• Talk To Astrologers
  • Brihat Horoscope
  • Ask A Question
  • Child Report 2022
  • Raj Yoga Report
  • Career Counseling
Personalized
Horoscope

মিথুন 2024 ৰাশিফল: এষ্ট্ৰোকেম্পৰ মিথুন ৰাশিফল পঢ়ক!

Author: Vijay Pathak | Last Updated: Sun 17 Sep 2023 2:07:00 PM

এষ্ট্ৰোকেম্পৰ মিথুন 2024 ৰাশিফল (Mithun 2024 Rashifal) প্ৰৱন্ধটোত 2024 বৰ্ষটোৰ বাবে মিথুন ৰাশিৰ জাতকসকলৰ ভৱিষ্যতৰ তথ্য প্ৰদান কৰা হৈছে। আপুনিও জানিব বিচাৰে নেকি এই বৰ্ষত আপোনাৰ প্ৰেম জীৱন কেনে হ’ব? বৰ্ষ 2024 ত আপোনাৰ আৰ্থিক পৰিস্থিতি আৰু কেৰিয়াৰলৈ সন্তুলন আহিব নে নাহে? এই বৰ্ষত আপোনাৰ স্বাস্থ্য ভালে থাকিব নে অথবা আপুনি কোনো স্বাস্থ্যজনিত সমস্যাৰ সম্মুখীন হ’ব নেকি? মিথুন ৰাশিফল 2024 ভৱিষ্যতবাণীয়ে আপোনাৰ এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিব। এই সকলোবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিস্তৃত ভৱিষ্যতবাণী জানিবৰ বাবে এই প্ৰৱন্ধটো শেষলৈকে নিশ্চিতভাৱে পঢ়ক। 

हिंदी मैं पढ़ने के लिए यहाँ क्लिक करें: मिथुन 2024 राशिफल

মিথুন ৰাশিৰ জাতকসকলে এই বৰ্ষত কিছু প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব পাৰে। এটা কথা মনত ৰাখিব যে গুৰুত্বহীনতাৰ বাবে আপুনি সমস্যা আৰু অসুবিধাৰ সম্মুখীন হ’ব পাৰে। যিসকল লোকৰ কোনো আদালতৰ গোচৰ চলি আছে অথবা কোনো চৰকাৰী গোচৰ চলি আছে, আপোনাৰ সম্মুখলৈ বিপৰীত স্থিতিও আহিব পাৰে। 

সেয়েহে কাকো ধন ধাৰলৈ নিদিব আৰু নিজেও এই সময়ছোৱাত কোনো ঋণ নল’ব। ইয়াৰ উপৰিও আপুনি স্বাস্থ্যজনিত সমস্যাৰো সম্মুখীন হ’ব পাৰে। আপোনাৰ বৃক্কৰ পাথৰ, মূত্ৰনলীৰ সংক্ৰমণ, খজুৱতী বা যৌন অংগৰ সংক্ৰমণ হ’ব পাৰে। মিথুন ৰাশিৰ মহিলাকসকলৰ হৰ্মনেল অসন্তুলনৰ সমস্যা হ’ব পাৰে আৰু গৰ্ভৱতী মহিলাসকলে নিজৰ সন্তানৰ স্বাস্থ্যক লৈ অধিক সাৱধান হোৱা উচিত। অৱশ্যে, জানুৱাৰীৰ মাজভাগত পৰিস্থিতি লাহে লাহে ভাললৈ আহিব আৰু আপুনি কোনো ভাল খবৰ লাভ কৰিব পাৰে। মাৰ্চ আৰু এপ্ৰিল মাহত আপুনি নিজৰ স্বাস্থ্যক লৈ অধিক সাৱধান হৈ থাকিব লাগিব।

পৃথিৱীৰ বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনযোগে কথা পাতক আৰু জানক কেৰিয়াৰ সম্পৰ্কীয় সকলো তথ্য

এই বৰ্ষত 1 মে’2024 পৰ্য্যন্ত বৃহস্পতি আৰু শণিৰ দ্বৈত পৰিবহনৰ বাবে আপোনাৰ তৃতীয় গৃহ (সিংহ) আৰু একাদশ গৃহ (মেষ) সক্ৰিয় হৈ উঠিব। মিথুন 2024 ৰাশিফল (Mithun 2024 Rashifal) অনুসৰি, বছৰটোৰ প্ৰথমাৰ্দ্ধত তৃতীয় গৃহৰ সক্ৰিয়তা আপোনাৰ বাবে অনুকূল প্ৰমাণিত হ’ব। আপোনাৰ মাজত সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপোনাৰ সাংসাৰিক সুখো বৃদ্ধি হ’ব। আনহাতে, একাদশ গৃহৰ সক্ৰিয়কৰণ আপোনাৰ আৰ্থিক বিনিয়োগৰ বাবে ভাল হ’ব, আপোনাৰ আকাংক্ষাসমূহ পূৰণ হ’ব, আৰ্থিক লাভ হোৱাৰ যোগ আছে আৰু তাৰ লগতে কেৰিয়াৰত পদোন্নতি লাভ, সামাজিক জীৱনৰ বিকাশ হোৱাৰ সম্ভাৱনা আছে। তদুপৰি প্ৰভাৱশালী লোকৰ সৈতে আপোনাৰ সম্পৰ্ক স্থাপন হ’ব পাৰে। সেয়েহে আপুনি এই সময়ছোৱাক নিজৰ বিকাশৰ বাবে সদব্যৱহাৰ কৰাটো আৱশ্যকীয়।

1 মে’ ৰ পিছত আপোনাৰ ষষ্ঠ গৃহ (বৃশ্চিক) সক্ৰিয় হৈ উঠিব আৰু আপোনাৰ দ্বাদশ গৃহৰ দৃষ্টি ষষ্ঠ গৃহত পৰিব। ষষ্ঠ গৃৃহৰ সক্ৰিয়কৰণ আপোনাৰ বাবে শুভ নহ’বও পাৰে। ই আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু আপোনাৰ বৃক্কৰ পাথৰ, মূত্ৰ নলীৰ সংক্ৰমণ বা কোনো ধৰণৰ খজুৱতী বা যৌন অংগৰ সংক্ৰমণ হ’ব পাৰে। এই সমস্যাবোৰ বছৰটোৰ আৰম্ভণিতে হ’ব পাৰে। ষষ্ঠ গৃহ সক্ৰিয় হোৱাৰ ফলস্বৰূপে আপুনি কোনো ডাঙৰ ধাৰত পোত যাব পাৰে। আদালতৰ গোচৰ আৰু কানুনী বিষয়তো আপুনি সমস্যাৰ সম্মুখীন হ’ব পাৰে।

আপোনাৰ জীৱনসঙ্গীৰ স্বাস্থ্যৰ অৱনি হ’ব পাৰে আৰু তেওঁৰ কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। আপোনাৰ জীৱনসঙ্গীৰ সৈতে মতভেদো হ’ব পাৰে। মিথুন 2024 ৰাশিফল (Mithun 2024 Rashifal) -ৰ মতে, ষষ্ঠ গৃহৰ সক্ৰিয়তাই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে সেয়েহে আপুনি এই সময়ছোৱাত সাৱধানে থকা উচিত। কেৰিয়াৰৰ বিকাশ আৰু চাকৰি লাভৰ ক্ষেত্ৰত এই সময়ছোৱা ভাল হ’ব।  বৃহস্পতিৰ বৃষ ৰাশি আৰু দ্বাদশ গৃহত পৰিবহনে ধন হানি, বেয়া স্বাস্থ্য আৰু ৰোগৰ বাবে বৰ্দ্ধিত ব্যয় আদিৰ সৃষ্টি কৰিব পাৰে।

Click here to read in English: Gemini 2024 Horoscope 

আপুনি নিজৰ জীৱনসঙ্গীৰ স্বাস্ত্যক লৈ সতৰ্ক হৈ থকা উচিত। আপোনালোকৰ সম্পৰ্কলৈ তিক্ততা আহিব পাৰে। অৱশ্যে, ষষ্ঠ গৃহৰ সক্ৰিয়তা আপোনাৰ বাবে কিছু ভাল প্ৰমাণিত হ’ব কিয়নো আপুনি নিজৰ চাকৰিটো বচাবৰ বাবে সফল হ’ব। মিথুন 2024 ৰাশিফল (Mithun 2024 Rashifal) অনুসৰি, বৃহস্পতিৰ বৃষ ৰাশিত পৰিবহন আৰু দ্বাদশ গৃহত প্ৰভাৱৰ বাবে আপোনাৰ স্বাস্থ্য বেয়ালৈ যাব পাৰে আৰু আৰ্থিক দিশৰপৰা লোকচান হ’ব পাৰে। ৰোগৰ চিকিৎসাৰ বাবে ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে।

ৰাজ যোগৰ সময় জানিবৰ বাবে-এতিয়াই অৰ্ডাৰ কৰক: ৰাজ যোগ প্ৰতিৱেদন

মিথুন ৰাশি: আৰ্থিক জীৱন 

বছৰটোৰ প্ৰথমাৰ্দ্ধত মিথুন ৰাশিৰ জাতকসকলে ধন লাভ কৰাৰ যোগ আছে। আপোনাৰ জীৱনত ধনৰ প্ৰৱাহ বৃদ্ধি হ’ব পাৰে। মিথুন 2024 ৰাশিফল (Mithun 2024 Rashifal) অনুসৰি যোৱাটো বৰ্ষৰপৰা এই বৰ্ষৰ 1 মে’ পৰ্য্যন্ত মেষ ৰাশিত বৃহস্পতিৰ উপস্থিতিৰ বাবে আপোনাৰ একাদশ গৃহ সক্ৰিয় হৈ উঠিব। যাৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব। কাৰ্য্যালয়ত সহকৰ্মীৰ বাবে আপুনি ধন লাভ কৰিব পাৰে। আপোনাৰ নিজৰ প্ৰচেষ্টাৰ বাবে আপোনাৰ কামে স্বীকৃতি লাভ কৰিব আৰু আপোনাৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ যোগ আছে। আপুনি নিজৰ বুদ্ধিমত্তাৰদ্বাৰা অৰ্থ উপাৰ্জন কৰিব পাৰিব আৰু সঠিক ঠাইত বিনিয়োগ কৰিব পাৰিব।

অৱশ্যে, 1 মে’2024 ত বৃহস্পতিৰ বৃষ ৰাশিত আৰু আপোনাৰ দ্বাদশ গৃহত পৰিবহনৰ পিছত, অৰ্থ সঞ্চয়ক লৈ অধিক গুৰুত্ব প্ৰদান কৰা উচিত। ইয়াৰ উপৰিও আপুনি ঘৰ বা কোনো সম্পত্তি ক্ৰয়  বা নতুন বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত ধন ব্যয় কৰিব পাৰে।

দ্বাদশ গৃহত বৃহস্পতিৰ উপস্থিতিৰ বাবে আপোনাৰ স্বাস্থ্যনিত সমস্য়াই দেখা দিব পাৰে আৰু স্বাস্থ্যৰ অৱনতি হোৱাৰ বাবে আপোনাৰ ব্যয় বৃদ্ধি হ’ব পাৰে। আনহাতে ভুল ঠাইত বিনিয়োগ কৰাৰ বাবে আপোনাৰ ধনৰ লোকচান হ’ব পাৰে। আপোনাৰ চলিত দশাৰ বাবে আপুনি কোনো প্ৰৱঞ্চনা বা ধনি হানিৰ চিকাৰ হ’ব পাৰে। সেইবাবে আপুনি বছৰৰ দ্বিতীয়াৰ্দ্ধত ধনৰ ক্ষেত্ৰত সাৱধান হৈ থকা উচিত। 

বছৰৰ দ্বিতীয়াৰ্দ্ধত বৃহস্পতি আৰু শণিৰ দ্বৈত পৰিবহনৰ বাবে ষষ্ঠ গৃহৰ সক্ৰিয়তাৰ বাবে আপুনি নিজৰ ধাৰ বা ঋণৰ ধন ঘূৰাই দিয়াৰ কথা ভাবিব পাৰে। অৱশ্যে, আপুনি এনে কৰিব পাৰিব নে নোৱাৰে সেয়া আপোনাৰ সোঁৱৰণিত চলি থকা দশাৰ ওপৰত নিৰ্ভৰ কৰিব।

ভৱিষ্যতৰ সকলোবোৰ মূল্যৱান অন্তৰ্দৃষ্টিৰ বাবেএষ্ট্ৰোচেজ বৃহ ৰাশিফল

মিথুন ৰাশি : স্বাস্থ্য

এই বৰ্ষটো আপোনাৰ স্বাস্থ্যৰ বাবে সিমান অনুকূল নহ’ব বুলি মিথুন 2024 ৰাশিফল (Mithun 2024 Rashifal) য়ে প্ৰকাশ কৰে। বছৰটোৰ আৰম্ভণিতে আপুনি কিছু স্বাস্থ্যজনিত সমস্যাত ভূগিব পাৰে যেনে- বৃক্কৰ পাথৰ, মূত্ৰ নলীৰ সংক্ৰমণ, খজুৱতী বা যৌন অংগৰ সংক্ৰমণ ইত্যাদি। মিথুন ৰাশিৰ মহিলাসকলৰ হৰ্মনেল অসন্তুলম হ’ব পাৰে। ইয়াৰ উপৰিও গৰ্ভৱতী মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। নিজৰ সন্তানৰ স্বাস্থ্যৰো যত্ন লওক। জানুৱাৰীৰৰ মাজভাগৰপৰা ফেব্ৰুৱাৰীৰৰ শেষৈকে আপোনাৰ জীৱনত লাহে লাহে সংশোধন হ’ব। মাৰ্চ আৰু এপ্ৰিল মাহটো আপোনা স্বাস্থ্যৰ বাবে স্পৰ্শকাতৰ হ’ব। এই সময়ছোৱাত আপুনি চিন্তা, দুখ আৰু শিৰাৰ দুৰ্বলতা অনুভৱ কৰিব পাৰে।

1 মে’, 2024 ত বৃহস্পতি বৃষ ৰাশি বৃষ ৰাশি আৰু দ্বাদশ গৃহত পৰিবহন কৰিব। এই সময়ছোৱাাত পৰিবহনৰ ফলস্বৰূপে আপুনি স্বাস্থ্যজনিত সমস্যা, আৰ্থিক লোকচানৰ সম্মুখীন হ’ব পাৰে আৰু আপোনাৰ ব্যয়ো বৃদ্ধি হ’ব পাৰে বুলি মিথুন 2024 ৰাশিফল (Mithun 2024 Rashifal) য়ে কয়।

ইয়াৰ উপৰিও, বৃহস্পতিৰ বৃষ ৰাশিত পৰিবহন বৃহস্পতি আৰু শণিৰ দ্বৈত পৰিবহনৰ ফলস্বৰূপে আপোনাৰ ষষ্ঠ গৃহ (বৃশ্চিক ৰাশি) সক্ৰিয় হ’ব। ইয়াৰ নেতিবাচক প্ৰভাৱ আপোনাৰ স্বাস্থ্য়ৰ ওপৰত পৰিব আৰু বৰ্ষৰ আৰম্ভণিতে আপোনাৰ কোনো স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। সেয়েহে মিথুন ৰাশিৰ জাতকসকলে এই বৰ্ষত নিজৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। আপুনি ধ্যান, ব্যায়াম কৰাৰ লগতে সন্তুলিত আহাৰ গ্ৰহণৰদ্বাৰা শাৰীৰিক আৰু মানসিকভাৱে সুস্বাস্থ্য ধৰি ৰাখিব পাৰিব।

বিনামূলীয়া অনলাইন জন্ম ৰাশিফল

মিথুন ৰাশি : কেৰিয়াৰ

মিথুন ৰাশিৰ জাতকসকলে মিথুন 2024 ৰাশিফল (Mithun 2024 Rashifal) অনুসৰি 2024 বৰ্ষত নিজৰ প্ৰতিবা প্ৰদৰ্শন কৰাৰ বহুতো সুযোগ প্ৰাপ্ত কৰিব। আপোনাৰ কাৰ্য্যালয়ৰ সহকৰ্মী তথা জ্যেষ্ঠ সহকৰ্মীসকলে আপোনাৰ কামৰ শলাগ ল’ব। আপোনাৰ পদোন্নতি হ’ব পাৰে আৰু দৰমহাও বৃদ্ধি হ’ব পাৰে। প্ৰভাৱশালী লোকৰ সৈতে আপোনাৰ সম্পৰ্ক গঢ়ি উঠিব আৰু আপুনি  মানুহৰ সৈতে কথা-বতৰা পতাৰ লগতে সংযোগ বৃদ্ধি কৰাৰ চেষ্টা কৰিব।

বৃহস্পতিৰ পিছত আপোনাৰ দশম গৃহৰ অধিপতিয়ে 1মে’ ত বৃষ ৰাশিত পৰিবহন কৰিব। ইয়াৰ ফলস্বৰূপে আপুনি বৃত্তিগত জীৱনত এনে কিছুমান দায়িত্ব লাভ কৰিব পাৰে, যাৰ বাবে আপুনি সকলোৰে পৰা আতৰি থাকিবলগীয়া হ’ব পাৰে। এই সময়ছোৱাত আপোনাৰ কামেই আপোনাৰ শক্তি হ’ব। আপুনি নিজৰ বৃত্তিগত জীৱনক লৈ অসন্তুষ্ট হ’ব পাৰে আৰু আপোনাৰ শক্তিও হ্ৰাস পাব পাৰে। যদিহে আপোনাৰ অত্যন্ত অশুভ দশা চলি আছে, তেনেহ’লে আপুনি চাকৰি পৰ্য্যন্ত হেৰুৱাব পাৰে। কিন্তু যদিহে শুভ দশা চলি আছে, তেনেহ’লে সৃষ্টিশীল ক্ষেত্ৰত কাম কৰি থকা লোকসকল উপকৃত হ’ব।মিথুন 2024 ৰাশিফল (Mithun 2024 Rashifal) অনুসৰি, নিৰ্দেশক, কেমেৰা পাৰ্চন আৰু ফটোগ্ৰাফাৰসকল এই সময়খিনিত লাভাম্বিত হোৱাৰ যোগ আছে। বহুজাতিক প্ৰতিষ্ঠান, চিকিৎসালয়, কাৰাগাৰ আৰু মানসিক চিকিৎসালয়ত কাম কৰি থকাসলে এই সময়ছোৱা অনুকূল হ’ব।

যদিহে আপুনি ফিল্ম বা ভিডিঅ’ এডিটৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰাৰ কথা ভাবিছে, তেনেহ’লে এয়া আপোনাৰ বাবে ভাল সময়। আমদানী-ৰপ্তানিৰ ক্ষেত্ৰত ব্যৱসায় কৰা লোকসকলে লাভ প্ৰাপ্ত কৰাৰ যোগ আছে। মনোবৈজ্ঞানিক, মনোৰোগ চিকিৎসক আৰু আন্তঃৰাষ্ট্ৰীয় বেংকাৰসকলৰ বৃত্তিগত জীৱনলৈ বিকাশ আহিব। দশম গৃহৰ অধিপতিয়ে দ্বাদশ গৃহত পৰিবহন কৰাৰ ফলস্বৰূপে আপুনি নিশ্চিতভাৱে বিদেশ যাত্ৰাৰ সুযোগ প্ৰাপ্ত কৰিব।

এতিয়া আপোনাৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ লাভ কৰক:এগৰাকী বিদ্বান জ্যোতিষীক প্ৰশ্ন সোধক

মিথুন ৰাশি : শিক্ষা

মিথুন ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে বছৰটোৰ প্ৰথমাৰ্দ্ধ যথেষ্ট শুভ প্ৰমাণিত হ’ব। বহস্পতিৰ সপ্তম দৃষ্টি আপোনাৰ পঞ্চম গৃহত পৰাৰ বাবে আপুনি সফলতা প্ৰাপ্ত কৰাৰ বহুতো সুযোগ লাভ কৰিব। এইক্ষেত্ৰত আপুনি নিজৰ গুৰুৰ সহযোগিতাও লাভ কৰিব। মিথুন 2024 ৰাশিফল (Mithun 2024 Rashifal) অনুসৰি, 1 মে’2024 ৰ পিছত, বৃহস্পতি বৃষ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আৰু আপোনাৰ দ্বাদশ গৃহত বৃহস্পতি আৰু শণিৰ দ্বৈত পৰিবহনৰ বাবে আপোনাৰ ষষ্ঠ গৃহ সক্ৰিয় হৈ উঠিব আৰু এনে পৰিস্থিতিত, এই সময়ছোৱাত উচ্চ শিক্ষা বা চৰকাৰী চাকৰিৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্তীসকলৰ বাবে শুভ প্ৰমাণিত হ’ব।  

এপ্ৰিল মাহত শিক্ষাৰ্থীসকল কিছু সমস্যাৰ সম্মুখীন হ’ব পাৰে। এই সময়ছোৱাত বৃত্তিগত পাঠ্যক্ৰম বা ইণ্টাৰ্ণশ্বিপ কৰি থকাসকল অধিক জটিলতাৰ সম্মুখীন হ’ব পাৰে। অৱশ্যে, 18 ছেপ্তেম্বৰৰপৰা 13 অক্টোবৰৰ সময়ছোৱা আপোনাৰ বাবে শুভ প্ৰমাণিত হ’ব। এই সময়ছোৱাত পঞ্চম গৃহৰ অধিপতি শুক্ৰ নিজৰ মূল ত্ৰিকোণ ৰাশি তুলা আৰু আপোনাৰ পঞ্চম গৃহত প্ৰৱেশ কৰিব। ফেশ্য ডিজাইনিং বা হোম ডেকৰৰ দৰে সৃষ্টিশীল ক্ষেত্ৰত জড়িত হৈ থকাসকলৰ বাবে এই সময়ছোৱা বিশেষভাৱে ফলদায়ক প্ৰমাণিত হ’ব। মিথুন ৰাশিৰ শিক্ষাৰ্থীসকলে এই বৰ্ষত শিক্ষাৰ ক্ষেত্ৰখনত নিজৰ বিকাশৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা উচিত।

মিথুন ৰাশি : পাৰিবাৰিক জীৱন

এই বৰ্ষত  মিথুন ৰাশিৰ জাতকসকলে নিজৰ জীৱনত আৱেগিক প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। মিথুন 2024 ৰাশিফল (Mithun 2024 Rashifal) অনুসৰি, কেতু আপোনাৰ পঞ্চম গৃহত উপস্থিত থকাৰ বাবে পৰিয়ালৰ সদস্যসকলৰ সৈতে, বিশেষকৈ মাতৃৰ সৈতে আপোনাৰ মতানৈক্য হ’ব পাৰে। নিজৰ মনৰ ভাৱসমূহ প্ৰকাশ কৰাটো আপোনাৰ বাবে জটিল হ’ব পাৰে। 

আপোনাৰ মানসিক শক্তি আৰু উদ্যম বৃদ্ধি কৰিবৰ বাবে আপুনি পথৰ কুকুৰক খাদ্য খাবলৈ দিয়া উচিত। অত্যাধিক কামৰ হেঁচাৰ বাবে আপুনি নিজৰ পৰিয়ালৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰিব পাৰে অথবা তেওঁলোকক সময় দিব নোৱাৰিব পাৰে। যাত্ৰা, বিদেশ যাত্ৰা বা চাকৰিৰ সাল-সলনি আদিৰ বাবেও এনে পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে।

বৃহস্পতি দ্বাদশ গৃহত উপস্থিত থকাৰ বাবে আপুনি স্বাস্থ্যজনিত সমস্যা আৰু আৰ্থিক লোকচানৰ সম্মুখীন হ’ব পাৰে। ৰোগৰ চিকিৎসাৰ বাবে ধন ব্যয় হ’ব পাৰে যাৰ পোণপটীয়া প্ৰভাৱ আপোনাৰ পাৰিবাৰিক জীৱনত পৰিব পাৰে। যি কি নহও, ছেপ্তেম্বৰ আৰু অক্টোবৰ মাহ আপোনাৰ বাবে শুভ প্ৰমাণিত হ’ব। এই সময়ছোৱাত আপোনাৰ ঘৰখনত সুখ-শান্তি বিৰাজমান হৈ থাকিব।

সন্তানৰ কেৰিয়াৰৰ বাবে হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগনিএষ্ট্ৰো প্ৰতিৱেদন

মিথুন ৰাশি : বৈবাহিক জীৱন

এই বৰ্ষটোৱে আপোনাৰ জীৱনলৈ কোনো ডাঙৰ পৰিৱৰ্তন অনাৰ সম্ভাৱনা আছে। বছৰটোৰ প্ৰথম 6 মাহত সপ্তম গৃহৰ অধিপতি বৃহস্পতি আপোনাৰ  একাদশ গৃহ(মেষ ৰাশি)ত পৰিবহন কৰিব। মিথুন 2024 ৰাশিফল (Mithun 2024 Rashifal) ৰ মতে এই পৰিবহনে আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ সকলো মনোবাঞ্চা পূৰণ কৰাৰ যোগ আছে। বছৰটোৰ শেষৰ 6 মাহত আপুনি জীৱনসঙ্গীৰ সৈতে বাহিৰৰ কোনো ঠাইলৈ ফুৰিবলৈ যোৱাৰ সম্ভাৱনা আছে।

অৱশ্যে, বছৰটোৰ শেষৰ 6 মাহত আপোনাৰ জীৱনলৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিব। 1 মে’, 2024 ত বৃহস্পতি গ্ৰহ বৃষ ৰাশি আৰু আপোনাৰ দ্বাদশ গৃহত পৰিবহন কৰিব। এই পৰিবহনৰ ফলস্বৰূপে আপুনি আৰু আপোনাৰ জীৱনসঙ্গী আধ্যাত্মিক কাৰ্য্যৰ প্ৰতি আগ্ৰহী হৈ পৰিব পাৰে। আপোনালোক দুয়োৱে একেলগে ধ্য়ান কৰিব পাৰে আৰু আধ্যাত্মিক তথা ধৰ্মীয় শিক্ষাৰ প্ৰতি আপোনাৰ ৰাপ বৃদ্ধি হ’ব পাৰে। যদিহে আপোনাৰ জীৱনসঙ্গী কোনো অন্য ধৰ্ম বা দেশৰ হয়, তেনেহ’লে তেওঁলোকে কোনো অন্য গুৰু লাভ কৰিব পাৰে। আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে কোনো দূৰ তীৰ্থস্থানলৈ যাত্ৰা কৰিব পাৰে।

যদিহে আপোনাৰ বা আপোনাৰ জীৱনসঙ্গীৰ কোনো নেতিবাচক দশা চলি আছে, তেনেক্ষেত্ৰত আপোনাৰ ব্যয়ো বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অযথা খৰচৰ বাবে আপোনাৰ আৰু জীৱনসঙ্গীৰ মাজত মতভেদ হ’ব পাৰে। মিথুন 2024 ৰাশিফল (Mithun 2024 Rashifal) -ৰ মতে, মিথুন ৰাশিৰ জাতকসকলৰ জীৱনত চলি থকা কোনো আইনী গোচৰৰ সমাধান হ’ব পাৰে আৰু আপোনালোক দুয়োৱে পৃথক হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।

মিথুন 2024 ৰাশিফলৰ বিষয়ে অধিক জানিবৰ বাবে- শ্ৰেষ্ঠ জ্যোতিষীসকলৰ সৈতে কথাপাতক

মিথুন ৰাশি : প্ৰেম জীৱন

মিথুন ৰাশিৰ লোকসকলৰ বাবে মিথুন 2024 ৰাশিফল (Mithun 2024 Rashifal) অনুসৰি  বৰ্ষটোৰ আৰম্ভণিতে আপোনাৰ প্ৰেম জীৱনলৈ কিছুমান সমস্যা আহিব পাৰে। বিশেষকৈ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহটো আপোনাৰ বাবে অধিক সমস্যাজনক হ’ব। আপোনাৰ সপ্তম গৃহৰ অধিপতি বৃহস্পতিয়ে আপোনাৰ পঞ্চম গৃহত দৃষ্টি পেলাব। এই প্ৰভাৱৰদ্বাৰা প্ৰেমৰ সম্পৰ্কক বিবাহৰ ৰূপ দিবৰ বাবে প্ৰচেষ্টা কৰি থকাসকলে সফলতা প্ৰাপ্ত কৰিব।

এপ্ৰিলৰ মাহটোত প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে কিছু সমস্যা আহিব পাৰে। মিথুন 2024 ৰাশিফল (Mithun 2024 Rashifal) -ৰ মতে, ভুল বুজাবুজিৰ বাবে আপোনালোক দুয়োৰে মাজত সমস্যাৰ উদ্ভৱ হ’ব পাৰে। সেয়েহে আপোনালোক দুয়ো সাৱধান হৈ থকাটো ভাল হ’ব। 18 ছেপ্তেম্বৰৰপৰা 13 অক্টোবৰলৈ সময়ছোৱা প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে ভাল হ’ব। পঞ্চম গৃহৰ অধিপতি শুক্ৰ নিজৰ মূল ত্ৰিকোণ ৰাশি তুলাত আৰু পঞ্চম গৃহত পৰিবহন কৰাৰ বাবে, মিথুন ৰাশিৰ জাতকসকলে প্ৰেম আৰু ৰেমাঞ্চৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ’ব।

মিথুন 2024 ৰাশিফল : প্ৰতিকাৰ

  • ভগৱান গণেশৰ পূজা কৰক আৰু দুবৰি বন অৰ্পণ কৰক।
  • দৈনিক গৰুক সেউজীয়া পশুখাদ্য খুৱাওক।
  • মিথুন ৰাশিৰ জাতকসকলে 5 ৰপৰা 6 কেৰেটৰ পান্না ৰত্ন পৰিধান কৰক। আপুনি এই ৰত্নটো পঞ্চ ধাতু বা সোণৰ আঙুঠিত বুধবাৰে পৰিধান কৰক। ইয়াৰদ্বাৰা আপুনি শুভ ফল প্ৰাপ্ত কৰিব।
  • দৈনিক তুলসী গছত পানী দিয়ক আৰু এটা তুলসীৰ পাত সেৱন কৰক।
  • বুধৰ বীজ মন্ত্ৰ জপ কৰক।
  • কিন্নৰসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক আৰু যদিহে সম্ভৱ হয় তেওঁলোকক সেউজীয়া ৰঙৰ বস্ত্ৰ আৰু খাৰু প্ৰদান কৰক।
  • নিজৰ শোৱনিকোঠাত ইনডুঅ’ৰ প্লাণ্ট্ ৰাখক।
  • নিজৰ ঘৰ আৰু কাৰ্য্যালয়ত বুধ যন্ত্ৰ স্থাপন কৰক।

 

সঘনাই সোধা প্ৰশ্ন

প্ৰশ্ন 1.  মিথুন ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো কেনে হ’ব? 

উত্তৰ. মিথুন ৰাশিৰ জাতকসকলে 2024 বৰ্ষত বহুতো উত্থান-পতনৰ সম্মুখীন হ’ব আৰু তেওঁলোকৰ কোনো স্বাস্থ্যজনিত সমস্যাও হ’ব পাৰে।

প্ৰশ্ন 2.  2024 বৰ্ষটো মিথুন ৰাশিৰ জাতকসকলৰ বাবে সৌভাগ্যশালী হ’ব নে?

উত্তৰ. মিথুন ৰাশিৰ জাতকসকলৰ বাবে ছেপ্তেম্বৰৰপৰা পিছৰ সময়ছোৱা সৌভাগ্যশালী হ’ব। এই সময়ছোৱা বিবাহ, পাৰিবাৰিক জীৱন আৰু শিক্ষাৰ দৃষ্টিকোণৰপৰা ভাল হ’ব।

প্ৰশ্ন 3. 2024 বৰ্ষটো মিথুন ৰাশিৰ জাতকসকলৰ স্বাস্থ্যৰ বাবে কেনে হ’ব? 

উত্তৰ. এই বৰ্ষটোতমিথুন ৰাশিৰ জাতকসকলৰ ইউটিআই, খজুৱতী, হৰ্মনেল অসন্তুলন, আৰু বৃক্কৰ পাথৰৰ দৰে স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক:অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এনেধৰণৰ আৰু অধিক প্ৰৱন্ধ লাভ কৰিবৰ বাবে এষ্ট্ৰোকেম্পৰ সৈতে সংযুক্ত হৈ থাকক। ধন্যবাদ !

More from the section: Horoscope 3747
Buy Today
Gemstones
Get gemstones Best quality gemstones with assurance of AstroCAMP.com More
Yantras
Get yantras Take advantage of Yantra with assurance of AstroCAMP.com More
Navagrah Yantras
Get Navagrah Yantras Yantra to pacify planets and have a happy life .. get from AstroCAMP.com More
Rudraksha
Get rudraksha Best quality Rudraksh with assurance of AstroCAMP.com More
Today's Horoscope

Get your personalised horoscope based on your sign.

Select your Sign
Free Personalized Horoscope 2024
© Copyright 2024 AstroCAMP.com All Rights Reserved