• Talk To Astrologers
  • Brihat Horoscope
  • Ask A Question
  • Child Report 2022
  • Raj Yoga Report
  • Career Counseling
Personalized
Horoscope

তুলা 2024 ৰাশিফল: এষ্ট্ৰোকেম্পৰ তুলা ৰাশিফল পঢ়ক!

Author: Vijay Pathak | Last Updated: Thu 21 Sep 2023 11:42:00 AM

এষ্ট্ৰোকেম্পৰ এই তুলা 2024 ৰাশিফল প্ৰৱন্ধটোৱে তুলা ৰাশিৰ জাতকসকলৰ জীৱনলৈ 2024 বৰ্ষত আহিবলগীয়া পৰিৱৰ্তনসমূহৰ বিষয়ে ভৱিষ্যতবাণী প্ৰদান কৰিব। এই প্ৰৱন্ধটো সম্পূৰ্ণৰূপে বৈদিক জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত যিটো আমাৰ বিদ্বান তথা অভিজ্ঞ জ্যোতিষীসকলে গ্ৰহ-নক্ষত্ৰৰ স্থিতি, গতি-বিধি আৰু দশাৰ গণনা কৰি প্ৰস্তুত কৰি উলিয়াইছে। সেয়েহে আগবাঢ়ি যাওঁ আৰু 2024 বৰ্ষটোত কন্যা ৰাশিৰ জাতকসকলে জীৱনৰ বিভিন্ন ক্ষেত্ৰসমূহত কেনেধৰণৰ ফল লাভ কৰিব সেই বিষয়ে জানো আহক। 

हिंदी मैं पढ़ने के लिए यहाँ क्लिक करें: तुला 2024 राशिफल

2024 বৰ্ষটোৱে তুলা ৰাশিৰ জাতকসকলৰ বাবে মধ্যমীয়া ফল লৈ আহিব। তুলা 2024 ৰাশিফল (Tula 2024 Rashifal) অনুসৰি, গৃহত বৃহস্পতিৰ স্থিতিয়ে আপোনাৰ সম্পৰ্কক শক্তিশালী কৰি তুলিব। লাভ প্ৰদানকাৰী গৰ্হ হিচাপে বৃহস্পতিৰ সপ্তম গৃহত উপস্থিতিৰ ফলত আপুনি শুভ ফল প্ৰাপ্ত কৰিব, কিন্তু ষষ্ঠ গৃহৰ অধিপতি হোৱাৰ বাবে ই আপোনাৰ বৈবাহিক জীৱনত কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে। লগতে, আপুনি নিজৰ জীৱনসঙ্গীৰ স্বাস্থ্যৰ প্ৰতিও সতৰ্কৱান হোৱা উচিত। 01 মে’ 2024 ৰ পিছত বৃহস্পতি বৃষ ৰাশিত আৰু আপোনাৰ অষ্টম গৃহত পৰিবহন কৰিব। 

অষ্টম গৃহত বৃহস্পতিৰ পৰিবহনে আপোনাৰ জীৱনত অনিশ্চয়তা বৃদ্ধি কৰিব পাৰে যাৰ ফলস্বৰূপে আপোনাৰ মন ভয়ৰ সৃষ্টি হ’ব পাৰে কিয়নো ই আপোনাৰ সোঁৱৰণিৰ তৃতীয় আৰু ষষ্ঠ গৃহৰো অধিপতি। এনে পৰিস্থিতিত, আপোনাৰ আকস্মিকভাৱে সহোদৰৰ সৈতে মতভেদ বা বিবাদ হ’ব পাৰে অথবা আপোনাৰ ভাই-ভনীৰ কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। অৱশ্যে, অষ্টম গৃহত বৃহস্পতিৰ উপস্থিতিৰ ফলস্বৰূপে জীৱনসঙ্গীৰ সৈতে আপোনাৰ যুটীয়া সম্পত্তি বৃদ্ধি হোৱাৰ যোগ আছে। লগতে, শহুৰ পৰিয়ালৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ’ব। অষ্টম গৃহত স্থিত বৃহস্পতিৰ দৃষ্টি আপোনাৰ দ্বাদশ, দ্বিতীয় আৰু চতুৰ্থ গৃহত পৰিব আৰু ইয়াৰ ফলস্বৰূপে, ব্য়য় বৃদ্ধি হোৱাও দেখা যাব। অৱশ্যে, এই ব্যয়সমূহ ভাল কামত হ’ব যেনে ঘৰৰ কোনো পূজা বা কোনো অনুষ্ঠানৰ আয়োজন আদিত। কিন্তু বৃহস্পতি গ্ৰহৰ নৱম দৃষ্টি আপোনাৰ চতুৰ্থ গৃহত পৰিব আৰু ফলস্বৰূপে আপোনাৰ নতুন ঘৰ বনোৱাৰ বা নতুন বাহন ক্ৰয় কৰাৰ যোগ আছে। অষ্টম গৃহৰপৰা বৃহস্পতিয়ে আপোনাৰ দ্বিতীয় গৃহত দৃষ্টি দিব, তেতিয়া আপোনাৰ বেংক বেলেঞ্চ বৃদ্ধি হোৱাৰ যোগ আছে।

শণিৰ কথা যদিহে ক’বলৈ যোৱা যায়, তেনেহ’লে ক’ব পাৰি যে তুলা ৰাশিৰ জাতকসকলৰ বাবে শণি যোগকাৰক গ্ৰহ হোৱাৰ লগতে কেন্দ্ৰ (চতুৰ্থ গৃহ) আৰু ত্ৰিকোণ (পঞ্চম গৃহ) ৰো অধিপতি। ই গোটেই বছৰটোত নিজৰ মূলত্ৰিকোণ ৰাশি কুম্ভ আৰু আপোনাৰ পঞ্চম গৃহত উপস্থিত থাকিব। তুলা 2024 ৰাশিফল (Tula 2024 Rashifal) অনুসৰি, শণি দেৱতাৰ এই স্থিতিক তুলা ৰাশিৰ শিক্ষাৰ্থী, প্ৰেমিক-প্ৰেমিকা আৰু পিতৃ-মাতৃসকলৰ বাবে ভাল বুলি ক’ব পৰা যায়। কিন্তু আপুনি মনত ৰাখিব লাগিব যে শণিক কঠোৰ পৰিশ্ৰম আৰু নিৰন্তৰ প্ৰয়াসৰ গ্ৰহ বুলি কোৱা হয়। সেয়েহে শণি দেৱতাই আপোনাক পঞ্চম গৃহত স্থিত হৈ শুভ ফল প্ৰদান কৰিব, কিন্তু শণিৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিবলগীয়াও হ’ব। 

তুলা ৰাশিৰ শিক্ষাৰ্থীসকলৰ সম্পূৰ্ণ ধ্যান এই বৰ্ষটোত পঢ়া-শুনাত থাকিব, বিশেষকৈ কাৰিকৰী বা মেকানিকেল অধ্য়য়ন কৰি থকা শিক্ষাৰ্থীসকলৰ। এই ৰাশিৰ পিতৃ-মাতৃসকলৰ নিজৰ সন্তানৰ প্ৰতি থকা দায়িত্বৰ বিষয়ে উপলব্ধি হ’ব, আনহাতে যিসকল জাতকে অলপতে পিতৃ-মাতৃ হোৱাৰ সৌভাগ্য লাভ কৰিছে তেওঁলোকে কিছু চাপ অনুভৱ কৰিব পাৰে। আনহাতে, তুলা ৰাশিৰ প্ৰেমিক যুগলসকলৰ বাবে 01 মে’ 2024 পৰ্য্যন্তৰ সময়খিনি নিজৰ সম্পৰ্কক বিবাহৰ ৰূপ দিবৰ বাবে ফলদায়ক প্ৰমাণিত হ’ব। অৱশ্যে, আপুনি এই ক্ষেত্ৰত বিলম্ব বা সমস্যাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে, কিন্তু নিৰন্তৰ প্ৰয়াসৰ ফলস্বৰূপে আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ’ব। লগতে, একাদশ আৰু দ্বাদশ গৃহত শণিৰ দৃষ্টিৰ বাবে আপোনাৰ ধন উপাৰ্জনৰ প্ৰৱাহ হ্ৰাস পাব পাৰে।

2024 বৰ্ষত ৰাহু আপোনাৰ ষষ্ঠ গৃহত আৰু কেতু আপোনাৰ দ্বাদশ গৃহত স্থিত হ’ব। এনে পৰিস্থিতিত, ষষ্ঠ গৃহত স্থিত ৰাহুৱে আপোনাক পেট, বৃৃক্ক বা যকৃতৰ সংক্ৰমণ আদি স্বাস্থ্যজনিত সমস্যা প্ৰদান কৰিব পাৰে। সেয়েহে আপুনি সাৱধানে থকা উচিত। যিসকল শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোক কোনো সমস্য়াৰ সম্মুখীন হ’ব পাৰে আৰু আপোনাৰ সৈতে ষড়যন্ত্ৰ হোৱাৰো সম্ভাৱনা আছে বুলি তুলা 2024 ৰাশিফল (Tula 2024 Rashifal) য়ে প্ৰকাশ কৰে। যিসকল লোকৰ কোনো আইনী মোকৰ্দমা চলি আছে তেওঁলোক প্ৰতিদ্বন্দীসকলৰ ওচৰত পৰাজিত হ’ব পাৰে। ইয়াৰ বিপৰীতে, জ্বাদশ গৃহত স্থিত কেতুৱে আপোনাক আধ্যাত্মিক দিশলৈ আগবঢ়াই লৈ যাব আৰু আপুনি কোনো ধৰ্মীয় তীৰ্থস্থানলৈ যোৱাৰ বাবে পৰিকল্পনা কৰিব পাৰে। 

Click here to read in English: Libra 2024 Horoscope

01 মে’ 2024 ত হ’বলগীয়া দ্বৈত পৰিবহনৰ বাবে আপোনাৰ সপ্তম আৰু একাদশ গৃহ সক্ৰিয় হৈ উঠিব যি আপোনাৰ বাবে ফলদায়ক প্ৰমাণিত হ’ব। একাদশ গৃহ সক্ৰিয় হোৱাৰ ফলস্বৰূপে আপোনাৰ আকাংক্ষা পূৰণ, ধন লাভ হোৱাৰ লগতে সামাজিক চক্ৰ বৃদ্ধি হ’ব। যিসকল জাতকৰ নিজৰ ব্যৱসায় আছে তেওঁলোকৰ বাবে এই সময়খিনি ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰিবৰ বাবে অথবা অংশীদাৰী ব্যৱসায় আৰম্ভ কৰিবৰ বাবে ভাল হ’ব। তুলা ৰাশিৰ যিসকল জাতক বিবাহ-পাশত আৱদ্ধ হ’ব বাবে আগ্ৰহী তেওঁলোকৰ বাবে সপ্তম গৃহ সক্ৰিয় হোৱাটোক উত্তম বুলি ক’ব পৰা যায়। ইয়াৰ পিছত, 01 মে’ 2024 ত বৃহস্পতি বৃষ ৰাশি আৰু আপোনাৰ অষ্টম গৃহত পৰিবহন কৰিব যাৰ ফলত আপোনাৰ দ্বিতীয় গৃহ সক্ৰিয় হৈ উঠিব। ইয়াৰ ফলস্বৰূপে, আপোনাৰ বেংক-বেলেঞ্চৰ লগতে সঞ্চয়ো হ’ব। এই সময়ছোৱাত সাংসাৰিক পৰিৱেশো কুশল হ’ব। এই সময়খিনিত আপোনাৰ পৰিয়াললৈ কোনো নতুন সদস্যৰ আগমন হোৱাৰ সম্ভাৱনা আছে।

যদিহে আমি আপোনাৰ লগ্ন গৃহৰ অধিপতি শুক্ৰৰ কথা ক’বলৈ যাওঁ, তেনেহ’লে 19 মে’ৰপৰা 12 জুন 2024 আৰু তাৰপিছত 18 ছেপ্তেম্বৰৰপৰা 13 অক্টোবৰ পৰ্য্যন্ত সময়খিনি আপোনাৰ বাবে অনুকূল হ’ব কাৰণ এই সময়খিনিত শুক্ৰই স্বয়ং নিজৰ ৰাশিত পৰিবহন কৰিব। কিন্তু, আপুনি 25 আগষ্টৰপৰা 18 ছেপ্তেম্বৰ 2024 ৰ সময়ছোৱাত সতৰ্কৱান হৈ থকা উচিত কাৰণ আপোনাৰ লগ্ন গৃহৰ অধিপতি শুক্ৰ নিম্ন অৱস্থাত দ্বাদশ গৃহত পৰিবহন কৰিব। মুঠতে, এই বৰ্ষটোৱে আপোনাক উন্নতি প্ৰদান কৰিব। অৱশ্যে, আপোনাক পৰামৰ্শ দিয়া হয় যে জীৱনলৈ অহা অনিশ্চয়তাবোৰৰ বাবে ভয় নাখাব আৰু লাভ কৰা সকলো সুযোগ ভালদৰে বুজি লৈ সেইবোৰৰ সুবিধা গ্ৰহণ কৰক। 

আহক এতিয়া আগবাঢ়ি যাওঁ আৰু বিস্তাৰিতভাৱে জানো এই 2024 বৰ্ষটো তুলা ৰাশিৰ জাতকসকলৰ বাবে কেনে হ’ব?

পৃথিৱীৰ বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনযোগে কথা পাতক আৰু জানক কেৰিয়াৰ সম্পৰ্কীয় সকলো তথ্য

তুলা ৰাশি: আৰ্থিক জীৱন

আৰ্থিক দৃষ্টিকোণৰপৰা এই 2024 বৰ্ষটো আপোনাৰ বাবে ভাল হ’ব কিয়নো তুলা 2024 ৰাশিফল (Tula 2024 Rashifal) অনুসৰি, 01 মে’ 2024 ত বৃহস্পতি আৰু শণিৰ দ্বৈত পৰিবহনৰ বাবে আপোনাৰ একাদশ গৃহ (সিংহ ৰাশি) সক্ৰিয় হৈ উঠিব। ইয়াৰ ফলস্বৰূপে, আপুনি ধন উপাৰ্জনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ’ব পাৰে। লগতে, আপোনাৰ আয় বৃদ্ধি কৰাৰ নতুন সুযোগো লাভ কৰিব পাৰে। 01 মে’ 2024 ৰ পিছত হ’বলগীয়া দ্বৈত পৰিবহনৰ বাবে আপোনাৰ দ্বিতীয় গৃহ (বৃশ্চিক ৰাশি) সক্ৰিয় হৈ উঠিব যাৰ ফলত গোটেই বৰ্ষটোত আপোনাৰ বেংক-বেলেঞ্চ বৃদ্ধি হ’ব আৰু লগতে, আপুনি সঞ্চয় কৰাতো সফল হ’ব। অৱশ্যে, 20 অক্টোবৰ 2024 ৰপৰা বৰ্ষটোৰ শেষলৈকে আপুনি আৰ্থিক বিষয়ত সতৰ্কৱান হৈ থকা উচিত কিয়নো আপোনাৰ দ্বিতীয় গৃহৰ অধিপতি মঙ্গল এই সময়ছোৱাত দুৰ্বল অৱস্থাত থাকিব।

আনহাতে, বৃহস্পতিৰ অষ্টম গৃহত পৰিবহনৰ বাবে জীৱনসঙ্গীৰ সৈতে আপোনাৰ যুটীয়া সম্পত্তিৰ বৃদ্ধি হ’ব। তুলা 2024 ৰাশিফল (Tula 2024 Rashifal) য়ে ভৱিষ্যতবাণী কৰে যে অষ্টম গৃহৰপৰা বৃহস্পতিৰ দৃষ্টি আপোনাৰ দ্বাদশ, দ্বিতীয় আৰু চতুৰ্থ গৃহত পৰিব আৰু ইয়াৰ ফলস্বৰূপে, আপোনাৰ ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, এই ব্যয় শুভ কাৰ্য্য যেনে ঘৰৰ কোনো পূজা বা কোনো অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে হ’ব। লগতে, আপুনি নতুন ঘৰ বনাব বা ক্ৰয় কৰিব পাৰে বা নতুন বাহন ক্ৰয় কৰাৰো যোগ আছে কাৰণ নৱম গৃহৰপৰা বৃহস্পতিৰ দৃষ্টি আপোনাৰ চতুৰ্থ গৃহত পৰিব। মুঠ কথাত, এই বৰ্ষটো তুলা ৰাশিৰ জাতকসকলৰ বাবে আৰ্থিক দৃষ্টিকোণৰপৰা ফলদায়ক প্ৰমাণিত হ’ব আৰু এই সময়ছোৱাত আপোনাৰ ধন-সম্পত্তি বৃদ্ধি হ’ব।

আপোনাৰ সোঁৱৰণি শুভ যোগ আছে নে বাৰু? জানিবৰ বাবে এতিয়াই ক্ৰয় কৰক বৃহ ৰাশিফল

তুলা ৰাশি: স্বাস্থ্য

স্বাস্থ্যৰ দিশৰপৰা, 2024 বৰ্ষটো আপোনাৰ বাবে বিশেষ ভাল নোহোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, কোনো ডাঙৰ সমস্যা নাহে, কিন্তু আপুনি সুস্বাস্থ্য ধৰি ৰাখিবৰ বাবে প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব লাগিব। তুলা 2024 ৰাশিফল (Tula 2024 Rashifal) অনুসৰি ষষ্ঠ গৃহত ৰাহুৰ স্থিতিৰ বাবে আপুনি পাকস্থলী, বৃক্ক বা যকৃতৰ সংক্ৰমণ আদি স্বাস্থ্যজনিত সমস্যাৰ সম্মুখীন হ’ব পাৰে। সেয়েহে আপুনি এই বৰ্ষটোত সাৱধানে থকা উচিত।

01 মে’ 2024 ৰ পিছত বৃহস্পতি আপোনাৰ অষ্টম গৃহত পৰিবহন কৰাৰ ফলত আপুনি স্বাস্থ্যজনিত সমস্যাৰ সম্মুখীন হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত ওজন বৃদ্ধি, মধুমেহ, চৰ্বিযুক্ত যকৃৎ আৰু পাচনৰ লগত জড়িত সমস্যাই আপোনাক অসুবিধাত পেলাব পাৰে। অষ্টম গৃহত স্থি বৃহস্পতিয়ে স্বাস্থ্যৰ বাবে হ’বলগীয়া ব্যয় বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। যদিহে আপুনি স্বাস্থ্যৰ প্ৰতি অলপমানো অসাৱধান হৈ পৰে, তেনেহ’লে দ্বাদশ গৃহত স্থিত কেতুৰ বাবে আপুনি চিকিৎসায়লত ভৰ্তি হ’বলগীয়া পৰিস্থিতি পৰ্য্যন্ত আহিব পাৰে। বিশেষকৈ, 25 আগষ্টৰপৰা 18 ছেপ্তেম্বৰৰ মাজত আপুনি অত্যন্ত সাৱধানে থকা উচিত কৰাণ আপোনাৰ লগ্ন গৃহৰ অধিপতি শুক্ৰ দুৰ্বল অৱস্থাত দ্বাদশ গৃহত পৰিবহন কৰিব।

আনহাতে, বছৰটোৰ শেষলৈ আপোনাৰ থায়ৰইড বা ডিঙিৰ লগত জড়িত সমস্যাই দেখা দিব পাৰে। এনে পৰিস্থিতিত, আপুনি নিয়মিতভাৱে স্বাস্থয পৰীক্ষা কৰোৱা উচিত। তুলা ৰাশিৰ জাতকসকলে এই গোটেই বৰ্ষটোত সুস্বাস্থ্য অটুত ৰাখিবৰ বাবে নিয়মিতভাৱে ব্যায়াম আৰু ধ্যান কৰা উচিত। লগতে, সন্তুলিত খাদ্যাভ্যাস গ্ৰহণ কৰিব লাগিব। কিন্তু আপুনি তেলজাতীয় আৰু মিঠা বস্তু খোৱা পৰিহাৰ কৰা উচিত।

তুলা ৰাশি: কেৰিয়াৰ

তুলা ৰাশিৰ জাতকসকলৰ বাবে চন্দ্ৰ আপোনাৰ দশম গৃহৰ অধিপতি যি অতি শীঘ্ৰে নিজৰ ৰাশি পৰিৱৰ্তন কৰে আৰু আৱেগিক দিশৰপৰা আপোনাক বৃত্তিগত জীৱনৰ সৈতে জড়িত কৰে। তুলা 2024 ৰাশিফল (Tula 2024 Rashifal) অনুসৰি, কেৰিয়াৰৰ ক্ষেত্ৰত দেখা যায় 2024 বৰ্ষত আপুনি বৃত্তিগত জীৱনত মধ্যমীয়া ফল লাভ কৰিব। অৱশ্যে, আপোনাৰ দশম গৃহত কোনো গ্ৰহৰ শুভ বা অশুভ প্ৰভাৱ নাই, কিন্তু 01 মে’ 2024 পৰ্য্যন্ত আপোনাৰ একাদশ গৃহ সক্ৰিয় হৈ থাকিব আৰু ই আপোনাক পূৰ্বতে কৰা কঠোৰ পৰিশ্ৰমৰ ফল পৰ্দান কৰিব।

সৰু-সুৰা প্ৰত্যাহ্বান থকা স্বত্বেও পদোন্নতি লাভ কৰাৰ সম্ভাৱনা আছে যি আপোনাক কষ্ট আৰু একাগ্ৰতাৰদ্বাৰা কাম কৰিবৰ বাবে অনুপ্ৰাণিত কৰিব। আপোনাৰ দ্বিতীয় গৃহৰ সক্ৰিয়কৰণে সূচিত কৰে যে আপুনি নিজৰ ঘৰ-সংসাৰ সুন্দৰভাৱে চলাবলৈ আৰু কথাৰ জোৰৰদ্বাৰা কাৰ্য্যালয়ত লোকসকলক সন্তুষ্ট কৰিবলৈ সক্ষম হ’ব। যদিহে আপুনি ফ্ৰীলাঞ্চ এডভাইজাৰ বা কাউন্সিলাৰ, তেনেহ’লে আপুনি এই সময়ছোৱাত ভাল উপাৰ্জন কৰিব পাৰিব।

তুলা ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো ভালেৰে যাব, কিন্তু 20 অক্টোবৰৰপৰা বছৰটোৰ শেষলৈকে আপুনি সাৱধানে থাকিব লাগিব কিয়নো মঙ্গলে আপোনাৰ দশম গৃহত পৰিবহন কৰিব আৰু নিম্ন অৱস্থাত স্থিত হ’ব। এনে পৰিস্থিতিত, ই আপোনাৰ বৃত্তিগত জীৱনত সমস্যাৰ সৃষ্টি কৰিব। আপুনি সকলো কাৰ্য্য গম্ভীৰভাৱে কৰিব, কিন্তু ভুল পথত আগবঢ়াৰ বাবে আপুনি শণি আৰু বদমানৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। বিশেষকৈ, ৰিয়েল ইষ্টেট বা কাৰিকৰী ক্ষেত্ৰত কাম কৰা লোকসকলৰ ক্ষেত্ৰত। লগতে, এই লোকসকল কৰ্মক্ষেত্ৰত খঙাল বা আক্ৰমণাত্মক হৈ পৰা দেখা যাব পাৰে যাৰ বাবে কাৰোবাৰ সৈতে মতভেদ বা যুক্তি-তৰ্ক হ’ব পাৰে। এনে পৰিস্থিতিত, আপুনি নিজকে শান্ত ৰখাৰ লগতে সতৰ্কৱান হৈ থকা উচিত তথা কথা কওঁতে ভাবি-চিন্তি শব্দৰ প্ৰয়োগ কৰা উচিত। 

ৰাজ যোগৰ সময় জানিবৰ বাবে-এতিয়াই অৰ্ডাৰ কৰক: ৰাজ যোগ প্ৰতিৱেদন

তুলা ৰাশি: শিক্ষা

তুলা ৰাশিৰ জাতকসকলৰ শিক্ষাৰ ক্ষেত্ৰত দেখা যায়, শণি আপোনাৰ যোগকাৰক গ্ৰহ হোৱাৰ লগতেকেন্দ্ৰ (চতুৰ্থ গৃহ) তথা ত্ৰিকোণ (পঞ্চম) গৃহৰো অধিপতি। ই গোটেই বৰ্ষটোত অৰ্থাৎ 2024ত আপোনাৰ পঞ্চম গৃহত আৰু আপোনাৰ মূলত্ৰিকোণ ৰাশি কুম্ভত বিৰাজমান হ’ব। তুলা 2024 ৰাশিফল (Tula 2024 Rashifal) অনুসৰি, তুলা ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে শণি দেৱতাৰ এই স্থিতিক অত্যন্ত শুভ বুলি গণ্য কৰা হয় আৰু ইয়াৰ ফলস্বৰূপে, আপোনাৰ সকলো জ্ঞান শিক্ষাত নিৱিষ্ট হ’ব, বিশেষকৈ টেকনিকেল বা মেকানিকেল অধ্যয়ন কৰি থকা শিক্ষাৰ্তীসকলৰ ক্ষেত্ৰত।

অৱশ্যে, শণিক পৰিশ্ৰম আৰু নিৰন্তৰ প্ৰয়াসৰ গ্ৰহ বুলিও কোৱা হয়। এনেক্ষেত্ৰত, আপুনি লক্ষ্যত উপনীত হ’বৰ বাবে যথেষ্ট কষ্ট কৰিব লাগিব। কিন্তু, যদিহে আপোনাৰ সোঁৱৰণিত শণি দুৰ্বল স্থিতিত আছে, অথবা দশা অনুকূল নহয়, তেনেহ’লে আপুনি অধ্যয়নৰ ক্ষেত্ৰত ফলা প্ৰাপ্তিত বিলম্ব বা কোনো বাধাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। ষষ্ঠ গৃহত ৰাহুৰ উপস্থিতিয়ে সেইসকল শিক্ষাৰ্থীৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে যিসকলে কোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে। এই সময়ছোৱাত আপুনি সমস্যাৰ সম্মুখীন হ’ব পাৰে, আপোনাৰ বিৰূদ্ধে ষড়যন্ত্ৰ হ’ব পাৰে অথবা আপোনাৰ বিৰূদ্ধে বিশ্বাসঘাটকতাৰ আৰোপ লাগিব পাৰে। তেনেস্থলত, যিসকল শিক্ষাৰ্থীয়ে ভুল পথ লৈছে সেইসকলে এইখিনি সময়ত সমস্যাত পৰাৰ সম্ভাৱনা আছে। যি কি নহওক, মুঠতে এই সময়ছোৱা আপোনাৰ বাবে কিছু জটিলতাপূৰ্ণ হ’ব পাৰে। অধ্যয়নৰ ক্ষেত্ৰত বিকাশ লাভ কৰিবৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব।

বিনামূলীয়া অনলাইন জন্ম ৰাশিফল

তুলা ৰাশি: পাৰিবাৰিক জীৱন

তুলা ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱন 2024 বৰ্ষত ভালেৰে যাব। ফেব্ৰুৱাৰী মাহত আপোনাৰ ঘৰুৱা পৰিৱেশত হাঁহি-স্ফূৰ্তি বিৰাজমান হ’ব। তুলা 2024 ৰাশিফল (Tula 2024 Rashifal) অনুসৰি ক’ব পৰা যায় যে দ্বাদশ গৃহত কেতুৰ উপস্থিতিৰ বাবে পৰিয়ালৰ সৈতে দূৰৈৰ কোনো তীৰ্থস্থান বা ধৰ্মীয় যাত্ৰালৈ যোৱাৰ যোগ আছে। নৱম গৃহত বৃহস্পতিৰ পৰিবহনৰ বাবে জীৱনসঙ্গীৰ সৈতে আপোনাৰ যুটীয়া সম্পত্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। লগতে, শহুৰ পৰিয়ালৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ’ব।

অষ্টম গৃহত বিৰাজমান বৃহস্পতিৰ দৃষ্টি আপোনাৰ দ্বাদশ, দ্বিতীয় আৰু চতুৰ্থ গৃহত পৰিব। এনেস্থলত, বৃহস্পতিৰ দৃষ্টি দ্বাদশ গৃহত পৰাৰ বাবে আপোনাৰ ব্যয় বৃদ্ধি হ’ব পাৰে আৰু এই ব্য়য় পূজা-পাঠ, অনুষ্ঠান আদিৰ দৰে শুভ কাৰ্য্যৰ বাবে হ’ব। লগতে, চতুৰ্থ গৃহত বৃহস্পতিৰ নৱম দৃষ্টি পৰিব আৰু ইয়াৰ ফলত আপোনাৰ নতুন ঘৰ বনোৱাৰ বাবে বাহন ক্ৰয় কৰাৰ যোগ সৃষ্টি হ’ব।

তুলা ৰাশিৰ যিসকল জাতকে এই বৰ্ষত সন্তান প্ৰাপ্তিৰ বাবে প্ৰয়াস কৰিছে, তেওঁলোকে সেইক্ষেত্ৰত সফলতা প্ৰাপ্ত কৰাৰ যোগ আছে। বছৰটোৰ শেষত আপুনি সাৱধানে থাকিব লাগিব কিয়নো বৃত্তিগত জীৱনৰ বাবে আপোনাৰ পাৰিবাৰিক জীৱন প্ৰভাৱিত হ’ব পাৰে। লগতে, ভুল বুজাবুজিৰ বাবে পৰিয়ালত আপুনি বিবাদৰ সম্মুখীন হ’ব পাৰে।

এতিয়া আপোনাৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ লাভ কৰক:এগৰাকী বিদ্বান জ্যোতিষীক প্ৰশ্ন সোধক

তুলা ৰাশি: বৈবাহিক জীৱন

তুলা ৰাশিৰ সেইসকল প্ৰেমিক যুগলৰ বাবে 01 মে’ 2024 পৰ্য্যন্ত সময়ছোৱা অনুকূল হ’ব যিসকলে নিজৰ সম্পৰ্কক বিবাহৰ ৰূপ দিব বিচাৰে, কিন্তু তেওঁলোকে পৰিয়াল আৰু আপোনা মানুহৰপৰা বাধাৰ সম্মুখীন হৈ আহিছে। তুলা 2024 ৰাশিফল (Tula 2024 Rashifal) অনুসৰি, এনে ক্ষেত্ৰত, এই বৰ্ষটোত আপোনাৰ প্ৰেমক বিবাহলৈ ৰূপান্তৰ কৰাৰ আকাংক্ষা পূৰণ হোৱাৰ যোগ আছে।

সপ্তম গৃহত ৰাহুৰ স্থিতিৰ বাবে আপুনি যিবোৰ সমস্যাৰ সম্মুখীন হৈ আছিল এতিয়া আপুনি সেইবোৰৰ পৰা সকাহ লাভ কৰিব আৰু আপুনি জীৱনসঙ্গীৰ সৈতে মধুৰ সময় উপভোগ কৰিব পাৰিব। যিসকল জাতক পূৰ্বৰেপৰাই সম্পৰ্কত আছে তেওঁলোক বিবাহ-পাশত আৱদ্ধ হ’ব পাৰে। এই ৰাশিৰ যিসকল অকলশৰীয়া জাতক বিবাহৰ বাবে আগ্ৰহী তেওঁলোকে বছৰটোৰ প্ৰথম ভাগতেই বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে, কাৰণ বৃহস্পতি আৰু শণিৰ দ্বৈত পৰিবহনৰ বাবে আপোনাৰ সপ্তম গৃহ সক্ৰিয় হৈ থাকিব।

পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শণি প্ৰতিৱেদন

তুলা ৰাশি: প্ৰেম জীৱন

তুলা ৰাশিৰ যিসকল জাতক কাৰোবাৰ সৈতে সম্পৰ্কত আছে আৰু সঙ্গীৰ সৈতে বিয়াত বহিব খোজে, কিন্তু ঘৰ-পৰিয়ালৰ বাবে তেওঁলোকে বাধাৰ সম্মুখীন হৈ আছে, তেওঁলোকে এই সময়ছোৱাত নিজৰ সঙ্গীৰ সৈতে বিবাহ-পাশত আৱদ্ধ হোৱাৰ যোগ আছে, এইবুলি তুলা 2024 ৰাশিফল (Tula 2024 Rashifal) য়ে প্ৰকাশ কৰে।

01 মে’ 2024 পৰ্য্যন্ত সময়খিনি তুলা ৰাশিৰ প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে ফলদায়ক প্ৰমাণিত হ’ব। আপোনাৰ সম্পৰ্কই বিবাহৰ ৰূপ পাব পাৰে। যি কি নহওক, আপুনি বিলম্ব আৰু সমস্যাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে কিন্তু নিৰন্তৰ প্ৰচেষ্টাৰদ্বাৰা আপুনি পৰিস্থিতিক নিজৰ পক্ষলৈ আনিবলৈ সক্ষম হ’ব। 

তুলা 2024 ৰাশিফলৰ বিষয়ে অধিক জানিবৰ বাবে- শ্ৰেষ্ঠ জ্যোতিষীসকলৰ সৈতে কথা পাতক

তুলা 2024 ৰাশিফল: প্ৰতিকাৰসমূহ

  • মাতা লক্ষ্মীৰ পূজা কৰক আৰু তেওঁক শুক্ৰবাৰে ৰঙা ৰঙৰ ফুল অৰ্পণ কৰক।
  • প্ৰতিদিনে শুক্ৰ হোৰাৰ সময়ত শুক্ৰ মন্ত্ৰ জপ বা ধ্যান কৰক। 
  • শুক্ৰ দেৱতাৰ পৰা শুভ ফল প্ৰাপ্ত কৰিবৰ বাবে সোঁ-হাতৰ আঙুলিত সোণৰ আঙুঠিত উন্নত মানদণ্ডৰ ওপেল বা হীৰা ধাৰণ কৰক।
  • শোৱনিকোঠাত সদায় কোৱাৰ্টজ্ ষ্ট’ন ৰাখক।
  • চৌপাশ সুগন্ধময় কৰি ৰাখক।
  • ঘৰৰপৰা বাহিৰলৈ ওলোৱাৰ সময়ত মিঠা খাই যাওক আৰু আনৰ সৈতে কথা পাতোঁতে বিনম্ৰতা বজাই ৰাখক।
  • তুলা ৰাশিৰ পুৰুষ জাতকসকলে নিজৰ পত্নী বা প্ৰেমিকাক কোনো উপহাৰ বা পাৰফিউম দিয়ক। 

 

সঘনাই সোধা প্ৰশ্ন

প্ৰশ্ন.1 তুলা ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো কেনে হ’ব?

উত্তৰ : তুলা ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো আৰ্থিক দিশৰপৰা অত্যন্ত ভাল হ’ব। 

প্ৰশ্ন.2 2024 বৰ্ষত তুলা ৰাশিৰ জাতকসকলৰ ভাল দিন কেতিয়া আহিব?

উত্তৰ : তুলা ৰাশিৰ জাতকসকলে মাৰ্চ 2024 ৰ সময়খিনিত কাৰ্য্যত সফলতা প্ৰাপ্ত কৰিব।

প্ৰশ্ন.3 তুলা ৰাশিৰ জাতকসকলে কোন দেৱতাৰ পূজা কৰা উচিত?

উত্তৰ : তুলা ৰাশিৰ জাতকসকলে ভগৱান শিৱৰ পূজা কৰিলে তেওঁলোকৰ বাবে ফলদায়ক হ’ব।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক:অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এনেধৰণৰ আৰু অধিক প্ৰৱন্ধ লাভ কৰিবৰ বাবে এষ্ট্ৰোকেম্পৰ সৈতে সংযুক্ত হৈ থাকক। ধন্যবাদ !

More from the section: Horoscope 3753
Buy Today
Gemstones
Get gemstones Best quality gemstones with assurance of AstroCAMP.com More
Yantras
Get yantras Take advantage of Yantra with assurance of AstroCAMP.com More
Navagrah Yantras
Get Navagrah Yantras Yantra to pacify planets and have a happy life .. get from AstroCAMP.com More
Rudraksha
Get rudraksha Best quality Rudraksh with assurance of AstroCAMP.com More
Today's Horoscope

Get your personalised horoscope based on your sign.

Select your Sign
Free Personalized Horoscope 2025
© Copyright 2024 AstroCAMP.com All Rights Reserved