• Talk To Astrologers
  • Brihat Horoscope
  • Ask A Question
  • Child Report 2022
  • Raj Yoga Report
  • Career Counseling
Personalized
Horoscope

বৃশ্চিক 2024 ৰাশিফল: এষ্ট্ৰোকেম্পৰ বৃশ্চিক ৰাশিফল পঢ়ক!

Author: Vijay Pathak | Last Updated: Thu 21 Sep 2023 11:38:00 AM

বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো যথেষ্ট ভাল হ’ব বুলি বৃশ্চিক 2024 ৰাশিফল (Brishchik 2024 Rashifal) য়ে প্ৰকাশ কৰিছে। এই বৰ্ষটোৱে আপোনাৰ জীৱনলৈ বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনি দিব। বছৰটোৰ আৰম্ভণিতে শুক্ৰ আৰু বুধৰ দৰে শুভ গ্ৰহ আপোনাৰ লগ্ন গৃহত স্থিত হ’ব আৰু ই আপোনাৰ বাবে যথেষ্ট ফলদায়ক প্ৰমাণিত হ’ব। আপোনাৰ ব্যক্তিত্বত আকৰ্ষণ বৃদ্ধি হ’ব।

हिंदी मैं पढ़ने के लिए यहाँ क्लिक करें: बृश्चिक 2024 राशिफल

5 ফেব্ৰুৱাৰীত আপোনাৰ লগ্ন গৃহৰ অধিপতি কৰ্কট ৰাশি আৰু তৃতীয় গৃহত উচ্চ অৱস্থানত স্থিত হ’ব। মঙ্গলৰ এই পৰিবহনে আপোনাৰ শক্তিৰে পৰিপূৰ্ণ কৰি তুলিব আৰু আপোনাৰ সাহসো বৃদ্ধি হ’ব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব আৰু ইয়াৰ ফলত এই সময়ছোৱা ৰাজনীতিবিদ তথা সামাজিক কাৰ্য্যকৰ্তাসকলৰ বাবে ভাল হ’ব। 1 মে’, 2024 পৰ্য্যন্ত বৃহস্পতি আপোনাৰ ষষ্ঠ গৃহত স্থিত হ’ব। ইয়াৰ ফলত আপোনাৰ জীৱনলৈ কিছুমান সমস্যাৰ আগমন ঘটিব পাৰে। আপোনাৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে, ধাৰ লবৰ বাবে বাধ্য হ’ব পাৰে অথবা কোনো আইনী গোচৰত সোমাই পৰিব পাৰে।

যিহেতু, বৃহস্পতি আপোনাৰ পঞ্চম গৃহৰ অধিপতি আৰু ই ষষ্ঠ গৃহত পৰিবহন কৰিব সেয়েহে আপুনি এই গৃহৰ লগত জড়িত সমস্যাৰ সম্মুখীন হ’ব পাৰে। যেনে ধন সঞ্চয় কৰাত অসফল হ’ব পাৰে, পৰিয়ালত কোনো ধৰণৰ মতভেদ হ’ব পাৰে আৰু বহুবাৰ ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে। বৃশ্চিক 2024 ৰাশিফল (Brishchik 2024 Rashifal) -ৰ মতে, আপোনাৰ প্ৰেম জীৱন আৰু শিক্ষাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হ’ব পাৰে আৰু তাৰ লগতে আপোনাৰ সন্তানেও কোনো কষ্ট পাব পাৰে বা তেওঁলোকৰ স্বাস্থ্য বেয়া হ’ব পাকে অথবা তেওঁলোকৰ বেয়া আচৰণৰ বাবে আপুনি চিন্তিত হ’ব পাৰে। ইয়াৰ উপৰিও গৰ্বৱতী মহিলাসকলেও কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাত ভূগিব পাৰে। সেয়েহে আপুনি এই বছৰটোত নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰখা উচিত।

1 মে’, 2024 ৰ পিছত বৃহস্পতি বৃষ ৰাশি আৰু সপ্তম গৃহত পৰিবহন কৰাৰ ফলত আপুনি সকলো সমস্যাৰপৰা মুক্তি লাভ কৰিব। সপ্তম গৃহত বৃহস্পতিৰ পৰিবহন আপোনাৰ বাবে ফলদায়ক প্ৰমাণিত হ’ব। ইয়াৰ প্ৰভাৱৰ ফলস্বৰূপে আপুনি নিজৰ সম্পৰ্কৰ ক্ষেত্ৰত উদাৰ আৰু দয়াৱান হ’ব। বৃশ্চিক ৰাশিৰ যিসকল জাতক প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই সময় যথেষ্ট অনুকূল হ’ব। বছৰটোৰ শেষৰ ছমাহত পঞ্চম গৃহৰ অধিপতিয়ে বৃহস্পতিৰ সপ্তম গৃহত পৰিবহন কৰাৰ ফলত প্ৰেমৰ সম্পৰ্কক বিবাহৰ ৰূপ দিয়াৰ সপোন পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। যিহেতু, বৃহস্পতি আপোনাৰ দ্বিতীয় গৃহৰ অধিপতি সেয়েহে আপুনি নিজৰ বাবে পৰিয়ালৰ লোকসকলৰ অনুমতি লাভ কৰিবলৈ সক্ষম হ’ব।

যিসকল বৃশ্চিক ৰাশিৰ জাতক এতিয়ালৈকে অকলশৰীয়া হৈ আছে, তেওঁলোকে এই সময়ছোৱাত পৰিয়ালৰ সহায়ত জীৱনসঙ্গী বিচাৰি পাব পাৰে। সপ্তম গৃহৰপৰা বৃহস্পতিয়ে আপোনাৰ একাদশ গৃহ, লগ্ন আৰু তৃতীয় গৃহত দৃষ্টি পেলাইছে। সেয়েহে বৃহস্পতিৰ পঞ্চম দৃষ্টি আপোনাৰ একাদশ গৃহত পৰিছে। এই কাৰণবশতঃ, আপুনি আৰ্থিক লাভ প্ৰাপ্ত কৰিব, আপোনাৰ সকলো আকাংক্ষা পূৰণ হ’ব, আৰু জ্যেষ্ঠ ভাই-ভনী তথা মাতৃৰ সৈতে আপোনাৰ সম্পৰ্কৰ শুধৰণি হ’ব। লগ্ন গৃহত বৃহস্পতিৰ দৃষ্টিৰ বাবে আপুনি জ্ঞানী আৰু বুজন হৈ উঠিব আৰু আপোনাৰ ব্যক্তিত্বও প্ৰভাৱশালী হ’ব।

পৃথিৱীৰ বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনযোগে কথা পাতক আৰু জানক কেৰিয়াৰ সম্পৰ্কীয় সকলো তথ্য

বৃহস্পতিৰ নৱম দৃষ্টি আপোনাৰ তৃতীয় গৃহত পৰিব যাৰ ফলত আপোনাৰ সংসাৰ সমৃদ্ধিশালী হোৱাৰ লগতে আপোনাৰ শক্তি তথা সাহস বৃদ্ধি হ’ব। আপুনি নিজৰ কনিষ্ঠ ভাই-ভনীসকলৰ সৈতে ভাল সময় কটাব। বৃশ্চিক 2024 ৰাশিফল (Brishchik 2024 Rashifal) অনুসৰি, আপোনাৰ তৃতীয় আৰু চতুৰ্থ গৃহৰ অধিপতি শণিয়ে আপোনাৰ চতুৰ্থ গৃহত পৰিবহন কৰিব। তৃতীয় গৃহৰ অধিপতি হিচাপে শণিয়ে আপোনাৰ চতুৰ্থ গৃহত পৰিবহন কৰিব আৰু এই বাৰ শণিয়ে আপোনাক জীৱনৰ সত্যৰ সৈতে মুখামুখি কৰোৱাব পাৰে, লগতে আপোনাক অনুশাসন আৰু শৃংখলাৱদ্ধতাৰে জীৱন-যাপন কৰিবলৈ শিকাব পাৰে। এই পৰিবহনৰদ্বাৰা আপুনি উপলব্ধি কৰিব যে জীৱনত আগবাঢ়ি যাবৰ বাবে আৰু উন্নতি লাভৰ বাবে আৰু অধিক প্ৰয়াস কৰিব লাগিব। ইয়াৰ পিছত চতুৰ্থ গৃহৰ অধিপতি হিচাপে শণি গোটেই বৰ্ষটোত আপোনাৰ চতুৰ্থ গৃহত স্থিত হ’ব। আপুনি ইয়াৰ মিশ্ৰিত ফলাফল লাভ কৰিব।

Click here to read in English: Scorpio 2024 Horoscope

বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে শণি চতুৰ্থ গৃহত নিজৰ ৰাশিত উপস্থিত হ’ব যাৰ ফলস্বৰূপে আপুনি পাৰ্থিৱ সুখ প্ৰাপ্ত কৰিব। আপুনি নিজৰ ঘৰ বনাব পাৰে আৰু নতুন বাহনো ক্ৰয় কৰিব পাৰে। সম্পত্তিৰ লগত জড়িত ক্ষেত্ৰত ব্যৱসায় কৰাসকল আৰু বিল্ডাৰসকলৰ বাবে এয়া যথেষ্ট শুভ সময়। আপোনাৰ পিতৃয়েও আপোনাৰ কষ্ট আৰু পৰিশ্ৰম দেখি শলাগ ল’ব, কিন্তু গ্ৰহৰ এই স্থিতি আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে সিমান ভাল নহ’ব। মাতৃৰ সৈতে আপোনাৰ মতভেদ হ’ব পাৰে অথবা তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।

শণি, হৈছে এক অনুশাসনমূলক গ্ৰহ আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ বাতাবৰণ একঘেয়ামী হৈ পৰিব পাৰে। ঘৰত আপোনাৰ মন নবহাৰো সম্ভাৱনা আছে। শণিয়ে চতুৰ্থ গৃহৰপৰা আপোনাৰ ষষ্ঠ, দশম আৰু লগ্ন গৃহত দৃষ্টি দিব। শণিৰ তৃতীয় দৃষ্টি আপোনাৰ ষষ্ঠ গৃহত পৰিব যাৰ ফলত আপোনাৰ শত্ৰুসকলৰ নাশ হ’ব আৰু আপোনাৰ প্ৰতিদ্বন্দীসকলো আপোনাতকৈ পিছ পৰি ৰ’ব। কোনো ধৰণৰ প্ৰতিযোগিতা, আইনী মোকৰ্দমা বা জীৱনৰ কোনো ধৰণৰ যুঁজৰ বাবে এই সময় উত্তম। আপুনি নিজৰ সংঘৰ্ষত সফলতা প্ৰাপ্ত কৰিব।

শণিৰ সপ্তম দৃষ্টি আপোনাৰ দশম গৃহত পৰিছে যি আপোনাৰ ব্যৱসায়িক জীৱনৰ বাবে শুভ প্ৰমাণিত হ’ব বুলি বৃশ্চিক 2024 ৰাশিফল (Brishchik 2024 Rashifal) য়ে প্ৰকাশ কৰিছে। ইয়াৰ দ্বাৰা আপুনি যথেষ্ট পৰিশ্ৰমী হৈ উঠিব কিন্তু আপুনি নিজৰ পৰিশ্ৰমৰ ফলো লাভ কৰিব। ষষ্ঠ আৰু দশম গৃহত শণিৰ দৃষ্টি চিকিৎসক, উকিল আৰু এনে বৃত্তিৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ বাবে ভাল বুলি ক’ব পৰা যায়। শণিৰ দশম দৃষ্টি আপোনাৰ লগ্ন গৃহত পৰিছে। ইয়াৰ ফলস্বৰূপে আপুনি গম্ভীৰ আৰু পৰিশ্ৰমী হৈ উঠিব আৰু আন ভাৱনাৰ প্ৰতি আপোনাৰ আগ্ৰহ কম হ’ব।

ৰাহু আৰু কেতুৰ কথা যদি ক’বলৈ যোৱা যায়, তেনেহ’লে দেখা যায় গোটেই বৰ্ষটোত ৰাহু আপোনাৰ পঞ্চম আৰু কেতু একাদশ গৃহত স্থিত হ’ব। পঞ্চম গৃহত ৰাহুৰ স্থিতিৰ বাবে আপুনি শিক্ষা, প্ৰেম জীৱন তথা সন্তানৰ লগত জড়িত সমস্যাৰ সম্মুখীন হ’ব পাৰে। আনহাতে একাদশ গৃহত কেতুৰ স্থিতি আপোনাৰ বাবে শুভ প্ৰমাণিত নহ’বও পাৰে। আপোনাৰ সোঁৱৰণিত যি দশা চলি আছে, সেই অনুসৰি আপুনি আৰ্থিক লাভ প্ৰাপ্ত কৰিব। কিন্তু এই সময়ছোৱাত আপুনি লাভ কৰা ফলাফলসমূহৰদ্বাৰা আপুনি যথেষ্ট অসন্তুষ্ট অনুভৱ কৰিব আৰু এই সময়খিনিত আপুনি মানুহৰপৰা আতৰি থাকিব পাৰে।

20 অক্টোবৰৰপৰা বছৰটোৰ শেষলৈকে আপোনাৰ লগ্ন গৃহৰ অধিপতি মঙ্গল আপোনাৰ নৱম গৃহত কৰ্কট ৰাশিত নিম্ন অৱস্থানত স্থিত হ’ব, এই বুলি বৃশ্চিক 2024 ৰাশিফল (Brishchik 2024 Rashifal) অনুসৰি প্ৰকাশ কৰা হৈছে। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আপোনাৰ পিতৃৰ স্বাস্থ্যও বেয়া হ’ব পাৰে। পিতৃৰ সৈতে আপোনাৰ মতভেদ বা কোনো কথাক লৈ মতানৈক্য ঘটিব পাৰে। সেয়েহে আপুনি এই সময়ছোৱাত যথেষ্ট সাৱধানে থকা উচিত। মুঠতে, বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে এই সময়খিনি ফলদায়ক হ’ব বুলি ক’ব পৰা যায়। আপুনি মাথো চেষ্টা কৰাৰ লগতে এই সময়ছোৱাৰ সদব্যৱহাৰ কৰিবলৈ যত্ন কৰক।

এতিয়া আপোনাৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ লাভ কৰক:এগৰাকী বিদ্বান জ্যোতিষীক প্ৰশ্ন সোধক

বৃশ্চিক ৰাশি : আৰ্থিক জীৱন

আপোনাৰ আৰ্থিক স্থিতি এই বৰ্ষত অত্যন্ত বেছি শুভ হ’ব বুলি ক’ব পৰা নাযায়। বৃশ্চিক 2024 ৰাশিফল (Brishchik 2024 Rashifal) অনুসৰি, 1 মে, 2024 পৰ্য্যন্ত আপোনাৰ ষষ্ঠ গৃহত বৃহস্পতিৰ উপস্থিতিয়ে ধাৰ বা ঋণ বৃদ্ধি কৰিব। যি কি নহওক, এই ধাৰ ভাল কাম যেনে ব্যৱসায়ৰ সম্প্ৰসাৰণ বা নতুন সম্পত্তি ক্ৰয়ৰ বাবে হ’ব। ষষ্ঠ গৃহৰপৰা বৃহস্পতিয়ে নিজৰ নৱম দৃষ্টিৰে আপোনাৰ দ্বিতীয় গৃহত দৃষ্টি পেলাইছে। ইয়াৰ ফলত আপোনাৰ সঞ্চয় বৃদ্ধি হ’ব আৰু আৰ্থিক পৰিস্থিতি শক্তিশালী হৈ উঠিব।

একাদশ গৃহত কেতুৰ পৰিবহনক যথেষ্ট অপ্ৰত্যাশিত বুলি ক’ব লাগিব। ইয়াৰ ফলত আপুনি আৰ্থিক লাভ প্ৰাপ্ত কৰিব কিন্তু এই লাভ আপোনাৰ সোঁৱৰণিত চলি থকা দশাৰ ওপৰত নিৰ্ভৰশীল। অৱশ্যে, আপুনি এই লাভৰদ্বাৰা অসন্তুষ্ট বা অপ্ৰসন্ন হ’ব পাৰে। কোনো ডাঙৰ বিনিয়োগ বা কোনো ডাঙৰ সিদ্ধান্ত ল’বৰ বাবে এয়া ভাল সময় নহয়। একাদশ গৃহত কেতুৰ স্থিতিৰ বাবে আপুনি কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ভাবিব পাৰে কিন্তু এই সময় এই কামৰ বাবে সঠিক নহয়। বিনিয়োগ, সম্পত্তিৰ লেন-দেন আদিৰ ক্ষেত্ৰত আপুনি সাৱধান হোৱা উচিত কিয়নো আপোনাৰ এটা মাত্ৰ ভুল পদক্ষেপে আপোনাৰ বিনিয়োগ বা সামৰ্থক প্ৰভাৱিত কৰিব পাৰে আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ ওপৰত বেয়াকৈ পৰিব পাৰে। সেয়েহে সৰ্বশেষত ক’ব পৰা যায় যে বৃশ্চিক ৰাশিৰ জাতকসকলে এই বৰ্ষত আৰ্থিক দিশত ভাবি-চিন্তি পদক্ষেপ গ্ৰহণ কৰা উচিত।

আপোনাৰ সোঁৱৰণি শুভ যোগ আছে নে বাৰু? জানিবৰ বাবে এতিয়াই ক্ৰয় কৰক বৃহ ৰাশিফল

বৃশ্চিক ৰাশি: স্বাস্থ্য

শুক্ৰ আৰু বুধৰ প্ৰভাৱৰ বাবে বছৰটোৰ আৰম্ভণিত আপোনাৰ স্বাস্থ্য মজলীয়া ধৰণে থাকিব। আপোনাৰ ৰাশিৰ দ্বাদশ আৰু অষ্টম গৃহৰ অধিপতি হৈছে শুক্ৰ আৰু বুধ। এই স্থিতিৰ বাবে আপুনি কিছু পৰিমাণে স্বাস্থ্যজনিত সমস্যাৰ মুখামুখি হ’ব পাৰে। কিন্তু এই দুয়োটা শুভ গ্ৰহ আপোনাৰ লগ্ন গৃহত স্থিত হোৱাৰ বাবে আপোনাৰ ব্যক্তিত্বৰ বিকা হ’ব আৰু আকৰ্ষণীয়তা বৃদ্ধি পাব। বৃশ্চিক 2024 ৰাশিফল (Brishchik 2024 Rashifal) অনুসৰি 5 ফেব্ৰুৱাৰীৰ পিছত আপোনালৰ লগ্ন গৃহৰ অধিপতি তৃতীয় গৃহ আৰু কৰ্কট ৰাশিত উচ্চ অৱস্থানত থাকিব। মঙ্গলৰ এই পৰিবহনে আপোনাৰ শক্তিৰে পৰিপূৰ্ণ কৰি তুলিব আৰু আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ লগতে স্বাস্থ্যৰো উন্নতি হ’ব। ইয়াৰ ফলত আপোনাৰ ষষ্ঠ গৃহত বৃহস্পতিৰ উপস্থিতিৰ বাবে আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় সমস্য়াসমূহ দূৰ হ’ব।

Click Here To Read In English: Scorpio 2024 Horoscope

বৃশ্চিক 2024 ৰাশিফ (Brishchik 2024 Rashifal) য়ে প্ৰকাশ কৰে যে 1 মে’, 2024 ৰ পিছত বৃষ ৰাশি আৰু আপোনাৰ সপ্তম গৃহত বৃহস্পতিৰ পৰিবহনৰ পিছত আপুনি ৰোগ আৰু স্বাস্থ্যজনিত সমস্য়াৰপৰা সকাহ লাভ কৰিব। ইয়াৰ পিছত আৰোনাৰ লগ্ন গৃহত শণি আৰু বৃহস্পতি দুয়োৰে পৰিবহন হ’ব। এই সময়ছোৱা আপোনাৰ শৰীৰ আৰু ব্যক্তিত্বৰ বিকাশৰ বাবে উত্তম সময়। আপুনি নিজৰ স্বাস্থ্য উন্নত কৰিবৰ বাবে এই সময়ছোৱাৰ সদব্যৱহাৰ কৰা উচিত। 20 অক্টোবৰৰপৰা বছৰটোৰ শেষলৈকে আপোনাৰ বাবে পৰিস্থিতি কিছু জটিল হ’ব পাৰে। এই সময়ছোৱাত আপোনাৰ লগ্ন গৃহৰ অধিপতি দুৰ্বল হৈ থাকিব য়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।

বৃশ্চিক ৰাশি: কেৰিয়াৰ

আপোনাৰ কেৰিয়াৰৰ বাবে এই বৰ্ষটো প্ৰত্যাহ্বানেৰে ভৰা হ’ব। ব্যৱসায়িক জীৱনত আগবঢ়াৰ ক্ষেত্ৰত আপুনি সমস্যাৰ সম্মুখীন হ’ব পাৰে। বৃশ্চিক 2024 ৰাশিফল (Brishchik 2024 Rashifal) অনুসৰি, কৰ্মক্ষেত্ৰত আপুনি বহুবাৰ প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব কিন্তু আপুনি নিজৰ দক্ষতাৰদ্বাৰা এই প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিব পাৰিব আৰু নিজৰ প্ৰতিচ্ছবি উন্নত কৰিবলৈ সক্ষম হ’ব। চতুৰ্থ গৃহত শণিকৃৰ পৰিবহনৰ ফলত এই সময়ছোৱা সম্পত্তিৰ ব্যৱসায়ী আৰু বিল্ডাৰসকলৰ বাবে শুভ প্ৰমাণিত হ’ব। এই সময়চোৱাত আপুনি অধিক কষ্ট কৰিব লাগিব আৰু ভাল কথাটো হৈছে যে আপুনি নিজৰ কষ্টৰ ফল প্ৰাপ্ত কৰিব।

ষষ্ট আৰু দশম গৃহত শণিৰ দৃষ্টিৰ বাবে, এই সময়খিনি চিকিৎসকসকলৰ বাবে ফলদায়ক হ’ব। উকীল আৰু এই বৃত্তিৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ বাবে এই সময়ছোৱা ভাল হ’ব। 2024 বৰ্ষৰ 1 মে’, 2024 পৰ্য্যন্ত বৃহস্পতি আৰু শণি আপোনাৰ ষষ্ঠ আৰু দশম গৃহত পৰিবহন কৰিব। ইয়াৰ পিছত বৃহস্পতি সপ্তম গৃহলৈ যাত্ৰা কৰিব আৰু ইয়াকৰ দৃষ্টি আপোনাৰ একাদশ গৃহত পৰিব। এই স্থিতি বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে লাভজনক হ’ব। এতিয়ালৈকে একাদশ গৃহত কেতু থকাৰ বাবে যিবোৰ সমস্যাৰ সম্মুখীন হৈ আছিল, সেইবোৰ নাইকিয়া হ’ব আৰু আপুনি ভাল লাভ প্ৰাপ্ত কৰাৰ যোগ আছে। বৃশ্চিক ৰাশিৰ ব্যৱসায়ী লোকসকলৰ বাবে এই বছৰটো লাভজনক হ’ব কিন্তু আপুনি কষ্ কৰিব লাগিব আৰু এই সময়ছোৱাৰ সদব্যৱহাৰ কৰিব লাগিব।

ৰাজ যোগৰ সময় জানিবৰ বাবে-এতিয়াই অৰ্ডাৰ কৰক: ৰাজ যোগ প্ৰতিৱেদন

বৃশ্চিক ৰাশি: শিক্ষা

এই বৰ্ষটো বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে যথেষ্ট প্ৰত্যাহ্বানজনক হ’ব আৰু পঞ্চম গৃহত ৰাহুৰ স্থিতিৰ বাবে আপোনাৰ ধ্যান ভংগ হ’ব পাৰে। বৃশ্চিক 2024 ৰাশিফল (Brishchik 2024 Rashifal) অনুসৰি, ৰাহুৰ স্থিতিৰ বাবে শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাত ব্যাঘাত জন্মিব পাৰে, আপোনাৰ ধ্যান নিজ লক্ষ্যৰৰপৰা বিচলিত হ’ব পাৰে আৰু যদিহে আপোনাৰ কোনো অশুভ দশা চলি আছে, তেনেহ’লে আপুনি কঠিন পৰিস্থিতিত নিজৰ পঢ়া-শুনাৰ পৰা আতৰি থাকিবলগীয়া হ’ব পাৰে। শিক্ষাৰ্থীসকল বা বিদেশত বৃত্তিগত পাঠ্যক্ৰম কৰি থকা শিক্ষাৰ্থীসকল বা বিদেশী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা শিক্ষাৰ্তীসকল বা বিদেশী ভাষা শিকি থকা শিক্ষাৰ্থীসকলৰ বাবে পঞ্চম গৃহত ৰাহুৰ পৰিবহণ শুভ প্ৰমাণিত হ’ব।

চৰকাৰী চাকৰি লাভৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থী অথবা চিকিৎসক বা তলৰ পদৰ কোনো কোনো চাকৰিৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা শিক্ষাৰ্থী আৰু স্নাতকৰ অধ্যয়ন বা গৱেষণামূলক অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলে বছৰটোৰ শেষৰফালে জটিলতাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। বৃশ্চিক ৰাশিৰ শিক্ষাৰ্থীসকলে নিজৰ বহুমূলীয়া সময় অযথা কামত অপব্যয় নকৰি নিজৰ সম্পূৰ্ণ ধ্যান অধ্যয়ন তথা বৃত্তিগত জীৱনত নিৱিষ্ট কৰা উচিত।

বিনামূলীয়া অনলাইন জন্ম ৰাশিফল

বৃশ্চিক ৰাশি: পাৰিবাৰিক জীৱন

2024 বৰ্ষটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে সিমান বেছি শুভ নোহোৱাৰ সম্ভাৱনা দেখা যায়। বৃশ্চিক 2024 ৰাশিফল (Brishchik 2024 Rashifal) অনুসৰি, শণি নিজৰ ৰাশি কুম্ভৰ চতুৰ্ত গৃহত স্থিত হোৱাৰ বাবে আপুনি অনুশাসনত থাকিবলৈ শিকিব আৰু আপোনাৰ আচৰণত কঠোৰতা ফুটি উঠিব পাৰে। আপুনি পৰিয়ালৰ লোকসকলৰপৰা আৱেগিকভাৱে কিছু দূৰত্ব অনুভৱ কৰিব পাৰে। পৰিয়ালৰ সদস্য বিশেষকৈ মাতৃৰ সৈতে আপোনাৰ মতভেদ হ’ব পাৰে।

এই সময়ছোৱাত আপোনাৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু এই কাৰণবশতঃ ঘৰৰ পৰিৱেশত অশান্তি বিৰাজমান কৰিব পাৰে। আপোনাৰ তৃতীয় গৃহৰ অধিপতি শণি আপোনাৰ চতুৰ্থ গৃহত পৰিবহন কৰিব। এই কাৰণবশতঃ কনিষ্ঠ ভাই-ভনীৰ সৈতে একেলগ হোৱাৰ অথবা সম্পৰ্কীয় ভাই-ভনীৰ আগমনৰ সম্ভাৱনা আছে। বছৰটোৰ আৰম্ভণিৰ সময়ছোৱাত সন্তানক লৈও আপুনি কিছু চিন্তিত হ’ব পাৰে।

সন্তানৰ কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

বৃশ্চিক ৰাশি: বৈবাহিক জীৱন

এই ৰাশিৰ জাতকসকলৰ বৈবাহিক জীৱন সচৰাচৰ হ’ব কিন্তু ষষ্ঠ গৃহৰ সক্ৰিয়তাৰ বাবে আপোনাৰ ভিতৰত অহং ভাৱ বিকশিত হ’ব পাৰে। এনে পৰিস্থিতিত, বৈবাহিক জীৱনত উত্থান-পতন দেখা পোৱাৰ সম্ভাৱনা আছে আৰু জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত তিক্ততা আহিব পাৰে। আপুনি নিজৰ জীৱনসঙ্গীৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। তেওঁৰ সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষা কৰাওক আৰু স্বাস্থ্যকৰ জীৱনশৈলী আঁকোৱালি ল’বৰ বাবে তেওঁক অনুপ্ৰাণিত কৰক। বৃশ্চিক 2024 ৰাশিফল (Brishchik 2024 Rashifal) অনুসৰি, 1 মে’, 2024 ৰ পিছত বৃহস্পতিয়ে বৃষ ৰাশিত আপোনাৰ সপ্তম গৃহত পৰিবহন কৰাৰ পিছত আপোনাৰ জীৱনৰপৰা সকোলোবোৰ সমস্যা দূৰ হ’ব। সপ্তম গৃহত বৃহস্পতিৰ পৰিবহন আপোনাৰ বাবে ফলদায়ক প্ৰমাণিত হ’ব। আপুনি নিজৰ জীৱনসঙ্গীৰ প্ৰতি দয়াৱান আৰু উদাৰ মনোভাৱ পোষণ কৰিব লাগিব। যদিহে আপুনি নিজৰ প্ৰেমৰ সম্পৰ্কক বিবাহৰ পৱিত্ৰ বন্ধনত বান্ধ খুওৱাৰ কথা ভাবিছে, তেনেহ’লে আপোনাৰ বাবে এই সময়ছোৱা যথেষ্ট শুভ হ’ব। আপোনাৰ পঞ্চম গৃহ আৰু দ্বিতীয় গৃহৰ অধিপতি বৃহস্পতি সপ্তম গৃহত পৰিবহন কৰাৰ ফলত বছৰটোৰ শেষৰ ছমাহত আপোনাৰ এই সপোন পূৰণ হ’ব পাৰে। প্ৰেম বিবাহৰ বাবে আপুনি নিজৰ পৰিয়ালৰ সন্মতি লাভ কৰাৰ আশা আছে। যদিহে আপুনি অকলশৰীয়া অথবা বিবাহযোগ্য প্ৰাৰ্থী, তেনেহ’লে এই বছৰ আপোনাৰ বিয়া ঠিক হোৱাৰ যোগ আছে। এই কাৰ্য্যত পৰিয়ালে আপোনাক সহায় কৰিব। কিন্তু বছৰটোৰ শেষলৈ অথবা শেষৰ মাহকেইটাত বিয়াহ নবহাটো ভাল কিয়নো এই সময়খিনি আপোনাৰ বাবে ভাল নহ’ব।

পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শণি প্ৰতিৱেদন

বৃশ্চিক ৰাশি: প্ৰেম জীৱন

প্ৰেমৰ ক্ষেত্ৰত দেখা যায়, এই বৰ্ষটোত বৃশ্চিক ৰাশিৰ জাতকসকলৰ প্ৰেম জীৱনলৈ বহুতো প্ৰত্যাহ্বান অহাৰ সম্ভাৱনা আছে। বৃশ্চিক 2024 ৰাশিফল (Brishchik 2024 Rashifal) অনুসৰি, ৰাহুৰ উপস্থিতিৰ বাবে আপুনি সম্পৰ্কত প্ৰৱঞ্চনা লাভ কৰিব পাৰে অথবা আপোনালোকৰ সম্পৰ্কত বহুতো ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে। ভালপোৱাৰ নামত আপুনি বিশ্বাসঘাটকতাৰ বলি হ’ব পাৰে। আনহাতে, ৰাহুৱে বৈদেশিক সংস্কৃতি আৰু ভিন্ন ধৰ্মকো সূচিত কৰে সেয়েহে ইয়াৰ প্ৰৱল সম্ভাৱনা আছে যে কোনো বিদেশী বা আন ধৰ্মৰ ব্যক্তিৰ সৈতে আপোনাৰ প্ৰেম হ’ব পাৰে।

বৃহস্পতি হৈছে আপোনাৰ পঞ্চম গৃহৰ অধিপতি আৰু সপ্তম গৃহত ইয়াৰ পৰিবহন আপোনাৰ প্ৰেম জীৱনৰ বাবে শুভ প্ৰমাণিত হ’ব। যদিহে বহুদিন ধৰি কোনো সম্পৰ্কত আছে আৰু এই সম্পৰ্কক আৰু এখোজ আগুৱাই নিব খোজে, তেনেহ’লে 2024 বৰ্ষত আপোনাৰ এই আকাংক্ষা পূৰণ হোৱাৰ সম্ভাৱনা আছে। যিসকল লোকে প্ৰেম বিবাহৰ ক্ষেত্ৰত বাধাৰ সম্মুখীন হৈ আছে, তেওঁলোকৰ মনোবাঞ্চাও 1 মে’, 2024 ৰ পিছত পূৰণ হোৱা দেখা যাব। এই সময়ছোৱাত বৃহস্পতিয়ে বৃষ ৰাশিৰ সপ্তম গৃহত পৰিবহন কৰিব। যিহেতু বৃহস্পতি আপোনাৰ দ্বিতীয় গৃহৰ অধিপতি সেয়েহে আপোনাৰ প্ৰেম বিবাহৰ বাবে পৰিয়ালৰ সন্মতি আপুনি লাভ কৰিবলৈ সক্ষম হ’ব। বৃশ্চিক 2024 ৰাশিফল (Brishchik 2024 Rashifal) অনুসৰি বৃশ্চিক ৰাশিৰ লোকসকলে নিজৰ জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰৰ ক্ষেত্ৰত কিছু সাৱধান হোৱা উচিত কিয়নো পঞ্চম গৃহত ৰাহুৰ উপস্থিতিৰ বাবে আপোনাৰ মনত ভ্ৰম সৃষ্টি হ’ব পাৰে। আপুনি নিজেই প্ৰকৃত সত্য উদঘাটন কৰি চোৱাৰ আৱশ্যকতা আছে।

বৃশ্চিক 2024 ৰাশিফলৰ বিষয়ে অধিক জানিবৰ বাবে- শ্ৰেষ্ঠ জ্যোতিষীসকলৰ সৈতে কথা পাতক

বৃশ্চিক 2024 ৰাশিফল : প্ৰতিকাৰসমূহ

  • সোঁ-হাতৰ অনামিকা আঙুলিত সোণৰ আঙুঠিত প্ৰৱাল ৰত্ন ধাৰণ কৰক। ইয়াৰদ্বাৰা আপুনি মঙ্গল গ্ৰহৰ শুভ ফল প্ৰাপ্ত কৰিব পাৰিব। 
  • যদিহে আপুনি প্ৰৱাল ৰত্ন ধাৰণ কৰিব নোৱাৰে তেনেহ’লে আপুনি সোঁ-হাতত তামৰ খাড়ু পৰিধান কৰক।
  • দৈনিক সাত বাৰ হনুমান চালিশা জপ কৰক।
  • প্ৰতি মঙ্গলবাৰে হনুমানজীক বুন্দিয়াৰ প্ৰসাদ আগবঢ়াওক।
  • প্ৰতি মঙ্গলবাৰে হনুমানজীক ৰঙা গোলাপৰ মালা অৰ্পণ কৰক।
  • শণিবাৰে হনুমানজীক চোলা অৰ্পণ কৰক।
  • শণিবাৰে দৰিত্ৰ লোকক গুড়ৰ মিঠাই দান কৰক।
  • দৈনিক মঙ্গলৰ বীজ মন্ত্ৰ পাঠ কৰক।
  • উত্ত স্বাস্থ্যৰ বাবে নিয়মিত গুড় সেৱন কৰক।

সঘনাই সোধা প্ৰশ্ন 

প্ৰশ্ন 1. বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো কেনে যাব?

উত্তৰ. বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটোৱে উন্নতি লৈ আনিব।

প্ৰশ্ন 2. 2024 বৰ্ষত বৃশ্চিক ৰাশিৰ জাতকসকলৰ ভাগ্যোদয় কেতিয়া হ’ব?

উত্তৰ. জানুৱাৰী 2024 ৰপৰা এপ্ৰিল 2024 পৰ্য্যন্ত সময়ছোৱা বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে ফলদায়ক প্ৰমাণিত হ’ব।

প্ৰশ্ন 3. 2024 বৰ্ষটো বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে ভাল হ’ব নে?

উত্তৰ. এই বৰ্ষটোৱে বৃশ্চিক ৰাশিৰ জাতকসকলক মিশ্ৰিত ফলাফল প্ৰদান কৰিব।

প্ৰশ্ন 4. বৃশ্চিক ৰাশিৰ জাতকসকলৰ জীৱনসঙ্গী কোন হ’ব?

উত্তৰ. কৰ্কট ৰাশি আৰু মকৰ ৰাশিৰ জাতকসকল বৃশ্চিক ৰাশিৰ জাতকৰ বাবে উপযুক্ত জীৱনসঙ্গী হ’ব পাৰিব।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক:অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এনেধৰণৰ আৰু অধিক প্ৰৱন্ধ লাভ কৰিবৰ বাবে এষ্ট্ৰোকেম্পৰ সৈতে সংযুক্ত হৈ থাকক। ধন্যবাদ !

More from the section: Horoscope 3754
Buy Today
Gemstones
Get gemstones Best quality gemstones with assurance of AstroCAMP.com More
Yantras
Get yantras Take advantage of Yantra with assurance of AstroCAMP.com More
Navagrah Yantras
Get Navagrah Yantras Yantra to pacify planets and have a happy life .. get from AstroCAMP.com More
Rudraksha
Get rudraksha Best quality Rudraksh with assurance of AstroCAMP.com More
Today's Horoscope

Get your personalised horoscope based on your sign.

Select your Sign
Free Personalized Horoscope 2024
© Copyright 2024 AstroCAMP.com All Rights Reserved