হ’ব পাৰিব কিয়নো বৃহস্পতিয়ে আপোনাৰ নৱম আৰু একাদশ গৃহত পৰিবহন কৰিব। কিন্তু যিহেতু ই হৈছে আপোনাৰ ষষ্ঠ গৃহৰো অধিপতি সেয়েহে ই আপোনাৰ জীৱনলৈ বহুতো বাধা আৰু সমস্যাও লৈ আহিব। 

এই বৰ্ষত আপুনি কোনো ধৰ্মীয় সংগঠনৰ সৈতে জড়িত হ’ব পাৰে। কৰ্কট 2024 ৰাশিফল (Karkat 2024 Rashifal) অনুসৰি, আপুনি এই সময়ছোৱাত এনে কিছুমান ব্যক্তিৰ সংস্পৰ্শলৈ আহিব যিসকল আধ্যাত্মিকতা আৰু ধৰ্মৰ প্ৰতি অধিক সমৰ্পিত। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্ব অধিক শক্তিশালী হৈ উঠিব আৰু ধৰ্মৰ প্ৰতি অধিক আগ্ৰহী হৈ উঠিব। এনে পৰিস্থিতিত এই বৰ্ষটো আপোনাৰ আধ্যাত্মিক বিকাশৰ বাবে অনুকূল বৰ্ষ প্ৰমাণিত হ’ব। এই বৰ্ষটোত আপোনাৰ দান আৰু কৰ্মই আপোনাৰ জীৱনলৈ সৌভাগ্য আৰু আৰ্থিক প্ৰাচুৰ্য্য লৈ আহিব। যিসকলৰ পূৰ্বৰেপৰাই আৰ্থিক দিশত সক্ষম তেওঁলোকে অভাৱী লোকসকলৰ প্ৰতি সহায় আগবঢ়োৱা পৰিলক্ষিত হ’ব আৰু আপুনি কোনো এনজিঅ’ৰ সৈতে জড়িত হৈ বা আকৌ কোনো নতুন এনজিঅ’ বা এনে কোনো সংগঠন খুলি মানুহৰ সহায় কৰিব। এই বৰ্ষটোত আপুনি মানুহৰ অধিক সহায় কৰা পৰিলক্ষিত হ’ব।

পৃথিৱীৰ বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনযোগে কথা পাতক আৰু জানক কেৰিয়াৰ সম্পৰ্কীয় সকলো তথ্য

 

আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা যায় এই বৰ্ষটো ডাঙৰ সংগঠনৰ পৰামৰ্শদাতাসকলৰ বাবে অত্যন্ত ভাল হ’ব। কৰ্কট 2024 ৰাশিফল (Karkat 2024 Rashifal) অনুসৰি,বিত্তীয় ক্ষেত্ৰত কাম কৰাসকলেও ভাল প্ৰদৰ্শন কৰাৰ সুয়োগ লাভ কৰিব। তথাপি এই সময়ছোৱাত আপুনি কাৰো গেৰাণ্টি নোলোৱাটো ভাল কিয়নো ইয়াৰপৰা আপোনাৰেই আৰ্থিক লোকচান হ’ব। শণি আপোনাৰ সপ্তম আৰু অষ্টম গৃহত উপস্থিত থাকিব আৰু এই গোটেই বৰ্ষটোত অষ্টম গৃহত আপোনাৰ ৰাশিত স্থিত হ’ব। অষ্টম গৃহত শণিৰ উপস্থিতিয়ে আপোনাৰ জীৱনৰ অনিশ্চয়তাসমূহ নিয়ন্ত্ৰণ কৰিব। সেইবাবে এই বৰ্ষটো কোনো পৰিৱৰ্তনৰ বাবে উপযুক্ত সময় নহয়। আপোনাৰ শহুৰ পৰিয়ালৰ সৈতে সম্পৰ্ক অত্যন্ত সৌজন্যতামূলক হ’ব আৰু ইয়াত আপোনাৰেই কিছু ত্ৰুটি দেখা যাব। আপোনাৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ যুটীয়া সম্পত্তিৰ গতি কিছু লাহে-ধীৰে হ’লেও বৃদ্ধি হোৱা দেখা যাব।

শনি আপোনাৰ সপ্তম গৃহৰ অধিপতি হিচাপে অষ্টম গৃহত স্থিত হোৱাৰ বাবে কিছু সমস্য়াৰ উদ্ভৱ হ’ব পাৰে কিন্তু যিহেতু ই নিজৰ গৃহত স্থিত হৈছে সেয়েহে আপুনি অধিক অসুবিধাৰ সম্মুখীন নহয়। কিন্তু শণিৰ এই স্থিতিৰ ফলত আপোনাৰ সৈতে জীৱনসঙ্গীৰ সম্পৰ্ক কিছু বেয়া হ’ব পাৰে, এই বুলি কয় কৰ্কট 2024 ৰাশিফল (Karkat 2024 Rashifal) য়ে। এতিয়া ৰাহু আৰু কেতুৰ ক্ষেত্ৰত দেখা যায়, গোটেই বৰ্ষটোত ৰাহু আপোনাৰ নৱম গৃহত আৰু কেতু তৃতীয় গৃহত স্থিত হ’ব। এনে পৰিস্থিতিত, আপুনি যথেষ্ট ধাৰ্মিক আৰু আধ্যাত্মিক হৈ থাকিব কিন্তু নৱম গৃহত ৰাহুৰ উপস্থিতিৰ বাবে আপুনি ধৰ্ম বা আধ্যাত্মিকতাৰ লগত জড়িত সামাজিক নিয়ম ভংগ কৰিব পাৰে যাৰ বাবে আপুনি কিছু সৰু-সুৰা সমস্যাৰো সম্মুখীন হ’ব পাৰে। কিন্তু এইক্ষেত্ৰত বৃহস্পতিয়ে আপোনাৰ সহায় কৰিব আৰু আপুনি সমস্যা তথা বিবাদৰপৰা সকাহ পোৱাত সফল হ’ব। তৃতীয় গৃহত কেতুৰ পৰিবহনে আপোনাৰ ভাই-ভনীৰ সৈতে সম্পৰ্কক প্ৰভাৱিত কৰিব পাৰে। ইয়াৰ লগতে আপোনাৰ অভিৰূচি, অভ্যাস আৰু মনোবৃত্তি কেতুৰ স্থিতিৰ বাবে প্ৰভাৱিত হ’ব পাৰে। এই কথাটো মনত ৰাখিব যে এই বৰ্ষটো আপোনাৰ বাবে যথেষ্ট অনুকূল হ’ব। এই সময়খিনিক আপুনি নিজৰ জীৱনটোৰ বিকাশ কৰাৰ বাবে ব্যৱহাৰ কৰাটো ভাল হ’ব।

 Click here to read in English: Cancer 2024 Horoscope



ভৱিষ্যতৰ সকলোবোৰ মূল্যৱান অন্তৰ্দৃষ্টিৰ বাবেএষ্ট্ৰোচেজ বৃহ ৰাশিফল

কৰ্কট ৰাশি : আৰ্থিক জীৱন 

এই বৰ্ষটো আৰ্থিক দৃষ্টিকোণৰপৰা আপোনাৰ বাবে যথেষ্ট অনুকূল হ’ব কিয়নো বছৰটোৰ আৰম্ভণিতে শণিৰ সপ্তম দৃষ্টি আৰু বৃহস্পতিৰ পঞ্চম দৃষ্টিৰদ্বাৰা আপোনাৰ দ্বিতীয় গৃহ (সিংহ ৰাশি) সক্ৰিয় হৈ উঠিব। সেয়েহে আপোনাৰ স্থিৰ উপাৰ্জন থাকিব আৰু লাভ, বেংক বেলেঞ্চ, আৰু ধন সঞ্চয় কৰাৰ বহুতো সুযোগ লাভ কৰিব। কৰ্কট 2024 ৰাশিফল (Karkat 2024 Rashifal) অনুসৰি, ইয়াৰ পিছত 1 মে’ৰ পিছত যেতিয়া বৃহস্পতি আপোনাৰ একাদশ গৃহত প্ৰৱেশ কৰিব তেতিয়া এই সময়খিনি আপোনাৰ বাবে বিনিয়োগ আৰু ধন লাভৰ বৃদ্ধিৰ বাবে অনুকূল হ’ব। আপুনি নিজৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ পিতৃ, গুৰু অথবা পিতৃতুল্য কোনো ব্যক্তিৰ সহায়ৰদ্বাৰা উপকৃত হ’ব।

1 মে’ 2024 ত বৃহস্পতি আপোনাৰ একাদশ গৃহত পৰিবহন কৰিব কিন্তু যিহেতু বৃহস্পতি হৈছে আপোনাৰ ষষ্ঠ গৃহৰ অধিপতি সেয়েহে আপুনি কিছু সমস্যাৰ সম্মুখীন হ’ব পাৰে। এই বৰ্ষটোত আপুনি দান আৰু সৌভাগ্যৰ ফলস্বৰূপে বিত্তীয় লাভ প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। কিন্তু বৃহস্পতি আপোনাৰ নৱম গৃহৰো অধিপতি আৰু ই একাদশ গৃহত পৰিবহন কৰিব সেয়েহে আপুনি এই সময়ছোৱাত কোনো গুৰুত্বপূৰ্ণ কাম হাতত নোলোৱাটো ভাল আৰু কোনো ব্যক্তিৰ গেৰাণ্টী নল’ব। কাৰণ ইয়াৰদ্বাৰা আপোনাৰ ধন হানি হ’ব পাৰে। এনে পৰিস্থিতিত কৰ্কট ৰাশিফল অনুসৰি এই বৰ্ষটো আৰ্থিক দৃষ্টিকোণৰপৰা সাধাৰণভাৱে অনুকূল হ’ব। আপুনি নিজৰ জীৱনটো তথা আৰ্থিক স্থিতি শক্তিশালী কৰাৰ বাবে এই সময়ছোৱাৰ সদব্যৱহাৰ কৰাটো ভাল।

আপোনাৰ সোঁৱৰণি শুভ যোগ আছে নে বাৰু? জানিবৰ বাবে এতিয়াই ক্ৰয় কৰক বৃহকুণ্ডলী

কৰ্কট ৰাশি : স্বাস্থ্য 

কৰ্কট ৰাশিৰ জাতকসকলৰ স্বাস্থ্য এই বৰ্ষটোত মধ্যমীয়া হ’ব। কৰ্কট 2024 ৰাশিফল (Karkat 2024 Rashifal) অনুসৰি, এই বৰ্ষটোত আপোনাৰ জীৱনত কোনো ধৰণৰ ডাঙৰ বা গুৰুতৰ সমস্যাই দেখা পোৱা নাযাব। কিন্তু তৃতীয় গৃহত কেতুৰ উপস্থিতিৰ বাবে আপোনাৰ সোঁহাত বা সোঁবাহুৰ কোনো সমস্যা হ’ব পাৰে। ইয়াৰ উপৰিও আপোনাৰ কথা-বতৰা কিছু খিংখিঙীয়া বা আক্ৰমণাত্মক হৈ পৰিব পাৰে। এইক্ষেত্ৰত আপুনি কিছু সতৰ্কৱান হৈ থকাটো আৱশ্যকীয়। আনহাতে আপোনাৰ অষ্টম গৃহত শণিৰ উপস্থিতিয়ে জীৱনপ অনিশ্চয়তাসমূহ হ্ৰাস কৰিব। কিন্তু লগতে স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্বহীনতাৰ বাবে ইউটীআই, সংক্ৰমণ, আৰু যৌন অংগৰ খজুৱতী বা কেন্সাৰ ৰোগ পৰ্য্যন্ত হ’ব পাৰে। এনে পৰিস্থিতিত কৰ্কট 2024 ৰাশিফল (Karkat 2024 Rashifal) অনুসৰি কৰ্কট ৰাশিৰ জাতকসকলে নিজৰ চাফ-চিকুণতাৰ প্ৰতি অধিক গুৰুত্ব দিয়া উচিত। ইয়াৰ পিছত 20 অক্টোবৰৰপৰা মঙ্গলৰ অস্ত হ’ব। মঙ্গল আপোনাৰ বাবে এক যোগকাৰক গ্ৰহ আৰু ইয়াৰ অস্ত আপোনাৰ বাবে অনুকূল নহয়। তাৰ বাবে এই সময়ছোৱাত আপোনাৰ জীৱনলৈ বহুতো সমস্যাৰ আগমন ঘটিব পাৰে। কিন্তু যিহেতু ই আপোনাৰ লগ্নৰ ওপৰত প্ৰভাৱ পেলাব সেয়েহে এনে পৰিস্থিতিত আপোনাৰ স্বাস্থ্য বেয়া হোৱাৰ লগতে মানসিক স্তৰত ঘটা বহুতো উত্থান-পতনৰ বাবে শক্তি হ্ৰাস হোৱা দেখা যাব। সেয়েহে আপুনি নিজৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ লগতে স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো আৱশ্যকীয়। 

এতিয়া আপোনাৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ লাভ কৰক:এগৰাকী বিদ্বান জ্যোতিষীক প্ৰশ্ন সোধক

কৰ্কট ৰাশি : কেৰিয়াৰ 

যোৱা বৰ্ষটোৰ দৰে এই বৰ্ষতো 1 মে’ পৰ্য্যন্ত শণিৰ দৃষ্টি আৰু দশম গৃহত বৃহস্পতিৰ উপস্থিতিৰ দ্বৈত পৰিবহনৰ বাবে আপোনাৰ দশম গৃহ (মেষ ৰাশি) সক্ৰিয় হৈ থাকিব। ইয়াৰ পিছত বৃহস্পতি আপোনাৰ বৃষ ৰাশিৰ একাদশ গৃহলৈ যাত্ৰা কৰিব। এনে পৰিস্থিতিত কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে দশম গৃহৰ সক্ৰিয়তা উন্নত ভৱিষ্যত আৰু  সমাজত প্ৰতিচ্ছবি পৰিৱৰ্তন কৰিবৰ বাবে সহায়ক প্ৰমাণিত হ’ব, এই বুলি কৰ্কট 2024 ৰাশিফল (Karkat 2024 Rashifal) -য়ে ভৱিষ্যতবাণী কৰে। এই পৰিস্থিতিত আপুনি নিজৰ লক্ষ্যৰ প্ৰতি অধিক বাস্তৱিক আৰু যুক্তিসন্মত হোৱা পৰিলক্ষিত হ’ব। কৰ্কট ৰাশিৰ যিসকল জাতক কোনো ডাঙৰ সংগঠনৰ পৰামৰ্শদাতা বা কাউন্সিলাৰ তেওঁলোকৰ বাবে এই বৰ্ষটো উত্তম হ’ব। ইয়াৰ উপৰিও এই ৰাশিৰ যিসকল জাতক আৰ্থিক দিশৰপৰা সক্ষম তেওঁলোকে কোনো এনজিঅ’ বা কোনো লাভকাৰী সংগঠন বা আধ্যাত্মিক সংগঠন খোলাৰ পৰিকল্পনা কৰিব পাৰে। আৰু ইয়াৰদ্বাৰা তেওঁলোকে সমাজৰ কল্যাণৰ বাবে ধন সংগ্ৰহ কৰা পৰিলক্ষিত হ’ব। ইয়াৰ পিছত 5 ফেব্ৰুৱাৰীৰপৰা 15 মাৰ্চ পৰ্য্যন্ত সময়ছোৱা কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ বাবে বছৰটোৰ আটাইতকৈ ভাল সময় হিচাপে প্ৰমাণিত হ’ব কাৰণ এই সময়ছোৱাত আপোনাৰ দশম গৃহৰ অধিপতি উচ্চ ৰাশিত স্থিত হ’ব। এই সময়ছোৱা কৰ্কট ৰাশিৰ সেইসকল জাতকৰ বাবে অনুকূল হ’ব যি নিজৰ ব্যৱসায়িক জীৱন আৰম্ভ কৰাৰ কথা ভাবিছে। 1 মে’ৰ পিছত আপোনাৰ পঞ্চম গৃহ (বৃশ্চিক ৰাশি) সক্ৰিয় হোৱাৰ বাবে আপোনাৰ জীৱনলৈ কিছুমান আকস্মিক পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে। এই পৰিৱৰ্তন শুভ নে অশুভ হ’ব সেয়া আপোনাৰ দশাৰ ওপৰত নিৰ্ভৰ কৰে। 20 অক্টোবৰৰ পিছত বছৰটোৰ শেষলৈকে সময়খিনিত আপোনাৰ আৰ্থিক পৰিস্থিতিলৈ কিছু সংকট আহিব পাৰে কাৰণ এই সময়খিনিত আপোনাৰ দশম গৃহৰ অধিপতি মঙ্গল দুৰ্বল হৈ থাকিব। সেয়েহে এই সময়খিনিত আপুনি কোনো ডাঙৰ সিদ্ধান্ত বা ব্যৱসায়িক কাৰ্য্য লোৱাটো পৰিহাৰ কৰক।

বিনামূলীয়া অনলাইন জন্ম ৰাশিফল

কৰ্কট ৰাশি : শিক্ষা 

কৰ্কট ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে এই বৰ্ষটো অত্যন্ত শুভ হ’ব কাৰণ বছৰটোৰ আৰম্ভণিতে আপোনাৰ পঞ্চম গৃহৰ অধিপতি মঙ্গল উচ্চ ৰাশিত পৰিবহন কৰিব যাৰ বাবে আপুনি 5 ফেব্ৰুৱাৰীৰপৰা 15 মাৰ্চলৈকে উদ্যমী আৰু নিজৰ লক্ষ্যৰ প্ৰতি কেন্দ্ৰিত হৈ থাকিব। ইয়াৰ পিছত, কৰ্কট 2024 ৰাশিফল (Karkat 2024 Rashifal) অনুসৰি  বৰ্ষটোৰ দ্বিতীয়াৰ্দ্ধত আপোনাৰ পঞ্চম গৃহ (বৃশ্চিক ৰাশি)1 মে’ 2024 ৰ পিছত সক্ৰিয় হ’ব কাৰণ এই সময়খিনিত বৃহস্পতিয়ে নিজৰ সপ্তম দৃষ্টিৰদ্বাৰা পঞ্চম গৃহত আৰু শণিয়ে আপোনাৰ দশম গৃহৰপৰা পঞ্চম গৃহত প্ৰভাৱ পেলাব। সেয়েহে যদিহে আপুনি নিজৰ অধ্যয়নত কোনো নতুন আৰম্ভণি কৰিব বিচাৰে তেনেহ’লে এই সময়খিনি আপোনাৰ বাবে অনুকূল প্ৰমাণিত হ’ব। এই ৰাশিৰ যিসকল লোকে কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে এই বৰ্ষত নিজৰ সম্পূৰ্ণ মনোযোগ অধ্যয়নত নিৱিষ্ট কৰা উচিত। কৰ্কট 2024 ৰাশিফল (Kark 2024 Rashifal) অনুসৰি 20 অক্টোবৰৰপৰা বছৰৰৰ শেষলৈকে সময়ছোৱা আপোনাৰ বাবে অধিক অনুকূল নহ’ব কিয়নো এই সময়ছোৱাত আপুনি নিজৰ লক্ষ্যৰপৰা বিচলিত হ’ব পাৰে। ইয়াৰ কাৰণ হৈছে এই সময়ছোৱাত আপোনাৰ পঞ্চম গৃহৰ অধিপতি মঙ্গলৰ অস্ত হ’ব, সেয়েহে আপুনি আন কাম-কাজৰ লগতে নিজৰ পঢ়া-শুনাতো মন দিয়া উচিত। মুঠতে এই বৰ্ষটো কৰ্কট ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে উত্তম প্ৰমাণিত হ’ব। আপুনি নিজৰ সমৰ্পণ, কঠোৰ পৰিশ্ৰম, আৰু ইতিবাচকতাৰদ্বাৰা উৎকৃষ্ট ফল প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।

কৰ্কট ৰাশি : পাৰিবাৰিক জীৱন

পাৰিবাৰিক জীৱনৰ ভৱিষ্যতবাণীৰ ক্ষেত্ৰত ক’ব পৰা যায় যে এই বছৰটো আপোনাৰ বাবে মধ্যমীয়া হ'ব। আপোনাৰ চতুৰ্থ গৃহত কেতুৰ উপস্থিতিৰ বাবে, আপুনি যোৱা বছৰ সন্মুখীন হোৱা সমস্যাবোৰৰ পৰা এই বছৰ নিশ্চিতভাৱে সকাহ পাব। কৰ্কট 2024 ৰাশিফল (Karkat 2024 Rashifal) অনুসৰি বছৰটোৰ আৰম্ভণিৰ সময়খিনি ভালদৰে পাৰ হ'ব। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত, আপুনি আপোনাৰ বৃত্তিগত জীৱনৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰিব, যাৰ বাবে আপুনি নিজৰ ঘৰুৱা দায়িত্ববোৰ উপেক্ষা কৰা দেখা যাব। ইয়াৰ পিছত, ছেপ্টেম্বৰ মাহত আৰু অক্টোবৰৰ প্ৰথমাৰ্দ্ধ আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে আটাইতকৈ ফলদায়ক প্ৰমাণিত হ'ব। এই সময়ছোৱাত আপোনাৰ ঘৰখন সুখেৰে ভৰি পৰিব, কিন্তু  20 অক্টোবৰৰ পিছত, কৰ্কট ৰাশিত মঙ্গল গ্ৰহৰ পৰিবহন আৰু ইয়াৰ অস্তৰ বাবে, আপোনাৰ জীৱনলৈ বহুতো সমস্যাৰ আগমন ঘটিব পাৰে,  যি  আপোনাৰ ঘৰুৱা জীৱনক প্ৰভাৱিত কৰিব পাৰে।  আপোনাৰ 4ৰ্থ গৃহত স্থিত মঙ্গলে আপোনাক নিজৰ ঘৰৰ প্ৰতি অলপ কৰ্তৃত্বশীল কৰি তুলিব পাৰে, যাৰ বাবে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বৃত্তিগত জীৱনো এই সময়ত বিশেষ অনুকূল নহ'ব আৰু ই আপোনাৰ ঘৰুৱা জীৱনত প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব। ইয়াৰ উপৰিও, এই বছৰ আপোনাৰ সন্তানৰ দুৰ্বল স্বাস্থ্যৰ বাবে আপোনাৰ পৰিয়ালৰ সুখ-শান্তি ব্যাহত হ'ব পাৰে। সপ্তম গৃহত মঙ্গলৰ সপ্তম দৃষ্টিৰ বাবে জীৱনসঙ্গীৰ সৈতে সমস্যাৰ সৃষ্টি হ'ব পাৰে, সেয়েহে কৰ্কট ৰাশিৰ জাতকসকলে বছৰটোৰ শেষভাগত ঘৰুৱা জীৱন বা পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত অধিক সাৱধান হৈ থকা উচিত।

কৰ্কট 2024 ৰাশিফলৰ বিষয়ে অধিক জানিবৰ বাবে- শ্ৰেষ্ঠ জ্যোতিষীসকলৰ সৈতে কথাপাতক

কৰ্কট ৰাশি : বৈবাহিক জীৱন

এই বৰ্ষত আপোনাৰ বৈবাহিক জীৱন অনুকূল থাকিব কিয়নো বৰ্ষটোৰ আৰম্ভণিত আপোনাৰ সপ্তম গৃহত কোনো অশুভ গ্ৰহৰ প্ৰভাৱ নাই। কৰ্কট 2024 ৰাশিফল (Karkat 2024 Rashifal) অনুসৰি, 5 ফেব্ৰুৱাৰীৰপৰা 15 মাৰ্চ পৰ্য্যন্ত সময়ছোৱাত যেতিয়া  আপোনাৰ উচ্চ মঙ্গল আপোনাৰ সপ্তম গৃহত স্থিত হ’ব তেতিয়া এই সময়ছোৱা আপোনাৰ প্ৰেমৰ সম্পৰ্কক বিবাহৰ ৰূপ দিবৰ বাবে অনুকূল সময় প্ৰমাণিত হ’ব। কিন্তু ইয়াত অষ্টম গ্ৰহৰ উপস্থিতিয়ে আপোনাৰ সম্পৰ্কক কিছু আক্ৰমণাত্মক কৰি তুলিব পাৰে। যি আপোনাৰ সুখী বৈবাহিক জীৱনৰ বাবে শুভ সংকেত নহয়। ইয়াৰ পিছত আপোনাৰ সপ্তম গৃহৰ অধিপতি শণি গোটেই বছৰটোৰ বাবে আপোনাৰ অষ্টম গৃহত স্থিত হ’ব। সপ্তম গৃহৰ অধিপতিৰ অষ্টম গৃহত উপস্থিতিক সাধাৰণতে ভাল বুলি গণ্য কৰা নহয়। ই বিবাহিত জীৱনত বহুতো সমস্যা আৰু জটিলতাক সূচিত কৰে। কিন্তু আপোনাৰ বাবে সপ্তম গৃহৰ অধিপতি হিচাপে শণিৰ অষ্টম গৃহত পৰিবহন প্ৰতিকূল নহ’ব কিয়নো আপোনাৰ জীৱনত অনিশ্চয়তা আৰু সমস্যাসমূহ ই হ্ৰাস কৰিব। কৰ্কট 2024 ৰাশিফল (Karkat 2024 Rashifal) অনুসৰি অষ্টম গৃহত সপ্তম গৃহৰ অধিপতিৰ পৰিবহনৰ সময়ত আপুনি নিজৰ বিবাহ আৰু জীৱনসঙ্গীক লৈ অত্যন্ত গোপনীয়তা ৰক্ষা কৰিব। শহুৰ পৰিয়ালৰ লগত আপোনাৰ সম্পৰ্ক অতি সৌজন্যতাসূচক আৰু কম আৱেগিক হ’ব।  অষ্টম গৃহত শণিৰ উপস্থিতিয়ে আপোনাৰ সৈতে আপোনাৰ জীৱনসঙ্গীৰ অন্তৰংগতা হ্ৰাস কৰিব পাৰে কিন্তু ই এক ইতিবাচক পৰিস্থিতি হিচাপেও প্ৰমাণিত হ’ব পাৰে কিয়নো আপোনাৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ যুটীয়া সম্পত্তি বৃদ্ধি হোৱাৰ ই সংকেত দিয়ে।

কৰ্কট ৰাশি : প্ৰেম জীৱন 

এই বৰ্ষত আপোনাৰ প্ৰেম জীৱন পঞ্চম গৃহত (বৃশ্চিক ৰাশি) বৃহস্পতি আৰু শণিৰ দ্বৈত পৰিবহনৰ বাবে সক্ৰিয় হৈ উঠিব। 1 মে’ 2024 ৰ পিছত বৃহস্পতি বৃষ ৰাশি আৰু আপোনাৰ একাদশ গৃহত প্ৰৱেশ কৰিব আৰু আপোনাৰ পঞ্চম গৃহত দৃষ্টি পেলাব। ইয়াৰ লগতে, কৰ্কট 2024 ৰাশিফল (Karkat 2024 Rashifal) অনুসৰি শণিয়ে নিজৰ দশম দৃষ্টিৰপৰা প্ৰভাৱ পেলাব সেয়েহে কৰ্কট ৰাশিৰ যিসকল জাতক বহুদিন ধৰি অকলশৰীয়া হৈ আছে তেওঁলোকৰ জীৱনলৈ ৰোমাণ্টিক সময়ৰ আগমন ঘটিব পাৰে আৰু আপুনি কোনো বিশেষ ব্যক্তিৰ প্ৰেমত পৰিব পাৰে।  আৰু এই ৰাশিৰ যিসকলৰ জাতকৰ কোনো ব্যক্তিৰ প্ৰতি আকৰ্ষণ আছে অৰ্থাৎ কাৰোবাক ভাল পায় কিন্তু মনৰ ভাৱনা প্ৰকাশ কৰিবলৈ সাহৰ অভাৱ তেওঁলোকৰ বাবে 1 মে’ৰপৰা অক্টোবৰৰ আৰম্ভণিৰ সময়খিনি নিজৰ মনৰ ভাল প্ৰকাশ কৰিবৰ বাবে অনুকূল হ’ব। এই সময়ছোৱাত আপুনি নিজৰ পছন্দৰ ব্যক্তিক প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে। যিসকল পূৰ্বৰেপৰাই কোনো সম্পৰ্কত আছে তেওঁলোকে নিজৰ জীৱনসঙ্গীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব আৰু নিজৰ সম্পৰ্কক বিবাহলৈও ৰূপান্তৰ কৰিব পাৰে। কৰ্কট 2024 ৰাশিফল (Karkat 2024 Rashifal) অনুসৰি 20 অক্টোবৰৰপৰা বছৰৰ শেষলৈকে সময়ছোৱা কিছু জটিলতাপূৰ্ণ হ’ব কাৰণ এই সময়খিনিত মঙ্গল আপোনাৰ প্ৰথম গৃহত (কৰ্কট ৰাশি) নিম্নস্থানত থাকিব যাৰ ফলত আপোনাৰ প্ৰেমৰ সম্পৰ্কত সমস্যাৰ উদ্ভৱ হ’ব পাৰে। আপোনাৰ জীৱনসঙ্গীৰ সৈতে কোনো বিষয়ক লৈ কাজিয়া হোৱাৰ প্ৰৱল সম্ভাৱনা আছে সেয়েহে কৰ্কট ৰাশিৰ জাতকসকল এই সময়ছোৱাত সতৰ্ক হৈ থকা উচিত, লগতে আক্ৰমণাত্মক নোহোৱাটো ভাল আৰু নিজৰ আচৰণৰ প্ৰতি লক্ষ্য ৰাখক।

ৰাজ যোগৰ সময় জানিবৰ বাবে-এতিয়াই অৰ্ডাৰ কৰক: ৰাজ যোগ প্ৰতিৱেদন

কৰ্কট 2024 ৰাশিফল : প্ৰতিকাৰ

  • প্ৰতিদিনে বা প্ৰত্যেক সোমবাৰে শিৱলিংগত গাখীৰ দিয়ক।
  • সদায় মাতৃ স্বৰূপৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক আৰু নিয়মীয়াকৈ নিজৰ মাতৃৰ আশীৰ্বাদ গ্ৰহণ কৰক।
  • পূৰ্ণিমাত চন্দ্ৰলৈ অৰ্ঘ্য আগঢ়াওক।
  • চন্দ্ৰ বীজ মন্ত্ৰ জপ কৰক: 'ওম শ্ৰাম শ্ৰীম শ্ৰৌম श्रौं সঃ চন্দ্ৰমসে নমঃ!'
  • যদি সম্ভৱ হয় তেনেহ’লে চন্দ্ৰৰ কোনো আভূষণ বা মুকুতাৰ মালা অথবা চন্দ্ৰ ৰত্ন ধাৰণ কৰক।
  • ঋণাত্মকতা নাইকিয়া কৰিবৰ বাবে সদায় সন্ধ্যা সময়ত  ঘৰৰ ভিতৰত কৰ্পূৰ সুগন্ধ বিয়পাওক।
  • প্ৰতিদিনে কমেও 10 মিনিট পৰ্য্যন্ত চন্দ্ৰৰ পোহৰত ধ্যান কৰক।
  • সদায় নাৰিকল তেলেৰে ভৰি মালিচ কৰক।
  • নিজৰ ঘৰত বগা ফুল লগাওক আৰু প্ৰতিপালন কৰক।

 

সঘনাই সোধা প্ৰশ্ন

প্ৰশ্ন 1.  কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো বিশেষ হ’ব নে? 

উত্তৰ. বাৰ্ষিক ভৱিষ্যতবাণী অনুসৰি কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো উত্তম হ’ব।

প্ৰশ্ন 2.  2024 বৰ্ষটো কৰ্কট ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল হ’ব নে?

উত্তৰ. 2024 বৰ্ষটো কৰ্কট ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে শুভ প্ৰমাণিত হ’ব।

প্ৰশ্ন 3. কৰ্কট ৰাশিৰ জাতকসকলৰ স্বভাৱ কেনেকুৱা? 

উত্তৰ. কৰ্কট ৰাশিৰ জাতকসকল আৱেগিক স্বভাৱৰ হয়। তেওঁলোকৰ স্বভাৱত দুৰ্বলতা আৰু দৃঢ়তা দুয়োটাই দেখা পোৱা যায়।

প্ৰশ্ন 4. কৰ্কট ৰাশিৰ জাতকসকলৰ শত্ৰু কোন? 

উত্তৰ. কুম্ভ ৰাশিৰ জাতকসকলক কৰ্কট ৰাশিৰ শত্ৰু হিচাপে গণ্য কৰা হয়।

প্ৰশ্ন 5. কৰ্কট ৰাশিৰ জাতকসকলৰ ভাল দিন কেতিয়া আৰম্ভ হ’ব? 

উত্তৰ. 2024 বৰ্ষৰ মাৰ্চৰপৰা মে’ মাহলৈ সময়খিনি কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে অধিক ফলদায়ক হ’ব।

 

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক:অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এনেধৰণৰ আৰু অধিক প্ৰৱন্ধ লাভ কৰিবৰ বাবে এষ্ট্ৰোকেম্পৰ সৈতে সংযুক্ত হৈ থাকক। ধন্যবাদ !

More from the section: Horoscope 3748
Buy Today
Gemstones
Get gemstones Best quality gemstones with assurance of AstroCAMP.com More
Yantras
Get yantras Take advantage of Yantra with assurance of AstroCAMP.com More
Navagrah Yantras
Get Navagrah Yantras Yantra to pacify planets and have a happy life .. get from AstroCAMP.com More
Rudraksha
Get rudraksha Best quality Rudraksh with assurance of AstroCAMP.com More
Today's Horoscope

Get your personalised horoscope based on your sign.

Select your Sign
Free Personalized Horoscope 2024
© Copyright 2024 AstroCAMP.com All Rights Reserved