• Talk To Astrologers
  • Brihat Horoscope
  • Ask A Question
  • Child Report 2022
  • Raj Yoga Report
  • Career Counseling
Personalized
Horoscope

সিংহ 2024 ৰাশিফল: এষ্ট্ৰোকেম্পৰ সিংহ ৰাশিফল পঢ়ক!

Author: Vijay Pathak | Last Updated: Sun 17 Sep 2023 1:49:00 PM

সিংহ 2024 ৰাশিফল (Singha 2024 Rashifal): এষ্ট্ৰোকেম্পৰ এই বিশেষ প্ৰৱন্ধটোৱে সিংহ ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষত আহিবলগীয়া পৰিৱৰ্তনসমূহৰ বিষয়ে ভৱিষ্যতবাণী প্ৰদান কৰিছে। এই প্ৰৱন্ধটো সম্পূৰ্ণৰূপে বৈদিক জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত যিটো আমাৰ বিদ্বান তথা অভিজ্ঞ জ্যোতিষীসকলে গ্ৰহ-নক্ষত্ৰৰ স্থিতি, গতি-বিধি আৰু দশাৰ গণনা কৰি প্ৰস্তুত কৰি উলিয়াইছে। সেয়েহে আগবাঢ়ি যাওঁ আৰু 2024 বৰ্ষটোত সিংহ ৰাশিৰ জাতকসকলে জীৱনৰ বিভিন্ন ক্ষেত্ৰসমূহত কেনেধৰণৰ ফল লাভ কৰিব সেই বিষয়ে জানো আহক।

हिंदी मैं पढ़ने के लिए यहाँ क्लिक करें: सिंह 2024 राशिफल

 

সিংহ 2024 ৰাশিফল (Singha 2024 Rashifal) অনুসৰি, সিংহ ৰাশিৰ জাতকসকলৰ বাবে 2023 বৰ্ষটো এক পৰিৱৰ্তনৰ বৰ্ষ হ’ব কিয়নো বৃহস্পতি আৰু শণি লগ্ন গৃহ (সিংহ ৰাশি) আৰু নৱম গৃহ (মেষ ৰাশি)ত পৰিবহন কৰাৰ বাবে এই দুয়োটা গৃহ সক্ৰিয় হৈ উঠিব। কিন্তু, যিসকল জাতকে এতিয়ালৈকে এই দ্বৈত পৰিবহনৰ ফল প্ৰাপ্ত কৰা নাই, তেওঁলোকে এতিয়া নিশ্চিতভাৱে শুভ ফল প্ৰাপ্ত কৰিব। এই বৰ্ষটোত মে’ 2024 পৰ্য্যন্ত সময়ছোৱা বৃহস্পতি আৰু শণিৰ পৰিবহনৰ বাবে আপোনাৰ সিংহ ৰাশি সক্ৰিয় হৈ থাকিব আৰু তাৰপিছত 01 মে’ 2024 ত বৃহস্পতি বৃষ ৰাশিত আপোনাৰ দশম গৃহত পৰিবহন কৰিব।

নৱম আৰু লগ্ন গৃহ সক্ৰিয় হোৱাটোক এক ভাল সংযোগ বুলি কোৱা হয় যি আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব। এই সময়খিনিত আপোনাৰ ব্যক্তিত্ব অত্যন্ত আকৰ্ষণীয় হৈ উঠিবয লগতে, আপুনি পিতৃ আৰু গুৰুৰ সমৰ্থনো লাভ কৰিব আৰু দীৰ্ঘ দূৰত্ব ভ্ৰমণ কৰাৰো অনেক সুযোগ লাভ কৰিব। অৱশ্যে, বছৰটোৰ প্ৰথমাৰ্দ্ধ সিংহ ৰাশিৰ সেইসকল লোকৰ বাবে ফলদায়ক প্ৰমাণিত হব যিসকল পিএইচডি, গৱেষণা গৰ্ম, গুপ্ত বিজ্ঞান আদিৰ লগত জড়িত। 01 মে 2024 ৰ পিছত হবলগীয়া বৃহস্পতি আৰু শণিৰ দ্বৈত পৰিবহনৰ বাবে সিংহ ৰাশিৰ জাতকসকলৰ চতুৰ্থ গৃহ (বৃশ্চিক ৰাশি) সক্ৰিয় হৈ উঠিব আৰু ইয়াৰ ফলস্বৰূপে, যিসকল জাতকে নতুন ঘৰ বা নতুন গাড়ী লোৱাৰ কথা চিন্তা কৰি আছে অথবা ঘৰৰ মেৰামতি কৰাৰ কথা ভাবিছে তেওঁলোকে এই সময়ছোৱাত এইবোৰ কাম কৰিব পাৰিব।

পঞ্চম গৃহৰ অধিপতি হিচাপে বৃহস্পতিৰ দশম অৰ্থাৎ বৃত্তিৰ গৃহত পৰিবহনৰ বাবে আপোনাৰ বৃত্তিগত জীৱনৰ বিকাশ হব। কৰ্মক্ষেত্ৰত আপুনি  নিজৰ শৈক্ষিক জ্ঞানৰ প্ৰয়োগ কৰিবলৈ সমৰ্থ হব। অলপতে স্নাতক হোৱা সেইসকল জাতকৰ বাবে এই বৰ্ষটো অনুকূল প্ৰমাণিত হব যিসকল নিজৰ কেৰিয়াৰ আৰম্ভ কৰাৰ কথা ভাবিছে, লগতে উন্নতি লাভৰ প্ৰতি ইচ্ছুক। ইয়াৰ উপৰিও, সিংহ ৰাশিৰ যিসকল জাতক অবিবাহিত তেওঁলোকৰ কৰ্মক্ষেত্ৰত কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন হব পাৰে। তেনেস্থলত, এই পৰিবহনৰ নেতিবাচক দিশৰ কথা যদি মন কৰা যায়, তেনেহলে কব পাৰি যে অধ্যয়ন অব্যাহত ৰাখিব বিচৰা বা উচ্চ শিক্ষা প্ৰাপ্ত কৰিব বিচৰা শিক্ষাৰ্থীসকলৰ বাবে এই পৰিবহন সিমান ভাল নহব কিয়নো পাৰিবাৰিক দায়িত্ব বা জীৱনলৈ অহা অনিশ্চয়তাবোৰৰ বাবে আপুনি আধাতে পঢ়া-শুনা সামৰি চাকৰি কৰিবলগীয়া হোৱাৰ প্ৰৱল সম্ভাৱনা আছে। এয়া হোৱাৰ কাৰণ হৈছে বৃহস্পতি গ্ৰহ হৈছে আপোনাৰ অষ্টম গৃহৰো অধিপতি।

এই সকলোবোৰ কাৰণৰ বাবে আপুনি আকস্মিকভাৱে কেৰিয়াৰত কিছুমান উত্থান-পতনৰ সম্মুখীন হব পাৰ। ইয়াৰ বিপৰীতে, যিসকল লোক বিভিন্ন গৱেষণা যেনে বৈজ্ঞানিক, ডাটা চায়েণ্টিষ্ট, জ্যোতিষ আদিৰ কেৰিয়াৰৰ সৈতে জড়িত লোকসকলৰ বাবে এই সময়ছোৱা ফলদাক হব। সিংহ ৰাশিৰ যিসকল লোক কাউন্সিলাৰ, পৰামৰ্শদাতা, চৰকাৰ আৰু বিত্তৰ সৈতে জড়িত লোক, ফাইনেঞ্চ শিক্ষক, কেৰিয়াৰ কাউন্সিলাৰ আদিৰ সৈতে জড়িত তেওঁলোকৰ বাবে সামান্যভাৱে বৃহস্পতিৰ দশম গৃহত পৰিবহন ভাল বুলি কব পৰা যায়। মুঠতে, এই বৰ্ষটো , সিংহ ৰাশিৰ জাতকসকলৰ বৃত্তিগত জীৱনৰ বাবে মিশ্ৰিত ধৰণৰ হব।

শণি গ্ৰহৰ কথা যদি কবলৈ যোৱা যায়, তেনেহলে কব পাৰি যে, শণি হৈছে আপোনাৰ ষষ্ঠ আৰু সপ্তম গৃহৰ অধিপতি যি 2024 বৰ্ষত নিজৰ মূলত্ৰিকোণ ৰাশি কুম্ভত স্থিত হব আৰু ই আপোনাৰ সপ্তম গৃহত উপস্থিত থাকিব। সাধাৰণভাৱে, সপ্তম গৃহৰ অধিপতিৰ সপ্তম গৃহত উপস্থিতিক ভাল বুলি গণ্য কৰা হয়, কিন্তু শণিৰএই স্থিতিৰ ফলস্বৰূপে জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক প্ৰেক্টিকেল আৰু ভেটিৰ ওপৰত প্ৰতিষ্ঠিত হৈ থাকিব।  এনেক্ষেত্ৰত, যিসকল লোক সপোনৰ পৃথিৱীত থাকিব বিচাৰে তেওঁলোক যেতিয়া সত্যৰ সম্মুখীন হব তেতিয়া তেওঁলোক কিছু পৰিমাণে নিৰাশ হৈ পৰিব পাৰে। লগতে, বিবাহিত জীৱনত সমস্যাৰ সম্মুখীন হব পাৰে কিয়নো শণি হৈছে আপোনাৰ ষষ্ঠ গৃহৰো অধিপতি।

Click here to read in English: Leo 2024 Horoscope

ৰাহু-কেতুৰ কথা যদি কবলৈ যোৱা যায়, এই গোটেই বৰ্ষটোত ৰাহু আৰু কেতু আপোনাৰ অষ্টম আৰু দ্বিতীয় গৃহত উপস্থিত হব। এনে পৰিস্থিতিত, অষ্টম গৃহত ৰাহুৰ উপস্থিতিয়ে আপোনাৰ জীৱনত অনিশ্চয়তা বৃদ্ধি কৰিব পাৰে। লগতে, সিংহ 2024 ৰাশিফল (Singha 2024 Rashifal) অনুসৰি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানে থকা উচিত, বিশেষকৈ বাহন চলোৱাৰ সময়ত। যদিহে ইতিবাচক দিশসমূহলৈ চোৱা যায়, তেনেহলে কব পৰা যায় যে গৱেষণাৰ ক্ষেত্ৰত আপোনাৰ ৰাপ বৃদ্ধি হব আৰু ৰহস্যাত্মক বস্তুবোৰৰ প্ৰতি আপোনাৰ কৌতূহল বৃদ্ধি হব। আনহাতে, কেতুৰ স্থিতি আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নহ’ব আৰু ইয়াৰ ফলস্বৰূপে আপোনাৰ ডিঙিৰ লগত জড়িত সমস্যাৰ সৃষ্টি হব পাৰে। লগতে, এই জাতকসকলে কথা কওঁতে ভাবি-চিন্তি শব্দ প্ৰয়োগ কৰা উচিত।

দ্বিতীয় গৃহত কেতুৰ উপস্থিতিৰ বাবে আপুনি পৰিয়ালৰপৰা আতৰি আহিব পাৰে আৰু ধন সঞ্চয় কৰাটোও জটিসল হৈ পৰিব পাৰে। 20 অক্টোবৰ 2024 ৰপৰা বছৰটোৰ শেষলৈকে সময়ছোৱা কিছু কঠিন হ’ব কিয়নো আপোনাৰ সোঁৱৰণিত যোগকাৰক গ্ৰহ মঙ্গল এই সময়ছোৱাত দুৰ্বল অৱস্থাত থাকিব। এনেক্ষেত্ৰত জীৱনৰ বিভিন্ন ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হব পাৰে। মুঠতে সিংহ ৰাশিৰ জাতকসকলৰ বাবে এই 2024 বৰ্ষটো ভালেৰে যাব। বছৰটোৰ প্ৰথমাৰ্দ্ধৰ সময়খিনি আপুনি নিজৰ বিকাশ আৰু বছৰটোৰ দ্বিতীয়াৰ্দ্ধৰ সময়খিনি ঘৰ-পৰিয়ালৰ সুখ-শান্তি অটুত ৰখাৰ বাবে সদব্যৱহাৰ কৰক।

এতিয়া আগবাঢ়ি যাওঁ আৰু 2024 বৰ্ষটো সিংহ ৰাশিৰ জাতকসকলৰ জীৱনৰ বাবে কেনে হ’ব সেয়া বিস্তৃতভাৱে জানো আহক

পৃথিৱীৰ বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনযোগে কথা পাতক আৰু জানক কেৰিয়াৰ সম্পৰ্কীয় সকলো তথ্য

সিংহ ৰাশি : আৰ্থিক জীৱন 

সিংহ ৰাশিৰ জাতকসকলৰ আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা যায়, সিংহ 2024 ৰাশিফল (Singha 2024 Rashifal) অনুসৰি কেতুৰ দ্বিতীয় গৃহত স্থিতিৰ বাবে আপোনাৰ বাবে ধনৰ সঞ্চয় কৰাটো কিছু জটিল হব।  লগতে, আপুনি জীৱনত উত্থান-পতনৰ সম্মুখীন হব পাৰে যাৰ ফলত আপোনাৰ ব্যয় বৃদ্ধি হব আৰু ধনৰ সঞ্চয়ো প্ৰভাৱিত হব। কিন্তু, 01 মে 2024 ৰ পিছত বৃহস্পতি বৃষ ৰাসিত প্ৰৱেশ কৰিব আৰু ইয়াৰ পৰিবহন আপোনাৰ দশম গৃহত পৰিব। লগতে, বৃহস্পতি গ্ৰহৰ পঞ্চম দৃষ্টি আপোনাৰ দ্বিতীয় গৃহত পৰিব।

এনেস্থলত, ই কেতুৰদ্বাৰা হোৱা লোকচানক নিয়ন্ত্ৰণ কৰিব। সাধাৰণভাৱে বুধ গ্ৰহে আপোনাৰ সোঁৱৰণিত ধনৰ লগত বিষয়সমূহক নিয়ন্ত্ৰণ কৰিব আৰু এই সময়খিনিত বুধ পশ্চাদগামী বা দুৰ্বল স্থিতিত থাকিব। এনেক্ষেত্ৰত, আপুনি নিজৰ আৰ্থিক পৰিস্থিতিক লৈ সাৱধান হোৱা উচিত। 2024 বৰ্ষত বুধৰ কেইবাবাৰো পশ্চাদগম হব আৰু সকলোতকৈ পূৰ্বে ই 02 এপ্ৰিলৰপৰা 25 এপ্ৰিল 2024 পৰ্য্যন্ত, ইয়াৰ পিছত 05 আগষ্টৰপৰা 29 আগষ্ট পৰ্য্যন্ত আৰু একেবাৰে শেষত বুধ 26 নৱেম্বৰৰপৰা 16 ডিচেম্বৰ 2024 ৰ ভিতৰত পশ্চাদগামী অৱস্থাত থাকিব। এনেক্ষেত্ৰত, আপুনি এই সময়ছোৱাত আৰ্থিক জীৱনৰ লগত জড়িত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নোলোৱাটো ভাল, বিশেষকৈ মাৰ্চ আৰু এপ্ৰিলৰ মাজৰ সময়খিনিত কিয়নো এই সময়ছোৱাত বুধ দুৰ্বল অৱস্থাত থাকিব। অৱশ্যে, 23 ছেপ্তেম্বৰৰপৰা 10 অক্টোবৰ 2024 ৰ সময়ছোৱা কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে ভাল হব কাৰণ বুধ নিজৰ উচ্চ ৰাশিত বিৰাজমান হব।

01 মে 2024 ৰ পিছত শণি আৰু বৃহস্পতিৰ দ্বৈত পৰিবহনৰ বাবে সিংহ ৰাশিৰ জাতকসকলৰ চতুৰ্থ গৃহ (বৃশ্চিক ৰাশি) সক্ৰিয় হৈ উঠিব আৰু ই সূচিত কৰে যে এই সময়ছোৱাত আপুনি শুভ কাৰ্য্য যেনে নতুন ঘৰ বা বাহন ক্ৰয় কৰা, ঘৰ নিৰ্মাণ বা মেৰামতি কৰা আদিত ধন ব্যয় কৰিব। অৱশ্যে, আপুনি নিজৰ ধনসমূহ ব্যয় কৰোঁতে ভাবি-চিন্তি কৰাটো ভাল।

ভৱিষ্যতৰ সকলোবোৰ মূল্যৱান অন্তৰ্দৃষ্টিৰ বাবে এষ্ট্ৰোচেজ বৃহ ৰাশিফল

সিংহ ৰাশি : স্বাস্থ্য

2024 বৰ্ষত আপোনাৰ স্বাস্থ্য আপোনাৰ নিজৰ হাতত থাকিব। সিংহ 2024 ৰাশিফল (Singha 2024 Rashifal) অনুসৰি, বৃহস্পতি আৰু শণিৰ দ্বৈত পৰিবহনৰ বাবে 01 মে পৰ্য্যন্ত আপোনাৰ লগ্ন গৃহ সক্ৰিয় হৈ থাকিব। ইয়াৰ ফলস্বৰূপে, এই সময়খিনি শাৰীৰিক পৰিৱৰ্তন আৰু ফিটনেচ বজাই ৰখাৰ বাবে যথেষ্ট ভাল প্ৰমাণিত হব। কিন্তু, এই সময়ছোৱাত স্বাস্থ্যক উপেক্ষা নকৰিব, অন্যথা আপোনাৰ ওজন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত, সিংহ ৰাশিৰ জাতকসকলে এই সময়ছোৱাক নিজৰ স্বাস্থ্য ভালে ৰাখিবৰ বাবে ব্যৱহাৰ কৰা উচিত। অৱশ্যে, কেতু দ্বিতীয় গৃহত স্থিত হোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নহব পাৰে।

2024 বৰ্ষত সিংহ ৰাশিৰ জাতকসকলৰ ডিঙিৰ লগত জড়িত ৰোগ হব পাৰে আৰু অষ্টম গৃহত স্থিত ৰাহুৱে আপোনাৰ জীৱনত অনিশ্চয়তা বৃদ্ধি কৰিব পাৰে। লগতে, আকস্মিকভাৱে কোনো স্বাস্থ্যজনিত সমস্যাৰ উদ্ভৱ হব পাৰে যি ৰাহুৰ স্থিতিৰ ফলস্বৰূপে হব পাৰে, সেয়েহে আপুনি স্বাস্থ্যৰ প্ৰতি অত্যন্ত সতৰ্কৱান হোৱা উচিত, বিশেষকৈ যাত্ৰা কৰাৰ সময়ত অথবা বাহন চলোৱাৰ সময়ত। 17 অক্টোবৰৰপৰা 16 নৱেম্বৰ 2024 পৰ্য্যন্ত সময়ছোৱাত আপুনি সাৱধানে থাকিব লাগিব কিয়নো আপোনাৰ লগ্ন গৃহৰ অধিপতি সূৰ্য্য দুৰ্বল অৱস্তাত থাকিব। মুঠতে, সিংহ ৰাশিৰ জাতকসকলৰ স্বাস্থ্য 2024 বৰ্ষত বিশেষ বেয়া হব বুলি কব পৰা নাযায়,  কিন্তু আপুনি সুস্বাস্থ্য ধৰি ৰাখিবৰ বাবে কিছু সাৱধানে চলিব লাগিব। নিয়মিতভাৱে ব্যায়াম, ধ্যান আদি কৰাৰ লগতে ভাল খাদ্যাভ্যাস বৰ্ত্তাই ৰাখিব লাগিব।

সিংহ ৰাশি : কেৰিয়াৰ

আপোনাৰ বৃত্তিগত জীৱনৰ ক্ষেত্ৰত দেখা যায়, পঞ্চম গৃহৰ অধিপতি হিচাপে বৃহস্পতিৰ বৃত্তিগত জীৱন অৰ্থাৎ দশম গৃহত পৰিবহনৰ বাবে আপুনি উন্নতি লাভ কৰিব আৰু আপুনি নিজৰ চিন্তা-ধাৰণাক নিঃসংকোচে আনৰ সম্মুখত উপস্থাপন কৰিব পাৰিব। সিংহ 2024 ৰাশিফল (Singha 2024 Rashifal) অনুসৰি, এই সময়খিনিত আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত নিজৰ শৈক্ষিক জ্ঞানৰ প্ৰয়োগ কৰিবলৈ সক্ষম হব। সদ্যহতে স্নাতক হোৱা আৰু নিজৰ কেৰিয়াৰৰ আৰম্ভণি কৰিব বিচৰাসকলৰ বাবে এই সময়ছোৱা অত্যন্ত শুভ প্ৰমাণিত হব। লগতে, বৃত্তিগত জীৱনত সেইসকলৰ বাবেও ভাল হব যিসকল উন্নতি লাভৰ প্ৰতি ইচ্ছুক।

কিন্তু, যদিহে আমি এই পৰিবহনৰ নেতিবাচক দিশসমূহলৈ চাওঁ, তেন্তে দেখা যায়, সিংহ ৰাশিৰ যিসকল শিক্ষাৰ্থীয়ে নিজৰ অধ্যয়ন অব্যাহত ৰাখিব বিচাৰে অথবা উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহী তেওঁলোকৰ বাবে এই পৰিবহন শুভ নহয়। কিয়নো ঘৰ-সংসাৰৰ দায়িত্ব বা জীৱনলৈ অহা অনিশ্চয়তাৰ বাবে তেওঁলোকে নিজৰ পঢ়া-শুনা আধাতে সামৰি চাকৰি কৰিবলগীয়া হব পাৰে। ইয়াৰ কাৰণ হৈছে বৃহস্পতি আপোনাৰ অষ্টম গৃহৰো অধিপতি। এই কাৰণসমূহৰ বাবে আপোনাৰ কেৰিয়াৰ বা বৃত্তিগত জীৱনলৈ অপ্ৰত্যাশিত ৰূপত উত্থান-পতন আহিব পাৰে। তাৰ লগতে, অন্যহাতে এই পৰিবহনে গৱেষণা ক্ষেত্ৰৰ সৈতে জড়িত লোকসকল যেনে বৈজ্ঞানিক, ডাটা চায়েণ্টিষ্ট আৰু জ্যোতিষী আদিক লাভজনক ফল প্ৰদান কৰিব।

বৃহস্পতিৰ দশম গৃহত পৰিবহন কাউন্সিলাৰ, পৰামৰ্শদাতা, চৰকাৰী বা বিত্তীয় ক্ষেত্ৰৰ সৈতে জড়িত লোক, ফাইনেন্স শিক্ষক, কেৰিয়াৰ কাউন্সিলাৰ আৰু জব্ ৰিক্ৰুইটাৰ আদিৰ বাবে অতি উত্তম প্ৰমাণিত হব। মুঠতে, এই বৰ্ষটো বৃত্তিগত জীৱনৰ বাবে মিশ্ৰিত ধৰণৰ প্ৰমাণিত হব। 

ৰাজ যোগৰ সময় জানিবৰ বাবে-এতিয়াই অৰ্ডাৰ কৰক: ৰাজ যোগ প্ৰতিৱেদন

সিংহ ৰাশি : শিক্ষা

যোৱাটো বৰ্ষৰ দৰেই এই বৰ্ষটোও পঢ়া-শুনাৰ বাবে অনুকূল হব কিয়নো বৃহস্পতি গ্ৰহৰ দৃষ্টি আপোনাৰ লগ্ন গৃহ আৰু পঞ্চম গৃহত পৰিব যি আপোনাৰ নৱম গৃহত পৰিবহন কৰিব। এই স্থিতিক শিক্ষাৰ বাবে ভাল বুলি গণ্য কৰা হয়। সিংহ 2024 ৰাশিফল (Singha 2024 Rashifal) অনুসৰি বছৰটোৰ প্ৰথম ছমাহ সেইসকল শিক্ষাৰ্থীৰ বাবে উত্তম হব যিসকল উচ্চ শিক্ষা, পিএইচডি, গৱেষণা আৰু গুপ্ত বিজ্ঞানৰ অধ্যয়নৰ সৈতে জড়িত।

 

01মে 2024 ৰ পিছত পঞ্চম গৃহৰ অধিপতি বৃহস্পতি আপোনাৰ দশম গৃহত পৰিবহন কৰিব আৰু এনে পৰিস্থিতিত, এই পৰিবহনে এই জাতকসকলৰ শিক্ষাক নেতিবাচকভাৱে প্ৰভাৱিত কৰিব পাৰে। অৱশ্যে, 2024 বৰ্ষটো ইণ্টাৰ্ণশ্বিপ কৰিব বিচৰা অথবা কোনো বৃত্তিগত পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবলগীয়া শিক্ষাৰ্থীসকলৰ বাবে অনুকূল হব। সিংহ 2024 ৰাশিফল (Singha 2024 Rashifal) -ৰ মতে আপুনি আনন্দ-স্ফূৰ্তি কৰাৰ লগতে মনপুতি অধ্যয়নো কৰাটো উচিত। মুঠতে, 2024 বৰ্ষটো সিংহ ৰাশিৰ জাতকসকলৰ বাবে যথেষ্ট শুভ হব। ইতিবাচকতা, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰদ্বাৰা আপুনি মনে বিচৰা ফল প্ৰাপ্ত কৰাত সফল হব।

বিনামূলীয়া অনলাইন জন্ম ৰাশিফল

সিংহ ৰাশি : পাৰিবাৰিক জীৱন

2024 বৰ্ষটোৰ আৰম্ভণি সিংহ ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱনৰ বাবে শুভ হব। ঘৰ-পৰিয়ালৰ বাতাবৰণ সুখ-শান্তিৰে পৰিপূৰ্ণ হব। সিংহ 2024 ৰাশিফল (Singha 2024 Rashifal) অনুসৰি, যোৱাটো বছৰৰ দৰে এই বছৰটোও 01 মে 2024 পৰ্য্যন্ত বৃহস্পতি গ্ৰহৰ দৃষ্টি আপোনাৰ পঞ্চম গৃহত পৰিব যাৰ ফলস্বৰূপে আপুনি কোনো সুসংবাদ লাভ কৰিব পাৰে আৰু পৰিয়ালৰ সন্তানসকলো আপোনাৰ সুখ-আনন্দৰ কাৰক হব পাৰে। সিংহ ৰাশিৰ যিসকল জাতকৰ বিবাহ অলপতে হৈ গৈছে তেওঁলোকৰ পিতৃ-মাতৃ হোৱাৰ যোগ আছে।

দ্বিতীয় গৃহত কেতুৰ স্থিতিৰ বাবে পৰিয়ালৰ সদস্যসকলৰ সৈতে আপুনি সমস্যাৰ সম্মুখীন হব পাৰে আৰু ইয়াৰ ফলস্বৰূপে, আপুনি প্ৰয়োগ কৰা কঠোৰ বাক্যবাণে তেওঁলোকৰ হৃদয়ত আঘাত প্ৰদান কৰিব পাৰে। সেয়েহে আপোনাক ভাবি-চিন্তি কথা শব্দ প্ৰয়োগ কৰাৰ পৰামৰ্শ দিয়া হৈছে। অৱশ্যে, 01 মে 2024 ত বৃহস্পতি বৃষ ৰাশিত পৰিবহন কৰিব আৰু ই আপোনাৰ দশম গৃহত প্ৰৱেশ কৰিব। লগতে, বৃহস্পতিৰ দৃষ্টি আপোনাৰ দ্বিতীয়, চতুৰ্থ আৰু ষষ্ঠ গৃহত পৰিব। কেতুৰ লগতে দ্বিতীয় গৃহত বৃহস্পতিৰ দৃষ্টিৰ ফলস্বৰূপে ই কেতুৰদ্বাৰা সৃষ্ট সমস্যাসমূহ নিয়ন্ত্ৰণ কৰিব।

যে 01 মে 2024 ৰ পিছত শণি আৰু বৃহস্পতিৰ দ্বৈত পৰিবহনৰ বাবে আপোনাৰ চতুৰ্থ গৃহ (বৃশ্চিক ৰাশি) সক্ৰিয় হৈ উঠিব। সিংহ 2024 ৰাশিফল (Singha 2024 Rashifal) -য়ে প্ৰকাশ কৰে গোটেই বছৰটো চতুৰ্থ গৃহটো সক্ৰিয় হোৱাৰ বাবে আপোনাৰ ঘৰ-পৰিয়ালত অনুষ্ঠান, পূজা, পাৰ্টী আদি অনুষ্ঠিত হোৱাৰ যোগ আছে। লগতে, ই আপোনাক নতুন ঘৰ বা গাড়ী ক্ৰয় কৰাৰ সুযোগ প্ৰদান কৰিব আৰু আপুনি ঘৰৰ পুণৰ্নিৰ্মাণো কৰাব পাৰে। কিন্তু, আপুনি 20 অক্টোবৰ 2024 ৰপৰা বছৰটোৰ শেষলৈকে সময়খিনিত কিছু সাৱধান হৈ থকাটো ভাল হব কিয়নো চতুৰ্থ গৃহৰ অধিপতি মঙ্গল আপোনাৰ দ্বাদশ গৃহত দুৰ্বল অৱস্থান থাকিব যি ধন হানি আৰু ভুল ঠাইত বিনিয়োগ কৰাটোক সূচিত কৰে।

এতিয়া আপোনাৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ লাভ কৰক:এগৰাকী বিদ্বান জ্যোতিষীক প্ৰশ্ন সোধক

সিংহ ৰাশি : বৈবাহিক জীৱন

যদিহে বৈবাহিক জীৱনৰ কথা কোৱা হয়,তেনেহলে কব পাৰি যে শণি হৈছে আপোনাৰ ষষ্ঠ আৰু সপ্তম গৃহৰ অধিপতি আৰু ই গোটেই বৰ্ষটোত নিজৰ মূলক্ৰিকোণ ৰাশি কুম্ভত বিৰাজমান হৈ থাকিব। লগতে, সিংহ 2024 ৰাশিফল (Singha 2024 Rashifal) অনুসৰি, আপোনাৰ সপ্তম গৃহতো উপস্থিত থাকিব। সাধাৰণভাৱে সপ্তম গৃহৰ অধিপতিৰ সপ্তম গৃহত পৰিবহনক শুভ হিচাপে গণ্য কৰা হয়, আৰু এনেস্থলত, শণিৰ এই স্থিতিৰ ফলত জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক যথাৰ্থ, প্ৰেম আৰু প্ৰকৃত অনুভূতিৰ ওপৰত আধাৰিত হব। ইয়াৰ ফলস্বৰূপে, সিংহ ৰাশিৰ নৱবিবাহিত লোকসকল যিয়ে সপোনৰ পৃথিৱীত থাকি ভাল পায় তেওঁলোকে বাস্তৱৰ মুখামুখী হৈ নিৰাশ হৈ পৰিব পাৰে। লগতে, তেওঁলোকে বৈবাহিক জীৱনতো সমস্যাৰ সম্মুখীন হব পাৰে কিয়নো শণি হৈছে আপোনাৰ ষষ্ঠ গৃহৰো অধিপতি। 

অৱশ্যে, যিসকল জাতকে জীৱনসঙ্গীৰ সৈতে সুসম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত সমস্যাৰ সম্মুখীন হৈ আছে, তেওঁলোকে এই সময়ছোৱাত সমস্যাৰপৰা উপশম লাভ কৰিব আৰু আপুনি জীৱনসঙ্গীৰ সৈতে ভাল সময় পাৰ কৰিব পাৰিব। জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক কেনে হব, ই সম্পূৰ্ণৰূপে আপোনাৰ স্বভাৱৰ ওপৰত নিৰ্ভৰ কৰিব সেয়েহে আপুনি সম্পৰ্কৰ ক্ষেত্ৰত, অহংকাৰক এফালে ৰাখি আৰু জীৱনসঙ্গীৰ প্ৰতি বিশ্বাসভাজন হৈ আগবঢ়া উচিত।

পাওক নিজৰ কুণ্ডলী আধাৰিত সঠিক শণি প্ৰতিৱেদন

সিংহ ৰাশি : প্ৰেম জীৱন

সিংহ ৰাশিৰ জাতকসকলে 2024 বৰ্ষত নিজৰ প্ৰকৃত প্ৰেমৰ সন্ধান পোৱাত সফল হোৱাৰ সম্ভাৱনা আছে। সিংহ 2024 ৰাশিফল (Singha 2024 Rashifal) অনুসৰি, 01 মে 2024 পৰ্য্যন্ত আপোনাৰ পঞ্চম গৃহৰ অধিপতি বৃহস্পতিৰ নৱম গৃহ (মেষ ৰাশি)ত পৰিবহনৰ বাবে আৰু ইয়াৰ নৱম দৃষ্টি পঞ্চম গৃহত পৰাৰ ফলস্বৰূপে আপোনাৰ প্ৰেম জীৱন সাধাৰণভাৱে থাকিব। এই সময়ছোৱাত সিংহ ৰাশিৰ জাতকসকলে নিজৰ জীৱনসঙ্গীৰ সৈতে ভাল বুজাবুজি ৰক্ষা কৰিবলৈ সক্ষম হব। অৱশ্যে, 01 মে 2024 ৰ পিছত বৃহস্পতি গ্ৰহ বৃষ ৰাশিত আৰু আপোনাৰ দশম গৃহত প্ৰৱেশ কৰিব আৰু এনে পৰিস্থিতিত, কৰ্মক্ষেত্ৰত আপুনি কাৰোবাৰ প্ৰেমত পৰাৰ যোগ আছে। প্ৰেম আৰু ৰোমাঞ্চৰ দৃষ্টিকোণৰপৰা, নৱেম্বৰ 2024 আপোনাৰ বাবে অত্যন্ত শুভ হব, কিন্তু আপুনি অহংকাৰৰপৰা আঁতৰি থকা উচিত। 

সিংহ 2024 ৰাশিফলৰ বিষয়ে অধিক জানিবৰ বাবে- শ্ৰেষ্ঠ জ্যোতিষীসকলৰ সৈতে কথাপাতক

সিংহ 2024 ৰাশিফল : প্ৰতিকাৰ

  • দৈনিক ৰাতিপুৱা সূৰ্য্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক।
  • দৈনিক ৰাতিপুৱা 108 বাৰ গায়ত্ৰী মন্ত্ৰ জপ কৰক।
  • দৈনিক গুড় সেৱন কৰক।
  • পাৰ্চ বা পকেটত ৰঙা ৰঙৰ ৰূমাল লৈ থাকক। 
  • পিতৃৰ আদৰ-সন্মান কৰক আৰু ঘৰৰ বাহিৰলৈ যাওঁতে তেওঁৰ আশীৰ্বাদ লৈ যাওক। 
  • দৈনিক আদিত্য হৃদয়ম স্তোত্ৰ পাঠ কৰক। 
  • সূৰ্য্য দেৱতাৰ পূজা কৰক আৰু দৈনিক সূৰ্য্য নমস্কাৰ কৰক। 
  • ভগৱান সূৰ্য্যৰপৰা শুভ ফল প্ৰাপ্ত কৰিবৰ বাবে সোঁ-হাতৰ অনামিকা আঙুলিত উন্নত মানদণ্ডৰ ৰঙা ৰূবী পাঠৰ খটোৱা সোণৰ আঙুঠি পৰিধান কৰক।

 

সঘনাই সোধা প্ৰশ্ন

প্ৰশ্ন.1 2024 বৰ্ষটো সিংহ ৰাশিৰ জাতকসকলৰ বাবে কেনে হব?

উত্তৰ. সিংহ 2024 ৰাশিফল (Singha 2024 Rashifal) অনুসৰি, 2024 বৰ্ষটো সিংহ ৰাশিৰ জাতকসকলৰ বাবে ভাল হব। 

 

প্ৰশ্ন.2 2024 বৰ্ষত সিংহ ৰাশিৰ জাতকসকলৰ ভাগ্য কেতিয়া উজ্বলি উঠিব?

উত্তৰ. মে 2024 পৰ্য্যন্ত সময়খিনি সিংহ ৰাশিৰ জাতকসকলৰ বাবে ফলদায়ক হব।

 

প্ৰশ্ন.3 সিংহ ৰাশিৰ জাতকসকলে 2024 বৰ্ষত প্ৰকৃত প্ৰেম লাভ কৰিব নে?

উত্তৰ. সিংহ ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো প্ৰেম আৰু ৰোমাঞ্চেৰে পৰিপূৰ্ণ হব আৰু আপুনি নিজৰ প্ৰকৃত প্ৰেমৰ সন্ধান পাব। 

 

 সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এনেধৰণৰ আৰু অধিক প্ৰৱন্ধ লাভ কৰিবৰ বাবে এষ্ট্ৰোকেম্পৰ সৈতে সংযুক্ত হৈ থাকক। ধন্যবাদ !  

More from the section: Horoscope 3751
Buy Today
Gemstones
Get gemstones Best quality gemstones with assurance of AstroCAMP.com More
Yantras
Get yantras Take advantage of Yantra with assurance of AstroCAMP.com More
Navagrah Yantras
Get Navagrah Yantras Yantra to pacify planets and have a happy life .. get from AstroCAMP.com More
Rudraksha
Get rudraksha Best quality Rudraksh with assurance of AstroCAMP.com More
Today's Horoscope

Get your personalised horoscope based on your sign.

Select your Sign
Free Personalized Horoscope 2024
© Copyright 2024 AstroCAMP.com All Rights Reserved